--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নগ্ন ফটোশ্বুট কৰি বিগত কিছুদিন ধৰি বলীউড অভিনেতা ৰণবীৰ সিঙে(Ranveer Singh) সংবাদ শিৰোনাম দখল কৰি আছে। শক্তিশালী অভিনয়ৰ উপৰিও ৰণবীৰ সিং তেওঁৰ আচৰিত ফেশ্বন চেন্সৰ বাবেও পৰিচিত। বহু সময়ত অভিনেতাজন অদ্ভূত ফেশ্বন চেন্সৰ বাবে ট্ৰ’লৰ সন্মুখীন হয় কিন্তু তেওঁ এই কথাক কোনোদিন গুৰুত্ব নিদিয়ে। শেহতীয়াকৈ ৰণবীৰৰ নগ্ন ফটোশ্বুট সন্দৰ্ভত ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছে। 

কেৱল এয়াই নহয়, অভিনেতাগৰাকীৰ বিৰুদ্ধে বহু ৰাজ্যত এজাহাৰো ৰুজু হৈছে। আনহাতে ৰণবীৰৰ অনুৰাগী আৰু একাংশ চেলিব্ৰিটিয়ে এই ফটোশ্বুটক লৈ অভিনেতাজনক সমৰ্থন আগবঢ়াইছে। এই সময়তে বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ এটা পুৰণি সাক্ষাৎকাৰ চৰ্চালৈ আহিছে, য’ত শ্বাহৰুখ খানে কৈছিল যে এদিন ৰণবীৰ সিঙক কাপোৰ নিপিন্ধাৰ বাবে গ্ৰেপ্তাৰ কৰা হ’ব।

কেইবছৰমান আগতে কৰণ জোহৰৰ ‘কফি উইথ কৰণ’ত শ্বাহৰুখ খানক(Shah Rukh Khan) সোধা হৈছিল যে যদি কেতিয়াবা ৰণবীৰ সিঙক গ্ৰেপ্তাৰ কৰা হৈছে বুলি শুনে তেন্তে তেওঁৰ মনলৈ প্ৰথম কি কথা আহিব যিটোৰ বাবে ৰণবীৰক গ্ৰেপ্তাৰ কৰা হৈছে। এই প্ৰশ্ন শুনি শ্বাহৰুখ খানে হাঁহি হাঁহি ধেমালিতে কৈছিল ‘‘কাপোৰ পিন্ধা-নিপিন্ধাক লৈয়ে ৰণবীৰ সিং গ্ৰেপ্তাৰ হ’ব’’।

২০১৭ চনত শ্বাহৰুখ খানে এই কথা কৈছিল যেতিয়া তেওঁ আলিয়া ভাটৰ সৈতে কৰণ জোহৰৰ ‘কফি উইথ কৰণ’ অনুষ্ঠানলৈ আহিছিল। শ্বাহৰুখ খানে কেতিয়াও ভবা নাছিল যে তেওঁৰ এই কথা কেইবছৰমানৰ পাছত সঁচা হ’ব। ৰণবীৰক গ্ৰেপ্তাৰ কৰা হোৱা নাই যদিও নিশ্চিতভাৱে তেওঁৰ বিৰুদ্ধে বহু থানাত এজাহাৰ দাখিল হৈছে। 

ৰণবীৰৰ নগ্ন ফটোক লৈ সৃষ্টি হোৱা বিতৰ্কৰ সন্দৰ্ভত আলিয়া ভাট, অৰ্জুন কাপুৰ, স্বাৰা ভাস্কৰ, মিলিন্দ সোমনকে ধৰি বহু চেলিব্ৰিটিয়ে অভিনেতাজনক সমৰ্থন কৰিছে। আনহাতে ৰণবীৰ সিঙৰ ৱৰ্কফ্ৰণ্টৰ বিষয়ে কবলৈ গ'লে ৰণবীৰৰ ২ খন ছবি মুক্তিৰ বাবে সাজু হৈছে। ছবি দুখন হল ‘চাৰ্কাছ’ আৰু ‘ৰকী ঔৰ ৰাণী কী প্ৰেম কাহিনী’। ‘চাৰ্কাচ’ত তেওঁক পূজা হেগড়ে আৰু জেকলিন ফাৰ্নাণ্ডেজৰ সৈতে দেখা যাব। এই ছবিখন পৰিচালনা কৰিছে ৰোহিত শ্বেট্টীয়ে।  ‘ৰকী ঔৰ ৰাণী কী প্ৰেম কাহিনী’ৰ পৰিচালনা কৰিছে কৰণ জোহৰে আৰু এই ছবিখনত ৰণবীৰৰ সৈতে মূল চৰিত্ৰত আছে আলিয়া ভাট, ধৰ্মেন্দ্ৰ, জয়া বচ্চন আৰু শ্বাবানা আজমী।








FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু