--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জীৱন যাত্ৰা চলি থাকে মানে মানুহৰ সংগ্ৰাম অব্যাহত থাকে। সকলোৰে সংগ্ৰামৰ কাহিনী বেলেগ বেলেগ। কিছুমান সংগ্ৰামী জীৱনে অন্য মানুহৰ জীৱনত প্ৰেৰণা সিঁচি থৈ যায়। এজন যুৱকৰ জীৱন সংগ্ৰামে এতিয়া সকলোতে লভিছে চৰ্চা। যুৱকজনৰ নাম অবিনাশ কুমাৰ শুক্লা। হাৰিয়ানাৰ ফৰিদাবাদৰ বাসিন্দা অবিনাশ কুমাৰ শুক্লাৰ জীৱন কাহিনীয়ে সকলোকে আৱেগিক কৰি যায় যদিও জীৱন যাত্ৰাত আগুৱাই যাবলৈ প্ৰেৰণাও যোগায়।  

দিল্লী বিশ্ববিদ্যালয়ৰ স্কুল অৱ অপেন লাৰ্ণিঙৰ পৰা বাণিজ্য শাখাত স্নাতক ডিগ্ৰী গ্ৰহণ কৰে অবিনাশ কুমাৰে। শুক্লাই ৰিলায়েন্স ট্ৰেণ্ডছ, মেকড’নাল্ডছ, আমাজন, উবেৰকে ধৰি কিছুমান আগশাৰীৰ কোম্পানীৰ সৈতে কাম কৰিছে। ২০২১ চনত পিতৃৰ মৃত্যুৰ পাছত তেওঁ ঘৰখনৰ দায়িত্ব ল’ব লগাত পৰে।

অবিনাশ আৰু তেওঁৰ পৰিয়ালে আৰ্থিকভাৱে সংগ্ৰাম কৰিবলৈ আৰম্ভ কৰে। প্ৰায় তিনিমাহ অবিনাশ নিবনুৱা হৈ আছিল। ক'তো তেওঁ কোনো চাকৰি নাপালে। ইয়াৰ পিছত অবিনাশে খাদ্য বিক্ৰী কৰিবলৈ আৰম্ভ কৰে। আৰ্থিক অসুবিধাৰ সৈতে যুঁজি যুঁজি তেওঁ ইয়াৰ পৰা পৰিত্ৰাণ বিচাৰি মটৰ চাইকেলখনেৰে ইডলি-সম্বৰ ষ্টল এখন খুলিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। ইডলি-সম্বৰৰ এখন প্লেট অবিনাশে বিক্ৰী কৰে ২০ টকাত। 

এজন ইউটিউবাৰে শুক্লাৰ এই যাত্ৰাৰ ভিডিঅ’গ্ৰাফী কৰি পাছত ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে। এতিয়া সেই ভিডিঅ’ ভাইৰেল হৈ আছে ছ’চিয়েল মিডিয়াত। 

অবিনাশে জনোৱা মতে, মেকড’নাল্ডছত কাম কৰি থাকোঁতে তেওঁ নিজাকৈ খাদ্য ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু বাইক লেভেলত ফুড ষ্টলৰ কোনো পৰিকল্পনা নাছিল। পিতৃৰ মৃত্যুৰ পাছত আৰ্থিক অসুবিধাই তেওঁলোকৰ জীৱন ঘেৰি ধৰে। টকাৰ অভাৱত পৰিয়েই তেওঁ মটৰ চাইকেলেৰে খাদ্যৰ ব্যৱসায় কৰিবলৈ আৰম্ভ কৰে।

দ্বাদশ শ্ৰেণী পাছ কৰাৰ সময়ত দেউতাকে মটৰ চাইকেল এখন উপহাৰ দিছিল বুলি অবিনাশে কয়। তেওঁ জনায় যে তেওঁৰ পত্নী চেন্নাইৰ। পত্নীয়ে ইডলি-সম্বৰ সুন্দৰকৈ বনাবলৈ জানে। পত্নীয়ে বনাই দিয়া ইডলি-সম্বৰ অবিনাশে মটৰ চাইকেলত লৈ বিক্ৰী কৰে। তেওঁলোকৰ এটি ডেৰ বছৰীয়া ল’ৰা আছে। পৰিয়ালৰ আন সদস্য হিচাপে তেওঁৰ মাক আৰু সৰু ভাই-ভনী আছে। 

অবিনাশৰ জীৱন কাহিনী শুনি নেটিজেনসকলে মন্তব্য কৰিছে যে এটা যুঁজাৰু মন থাকিলে মানুহে যিকোনো পৰিস্থিতিত যুঁজি হাৰ নমনাকৈ জীয়াই থাকিব পাৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু