--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নগ্ন ফটোশ্বুট কৰি বিগত কিছুদিন ধৰি বলীউড অভিনেতা ৰণবীৰ সিঙে(Ranveer Singh) সংবাদ শিৰোনাম দখল কৰি আছে। শক্তিশালী অভিনয়ৰ উপৰিও ৰণবীৰ সিং তেওঁৰ আচৰিত ফেশ্বন চেন্সৰ বাবেও পৰিচিত। বহু সময়ত অভিনেতাজন অদ্ভূত ফেশ্বন চেন্সৰ বাবে ট্ৰ’লৰ সন্মুখীন হয় কিন্তু তেওঁ এই কথাক কোনোদিন গুৰুত্ব নিদিয়ে। শেহতীয়াকৈ ৰণবীৰৰ নগ্ন ফটোশ্বুট সন্দৰ্ভত ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছে। 

কেৱল এয়াই নহয়, অভিনেতাগৰাকীৰ বিৰুদ্ধে বহু ৰাজ্যত এজাহাৰো ৰুজু হৈছে। আনহাতে ৰণবীৰৰ অনুৰাগী আৰু একাংশ চেলিব্ৰিটিয়ে এই ফটোশ্বুটক লৈ অভিনেতাজনক সমৰ্থন আগবঢ়াইছে। এই সময়তে বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ এটা পুৰণি সাক্ষাৎকাৰ চৰ্চালৈ আহিছে, য’ত শ্বাহৰুখ খানে কৈছিল যে এদিন ৰণবীৰ সিঙক কাপোৰ নিপিন্ধাৰ বাবে গ্ৰেপ্তাৰ কৰা হ’ব।

কেইবছৰমান আগতে কৰণ জোহৰৰ ‘কফি উইথ কৰণ’ত শ্বাহৰুখ খানক(Shah Rukh Khan) সোধা হৈছিল যে যদি কেতিয়াবা ৰণবীৰ সিঙক গ্ৰেপ্তাৰ কৰা হৈছে বুলি শুনে তেন্তে তেওঁৰ মনলৈ প্ৰথম কি কথা আহিব যিটোৰ বাবে ৰণবীৰক গ্ৰেপ্তাৰ কৰা হৈছে। এই প্ৰশ্ন শুনি শ্বাহৰুখ খানে হাঁহি হাঁহি ধেমালিতে কৈছিল ‘‘কাপোৰ পিন্ধা-নিপিন্ধাক লৈয়ে ৰণবীৰ সিং গ্ৰেপ্তাৰ হ’ব’’।

২০১৭ চনত শ্বাহৰুখ খানে এই কথা কৈছিল যেতিয়া তেওঁ আলিয়া ভাটৰ সৈতে কৰণ জোহৰৰ ‘কফি উইথ কৰণ’ অনুষ্ঠানলৈ আহিছিল। শ্বাহৰুখ খানে কেতিয়াও ভবা নাছিল যে তেওঁৰ এই কথা কেইবছৰমানৰ পাছত সঁচা হ’ব। ৰণবীৰক গ্ৰেপ্তাৰ কৰা হোৱা নাই যদিও নিশ্চিতভাৱে তেওঁৰ বিৰুদ্ধে বহু থানাত এজাহাৰ দাখিল হৈছে। 

ৰণবীৰৰ নগ্ন ফটোক লৈ সৃষ্টি হোৱা বিতৰ্কৰ সন্দৰ্ভত আলিয়া ভাট, অৰ্জুন কাপুৰ, স্বাৰা ভাস্কৰ, মিলিন্দ সোমনকে ধৰি বহু চেলিব্ৰিটিয়ে অভিনেতাজনক সমৰ্থন কৰিছে। আনহাতে ৰণবীৰ সিঙৰ ৱৰ্কফ্ৰণ্টৰ বিষয়ে কবলৈ গ'লে ৰণবীৰৰ ২ খন ছবি মুক্তিৰ বাবে সাজু হৈছে। ছবি দুখন হল ‘চাৰ্কাছ’ আৰু ‘ৰকী ঔৰ ৰাণী কী প্ৰেম কাহিনী’। ‘চাৰ্কাচ’ত তেওঁক পূজা হেগড়ে আৰু জেকলিন ফাৰ্নাণ্ডেজৰ সৈতে দেখা যাব। এই ছবিখন পৰিচালনা কৰিছে ৰোহিত শ্বেট্টীয়ে।  ‘ৰকী ঔৰ ৰাণী কী প্ৰেম কাহিনী’ৰ পৰিচালনা কৰিছে কৰণ জোহৰে আৰু এই ছবিখনত ৰণবীৰৰ সৈতে মূল চৰিত্ৰত আছে আলিয়া ভাট, ধৰ্মেন্দ্ৰ, জয়া বচ্চন আৰু শ্বাবানা আজমী।








FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ