--°C
Loading...
Listen to Article
2 min read
80%

কলকাতা : পশ্চিমবংগৰ উপ-নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতেই ৰাজ্যখনৰ ৰাজনীতিত সৃষ্টি হৈছে নতুন উত্তেজনাৰ। শাসকীয় তৃণমূল কংগ্ৰেছৰ নেতাৰ ওপৰত চাপ সৃষ্টি কৰা প্ৰক্ৰিয়াও আৰম্ভ কৰিছে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই। যিটো প্ৰক্ৰিয়া এতিয়া অঘোষিত পৰম্পৰাত পৰিণত হোৱাৰ অভিযোগ কৰি আহিছে বিৰোধী দলসমূহে। এই অবাঞ্চিত পৰাম্পৰা জাৰি ৰাখি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভতিজাক তথা সাংসদ অভিষেক বেনাৰ্জী আৰু তেওঁৰ পত্নী ৰুচিৰালৈ ইডিৰ চমনৰ পাছত এইবাৰ আন এজন তৃণমূল নেতালৈ চমন জাৰি কৰিছে চিবিআই-এ।

আইকোৰ (ICore) সংক্ৰান্তীয় গোচৰত এইবাৰ তৃণমূল নেতা তথা দলৰ মহাসচিব পাৰ্থ চট্টোপাধ্যায়লৈ চমন জাৰি কৰিছে চিবিআই-এ। অহা ১৩ ছেপ্টেম্বৰত তেওঁক চিবিআইৰ আগত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ পূৰ্বেও দুবাৰকৈ নেতাজনক চিবিআইৰ সন্মুখত হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল যদিও নিৰ্বাচনী দায়িত্বত ব্যস্ত থকাৰ বাবে তেওঁ হাজিৰ নোহোৱাকৈ আছিল। এইবাৰ তেওঁ তদন্তকাৰী সংস্থাটোৰ সন্মুখত হাজিৰ হ’ব নে নাই সেয়া জানিবপৰা হোৱা নাই। তদন্তকাৰী সংস্থাটোৰ দাবী যে, আইকোৰৰ মঞ্চত দেখা গৈছিল তৃণমূল নেতাজনক।

তেওঁক চিজিঅ’ কমপ্লেক্সত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে। ইফালে, ইয়াৰ পূৰ্বে তেওঁলৈ চিটফাণ্ডৰ গোচৰত চমন জাৰি কৰা হৈছিল। পুনৰ চমন লাভ কৰাৰ পাছতে চট্টোপাধ্যায়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, মই এনে কোনো কাম কৰা নাই যে, চিবিআই-এ তলব কৰিলগীয়া হৈছে। উল্লেখ্য যে, ভবানীপুৰ উপ নিৰ্বাচনৰ গুৰুদায়িত্বত আছে পাৰ্থ চট্টোপাধ্যায়। এই ভবানীপুৰৰ পৰাই মুখ্যমন্ত্ৰী মমতাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু