--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • প্রকৃতি ভ্রমণ, চাইকেল ট্রেইল, ইকষ্টে', জনগোষ্ঠীয় ৰেষ্টুৰেণ্ট আৰু নাও ছাফাৰীৰ জৰিয়তে পৰ্যটকসকলে কাজিৰঙাৰ বিস্তৃত প্রাকৃতিক পৰিৱেশক অধিক ওচৰৰ পৰা উপভোগ কৰাৰ সুযোগ লাভ কৰিছে। একে সময়তে এনে পর্যটন ব্যৱস্থাই স্থানীয় লোকসকলৰ বাবে নতুন উদ্যোগ আৰু উপাৰ্জনৰ পথ মুকলি কৰিছে।

ডিজিটেল ডেস্ক: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এতিয়া বিশ্ব পৰ্যটনৰ মানচিত্রত এক গুৰুত্বপূৰ্ণ পর্যটনস্থলী হিচাপে উজলি উঠিছে। প্রতিবছৰে কাজিৰঙালৈ পৰ্যটকৰ আগমন বৃদ্ধি পোৱাৰ লগতে নতুন অভিলেখো সৃষ্টি হৈছে। ২০২৫-২৬ পর্যটন বর্ষত কাজিৰঙালৈ দেশী-বিদেশী মিলাই মুঠ ৪,৫৮,৬১৮জন পৰ্যটকৰ আগমন ঘটে। পূৰ্বৰ ২০২৪-২৫ পর্যটন বর্ষত এই সংখ্যা আছিল ৪,২২,৬৩৮ জন। অর্থাৎ এবছৰত পৰ্যটকৰ সংখ্যা ৩৫,৯৮০ জন বৃদ্ধি পোৱাৰ লগতে প্রায় ৮.৫ শতাংশ বৃদ্ধি ঘটিছে। 


বিশ্ব পর্যটন দিৱস উপলক্ষে এই তথ্য প্রকাশ কৰি ৰাজ্যৰ বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে কাজিৰঙা ভ্ৰমণৰ অভিজ্ঞতা এতিয়া কেৱল পৰম্পৰাগত জীপ ছাফাৰীৰ মাজতে সীমাবদ্ধ হৈ থকা নাই। প্রকৃতি ভ্রমণ, চাইকেল ট্রেইল, ইকষ্টে', জনগোষ্ঠীয় ৰেষ্টুৰেণ্ট আৰু নাও ছাফাৰীৰ জৰিয়তে পৰ্যটকসকলে কাজিৰঙাৰ বিস্তৃত প্রাকৃতিক পৰিৱেশক অধিক ওচৰৰ পৰা উপভোগ কৰাৰ সুযোগ লাভ কৰিছে। একে সময়তে এনে পর্যটন ব্যৱস্থাই স্থানীয় লোকসকলৰ বাবে নতুন উদ্যোগ আৰু উপাৰ্জনৰ পথ মুকলি কৰিছে। 


মন্ত্ৰীগৰাকীয়ে লগতে কয় যে অসমৰ বিভিন্ন প্রান্তত এই আর্হিক অধিক শক্তিশালী কৰাটো চৰকাৰৰ লক্ষ্য। ইয়াৰ জৰিয়তে প্রাকৃতিক ঐতিহ্য সংৰক্ষণৰ লগতে দায়িত্বশীল পৰ্যটনৰ নতুন ক্ষেত্ৰ সৃষ্টি আৰু সংৰক্ষণৰ অৰ্থনৈতিক সুফল বনাঞ্চলৰ কাষত বসবাস কৰা স্থানীয় সম্প্রদায়সমূহৰ মাজলৈ পোনপটীয়াকৈ লৈ যোৱাত গুৰুত্ব দিয়া হৈছে। বিগত বৰ্ষৰ তুলনাত এইবাৰ বিদেশী পৰ্যটকৰ আগমনো বৃদ্ধি পোৱাৰ তথ্য পোৱা গৈছে। 


ইফালে, সমগ্ৰ বিশ্বৰ লগতে কাজিৰঙাতো শনিবাৰে বিভিন্ন কাৰ্যসূচীৰে বিশ্ব পর্যটন দিৱস উদযাপন কৰা হয়। এই উপলক্ষে কাজিৰঙাৰ কঁহৰাস্থিত বন বিভাগৰ পৰমানন্দ লাহন প্রেক্ষাগৃহত পর্যটন বিভাগ, কাজিৰঙা উন্নয়ন আৰু জীপ ছাফাৰী সন্থা তথা ৱেভাৰ্ছ নেষ্টৰ যৌথ উদ্যোগত বক্তৃতা, সম্বর্ধনা আদি বিভিন্ন কার্যসূচী অনুষ্ঠিত হয়। কাজিৰঙা উন্নয়ন আৰু জীপ ছাফাৰী সন্থাৰ সম্পাদক বিতোপন গগৈয়ে জানিবলৈ দিয়া মতে, কাজিৰঙা শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য ৰঞ্জন ৰাজখোৱাই বন্তি প্রজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে। 


অনুষ্ঠানত এইবাৰৰ বিশ্ব পৰ্যটন দিৱসৰ বিষয়বস্তু সন্দৰ্ভত বক্তব্য আগবঢ়ায় তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষক প্রহ্লাদ বৰাই। অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়া অৰুণ বিঘ্নেশ, কাজিৰঙা উন্নয়ন আৰু জীপ ছাফাৰী সন্থাৰ উপ-সভাপতি দিগন্ত বৰা, ধ্ৰুৱজ্যোতি দাস আদিয়ে বক্তব্য আগবঢ়ায়। অনুষ্ঠানত কাজিৰঙাৰ জ্যেষ্ঠ সাংবাদিক স্বপন নাথ আৰু লেখক তৰুণ ৰাজখোৱাক জাতীয় বস্ত্ৰৰে আদৰণি জনোৱা হয়। 


বিশ্ব পৰ্যটন দিৱসৰ লগত সংগতি ৰাখি পৰ্যটন ব্যৱসায়ৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা দীপক দাস, সঞ্জীৱ (ৰিংকু) বেজবৰুৱা, মইনা ক্ৰামছাপি, ত্রিদিপ দেৱ, দিলীপ দাস আৰু তৰুণ গগৈক সম্বর্ধনা জনোৱা হয়। আনহাতে, কাজিৰঙা টুৰিষ্ট গাইড সন্থাই পূৰ্বৰ বৰ্ষৰ দৰে এইবাৰো ধীৰেন ফুকন আৰু দীপক দাসক গামোচা আৰু মানপত্ৰৰে সম্বর্ধনা জনায়। ইফালে, বিশ্ব পর্যটন দিৱসৰ সৈতে সংগতি ৰাখি কাজিৰঙা টুৰিষ্ট গাইড সন্থা, হোটেল এণ্ড ৰিজ'ৰ্ট সন্থা আৰু গ্ৰীন ফিউচাৰৰ উদ্যোগত পর্যটন পথ, কঁহৰা চিকিৎসালয় চৌহদকে ধৰি বিভিন্ন স্থানত স্বচ্ছতা অভিযান চলোৱা হয়।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা