--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁ এজন দক্ষ অভিনেতা তাত কোনো সন্দেহ নাই। সময়ে সময়ে ৰণবীৰৰ ফেশ্বন ছেন্স হৈ পৰে চৰ্চাৰ বিষয়। আনকি দীপিকাইও স্বামীৰ আজৱ পোছাকক লৈ ঠাট্টা-মস্কৰা কৰাও দেখিবলৈ পোৱা গৈছে। আৰু সেই একেগৰাকী ৰণবীৰে এতিয়া  উৰ্ফি জাভেদৰ পোছাক সজ্জাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে। উৰ্ফিৰ পোছাকক লৈ ৰণবীৰে প্ৰশংসা কৰিব আৰু আলোচনা নহ’ব। এয়া কিদৰে সম্ভৱ!  নেটিজেনৰ প্রশ্ন, ‘ৰণবীৰে নিজৰ দৰে কাৰোবাক বিচাৰি পালে নেকি?’

শেহতীয়াকৈ ‘কফি উইথ কৰণ’ৰ ৭ নং ছিজনলৈ আহিছিল ৰণবীৰ সিঙ। য’ত ৰণবীৰে উৰ্ফি জাভেদক ‘ফেশ্বনবাদী’ বুলি অভিহিত কৰিছিল। ৰণবীৰক সোধা হৈছিল, কম সময়ৰ ব্যৱধানত একে সাজ-পোছাক পিন্ধাটো কোন তাৰকাৰ দুঃস্বপ্ন হ’ব পাৰে? ইয়াৰ উত্তৰত বৰ বেছি চিন্তা নকৰাকৈ ৰণবীৰৰ মুখত সলসলকৈ ওলাই গ’ল উৰ্ফিৰ নাম। ৰণবীৰৰ উত্তৰত অবাক দীপিকা। 

স্বাভাৱিকতে, উৰ্ফি জাভেদ মূলতঃ তেওঁৰ পোছাক পৰিধানৰ বাবেই শিৰোনামত থকা দেখা যায়। কেতিয়াবা এলুমিনিয়াম ফয়েলেৰে শৰীৰ ঢকা, কেতিয়াবা বস্তাৰে, কেতিয়াবা আকৌ ফুলৰে আৱৰিছে উদং গা। মুঠতে বহুৰূপী উৰ্ফি। পিছে ৰণবীৰ সিঙৰ কথা উল্লেখ কৰি কৰণ জোহৰে কয় যে, ‘উৰ্ফিয়ে সকলো সময়তে কিবা এটা নতুনত্ব অনাৰ প্ৰয়াস কৰে।’ কৰণ জোহৰৰ মন্তব্যৰ আঁত ধৰি এইবাৰ ৰণবীৰৰ মুকলি প্ৰশংসা। ক’লে, ‘উৰ্ফি এজন ফেশ্বন আইকন’। বলীউডৰ ‘খিলজী’ৰ এনে মন্তব্যৰ প্ৰতি সঁহাৰি জনাইছে উৰ্ফি জাভেদে নিজেই। ৰণবীৰৰ ইনষ্টা ষ্ট’ৰীত দিয়া সাক্ষাৎকাৰৰ গোটেই ক্লিপটোত উৰ্ফিয়ে লিখিছিল, ‘কি ক’ম ভাবি পোৱা নাই, কিন্তু ৰণবীৰ বৰ ছুইট।’

ইফালে, উৰ্ফি জাভেদে প্ৰথমবাৰৰ বাবে বিগ বছ অ’টিটিত অংশগ্ৰহণ কৰি চৰ্চালৈ আহিছে। বৰ্তমান সময়ত অৱশ্যে তেওঁৰ সাধনাৰ মূল বিষয়বস্তু হৈছে সাজ-পোছাক। পিছে নেটিজেনৰ প্ৰশ্ন ৰণবীৰৰ মুখত উৰ্ফিৰ এই প্ৰশংসাৰ বিষয়ে দীপিকা অৱগত নে?

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু