--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁ এজন দক্ষ অভিনেতা তাত কোনো সন্দেহ নাই। সময়ে সময়ে ৰণবীৰৰ ফেশ্বন ছেন্স হৈ পৰে চৰ্চাৰ বিষয়। আনকি দীপিকাইও স্বামীৰ আজৱ পোছাকক লৈ ঠাট্টা-মস্কৰা কৰাও দেখিবলৈ পোৱা গৈছে। আৰু সেই একেগৰাকী ৰণবীৰে এতিয়া  উৰ্ফি জাভেদৰ পোছাক সজ্জাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে। উৰ্ফিৰ পোছাকক লৈ ৰণবীৰে প্ৰশংসা কৰিব আৰু আলোচনা নহ’ব। এয়া কিদৰে সম্ভৱ!  নেটিজেনৰ প্রশ্ন, ‘ৰণবীৰে নিজৰ দৰে কাৰোবাক বিচাৰি পালে নেকি?

শেহতীয়াকৈ ‘কফি উইথ কৰণ’ৰ ৭ নং ছিজনলৈ আহিছিল ৰণবীৰ সিঙ। য’ত ৰণবীৰে উৰ্ফি জাভেদক ‘ফেশ্বনবাদী’ বুলি অভিহিত কৰিছিল। ৰণবীৰক সোধা হৈছিল, কম সময়ৰ ব্যৱধানত একে সাজ-পোছাক পিন্ধাটো কোন তাৰকাৰ দুঃস্বপ্ন হ’ব পাৰে? ইয়াৰ উত্তৰত বৰ বেছি চিন্তা নকৰাকৈ ৰণবীৰৰ মুখত সলসলকৈ ওলাই গ’ল উৰ্ফিৰ নাম। ৰণবীৰৰ উত্তৰত অবাক দীপিকা। 

স্বাভাৱিকতে, উৰ্ফি জাভেদ মূলতঃ তেওঁৰ পোছাক পৰিধানৰ বাবেই শিৰোনামত থকা দেখা যায়। কেতিয়াবা এলুমিনিয়াম ফয়েলেৰে শৰীৰ ঢকা, কেতিয়াবা বস্তাৰে, কেতিয়াবা আকৌ ফুলৰে আৱৰিছে উদং গা। মুঠতে বহুৰূপী উৰ্ফি। পিছে ৰণবীৰ সিঙৰ কথা উল্লেখ কৰি কৰণ জোহৰে কয় যে, ‘উৰ্ফিয়ে সকলো সময়তে কিবা এটা নতুনত্ব অনাৰ প্ৰয়াস কৰে।’ কৰণ জোহৰৰ মন্তব্যৰ আঁত ধৰি এইবাৰ ৰণবীৰৰ মুকলি প্ৰশংসা। ক’লে, ‘উৰ্ফি এজন ফেশ্বন আইকন’। বলীউডৰ ‘খিলজী’ৰ এনে মন্তব্যৰ প্ৰতি সঁহাৰি জনাইছে উৰ্ফি জাভেদে নিজেই। ৰণবীৰৰ ইনষ্টা ষ্ট’ৰীত দিয়া সাক্ষাৎকাৰৰ গোটেই ক্লিপটোত উৰ্ফিয়ে লিখিছিল, ‘কি ক’ম ভাবি পোৱা নাই, কিন্তু ৰণবীৰ বৰ ছুইট।’

ইফালে, উৰ্ফি জাভেদে প্ৰথমবাৰৰ বাবে বিগ বছ অ’টিটিত অংশগ্ৰহণ কৰি চৰ্চালৈ আহিছে। বৰ্তমান সময়ত অৱশ্যে তেওঁৰ সাধনাৰ মূল বিষয়বস্তু হৈছে সাজ-পোছাক। পিছে নেটিজেনৰ প্ৰশ্ন ৰণবীৰৰ মুখত উৰ্ফিৰ এই প্ৰশংসাৰ বিষয়ে দীপিকা অৱগত নে?

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ