--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী অৰ্ধ-উলংগ যুৱতীয়ে কথাৰে আক্ৰমণ কৰিছিল ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক। যুৱতীগৰাকীয়ে অৰ্ধ-উলংগ ৰূপত দৌৰি আহি পুটিনৰ সন্মুখত ৰৈ পুটিনক 'স্বৈৰাচাৰী' বুলি কৈ চিঞৰিছিল। বৰ্তমান ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ অব্যাহত আছে। যুদ্ধৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সমগ্ৰ বিশ্বতে সমালোচনা কৰা হৈছে। ইফালে তেওঁৰ ব্যক্তিগত জীৱন সম্পৰ্কেও আলোচনা বৃদ্ধি পাইছে। পুটিনৰ লগত জড়িত ভিন্ন খবৰবোৰে পুনৰ লভিছে চৰ্চা। অৰ্ধ-উলংগ যুৱতীগৰাকীৰ ঘটনাটো সংঘটিত হৈছিল ২০১৩ চনৰ ৮ এপ্ৰিলত। ঘটনাটো পুৰণি যদিও পুনৰ এই খবৰবোৰক লৈ চৰ্চা চলিছে। এঞ্জেলা মাৰ্কেল সেই সময়ত জাৰ্মানীৰ চেঞ্চেলৰ আছিল। তেওঁ সেই সময়ত পুটিনৰ সৈতে আছিল। পুটিনৰ লগতে এঞ্জেলা মাৰ্কেলেও যুৱতীগৰাকীক এৰাই চলিবলৈ চেষ্টা কৰিছিল। সেই সময়ছোৱাত তাত উপস্থিত থকা সাংবাদিকসকলে এই ঘটনাৰ ফটো তুলিছিল আৰু এই ফটোবোৰেও যথেষ্ট শিৰোনাম দখল কৰিছিল। সেইদিনা জাৰ্মান চহৰ হানোভাৰত ঔদ্যোগিক প্ৰদৰ্শনী 'হেনোভাৰ মেছ'ৰ উদ্বোধনী অনুষ্ঠান চলি আছিল। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন অনুষ্ঠানটোত উপস্থিত থাকিবলৈ বিশেষ অতিথি হিচাপে উপস্থিত হৈছিল। বিশেষ কথাটো হ'ল যে ১০০ তকৈও অধিক ৰাছিয়ান কোম্পানীয়ে এই প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছিল। প্ৰদৰ্শনীখন চলি থকাৰ সময়তে অৰ্ধ-উলংগ যুৱতীগৰাকী পুটিনৰ সন্মুখলৈ আহে। এই ঘটনাক ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ওপৰত অৰ্ধ-উলংগ যুৱতীৰ আক্ৰমণ বুলি অভিহিত কৰা হৈছিল। যুৱতীগৰাকীৰ নাম আলেকজেন্দ্ৰা শ্বেভচেঙ্কো। তেওঁ ইউক্ৰেইনৰ মহিলা সংগঠন 'ফেমেন'ৰ সৈতে জড়িত আছিল। যিয়ে মহিলাৰ অধিকাৰৰ ওপৰত এক নতুন ধৰণে প্ৰতিবাদ কৰে। দ্য গাৰ্ডিয়ানৰ সৈতে হোৱা বাৰ্তালাপত আলেকজেন্দ্ৰা শ্বেভচেঙ্কোৱে ঘটনাটোৰ বিষয়ে এইদৰে কৈছিল: "মই দূৰৰ পৰা চুট পিন্ধা কিছুমান লোকক দেখিছিলো। যেতিয়া মই সেই দলটোৰ ওচৰলৈ গৈছিলো, তেতিয়া দেখিছিলো পুটিন তেওঁলোকৰ ভিতৰত আটাইতকৈ চাপৰ মানুহসকলৰ মাজৰ এজন আছিল। ফটোত দেখাৰ দৰে তেওঁ একেবাৰে নহয়। আৰু তেতিয়াই মই অনুভৱ কৰিছিলো যে এইটোৱেই সুযোগ। মই একেজাপে দলটোৰ ওচৰলৈ গৈছিলো আৰু কাপোৰ খুলি পুটিনৰ ফালে দৌৰি গৈছিলোঁ। আৰু চিঞৰি উঠিছিলো-'আপুনি স্বৈৰাচাৰী'।" উল্লেখ্য যে তাত উপস্থিত থকা ফটোগ্ৰাফাৰসকলে ঘটনাটো তেওঁলোকৰ কেমেৰাত বন্দী কৰিছিল। বহুতো প্ৰতিবেদনত এই ফটোখনক ২০১৩ বৰ্ষৰ আটাইতকৈ বিশেষ ফটো হিচাপে বৰ্ণনা কৰা হৈছিল। উল্লেখ্য যে ইউক্ৰেইনৰ সংগঠন 'ফেমেন'(Femen) বৰ্তমান সময়তো সক্ৰিয় হৈ আছে। ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ মাজতে 'ফেমেন'ৰ সদস্যাসকলে ৰাছিয়াৰ আক্ৰমণৰ বিৰোধিতা কৰিছে। সদস্যাসকলে নিজৰ মুকলি বুকুত 'PEACE FOR UKRAINE', 'STOP PUTIN'S WAR' লিখি প্ৰতিবাদ সাব্যস্ত কৰিছে। 'ফেমেন' নামৰ সংগঠনটোৱে পৃথিৱীৰ বহুতো দেশত কাম কৰি আছে। আৰু ইয়াৰ সদস্যাসকলে বিভিন্ন নাৰীবাদী প্ৰচাৰ চলাই থাকে। তেওঁলোকৰ মূলমন্ত্ৰ হ'ল-'খোলা বুকু হৈছে আমাৰ অস্ত্ৰ'। আৰু পঢ়কঃ চাফাই কৰ্মী হ’ল বিধায়ক! লকডাউনত দৰিদ্ৰৰ মাজত বিলাইছিল খাদ্য BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement