--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জীৱন যাত্ৰা চলি থাকে মানে মানুহৰ সংগ্ৰাম অব্যাহত থাকে। সকলোৰে সংগ্ৰামৰ কাহিনী বেলেগ বেলেগ। কিছুমান সংগ্ৰামী জীৱনে অন্য মানুহৰ জীৱনত প্ৰেৰণা সিঁচি থৈ যায়। এজন যুৱকৰ জীৱন সংগ্ৰামে এতিয়া সকলোতে লভিছে চৰ্চা। যুৱকজনৰ নাম অবিনাশ কুমাৰ শুক্লা। হাৰিয়ানাৰ ফৰিদাবাদৰ বাসিন্দা অবিনাশ কুমাৰ শুক্লাৰ জীৱন কাহিনীয়ে সকলোকে আৱেগিক কৰি যায় যদিও জীৱন যাত্ৰাত আগুৱাই যাবলৈ প্ৰেৰণাও যোগায়।  

দিল্লী বিশ্ববিদ্যালয়ৰ স্কুল অৱ অপেন লাৰ্ণিঙৰ পৰা বাণিজ্য শাখাত স্নাতক ডিগ্ৰী গ্ৰহণ কৰে অবিনাশ কুমাৰে। শুক্লাই ৰিলায়েন্স ট্ৰেণ্ডছ, মেকড’নাল্ডছ, আমাজন, উবেৰকে ধৰি কিছুমান আগশাৰীৰ কোম্পানীৰ সৈতে কাম কৰিছে। ২০২১ চনত পিতৃৰ মৃত্যুৰ পাছত তেওঁ ঘৰখনৰ দায়িত্ব ল’ব লগাত পৰে।

অবিনাশ আৰু তেওঁৰ পৰিয়ালে আৰ্থিকভাৱে সংগ্ৰাম কৰিবলৈ আৰম্ভ কৰে। প্ৰায় তিনিমাহ অবিনাশ নিবনুৱা হৈ আছিল। ক'তো তেওঁ কোনো চাকৰি নাপালে। ইয়াৰ পিছত অবিনাশে খাদ্য বিক্ৰী কৰিবলৈ আৰম্ভ কৰে। আৰ্থিক অসুবিধাৰ সৈতে যুঁজি যুঁজি তেওঁ ইয়াৰ পৰা পৰিত্ৰাণ বিচাৰি মটৰ চাইকেলখনেৰে ইডলি-সম্বৰ ষ্টল এখন খুলিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। ইডলি-সম্বৰৰ এখন প্লেট অবিনাশে বিক্ৰী কৰে ২০ টকাত। 

এজন ইউটিউবাৰে শুক্লাৰ এই যাত্ৰাৰ ভিডিঅ’গ্ৰাফী কৰি পাছত ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে। এতিয়া সেই ভিডিঅ’ ভাইৰেল হৈ আছে ছ’চিয়েল মিডিয়াত। 

অবিনাশে জনোৱা মতে, মেকড’নাল্ডছত কাম কৰি থাকোঁতে তেওঁ নিজাকৈ খাদ্য ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু বাইক লেভেলত ফুড ষ্টলৰ কোনো পৰিকল্পনা নাছিল। পিতৃৰ মৃত্যুৰ পাছত আৰ্থিক অসুবিধাই তেওঁলোকৰ জীৱন ঘেৰি ধৰে। টকাৰ অভাৱত পৰিয়েই তেওঁ মটৰ চাইকেলেৰে খাদ্যৰ ব্যৱসায় কৰিবলৈ আৰম্ভ কৰে।

দ্বাদশ শ্ৰেণী পাছ কৰাৰ সময়ত দেউতাকে মটৰ চাইকেল এখন উপহাৰ দিছিল বুলি অবিনাশে কয়। তেওঁ জনায় যে তেওঁৰ পত্নী চেন্নাইৰ। পত্নীয়ে ইডলি-সম্বৰ সুন্দৰকৈ বনাবলৈ জানে। পত্নীয়ে বনাই দিয়া ইডলি-সম্বৰ অবিনাশে মটৰ চাইকেলত লৈ বিক্ৰী কৰে। তেওঁলোকৰ এটি ডেৰ বছৰীয়া ল’ৰা আছে। পৰিয়ালৰ আন সদস্য হিচাপে তেওঁৰ মাক আৰু সৰু ভাই-ভনী আছে। 

অবিনাশৰ জীৱন কাহিনী শুনি নেটিজেনসকলে মন্তব্য কৰিছে যে এটা যুঁজাৰু মন থাকিলে মানুহে যিকোনো পৰিস্থিতিত যুঁজি হাৰ নমনাকৈ জীয়াই থাকিব পাৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ