--°C
Loading...
Listen to Article
2 min read
80%

কলকাতা : পশ্চিমবংগৰ উপ-নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতেই ৰাজ্যখনৰ ৰাজনীতিত সৃষ্টি হৈছে নতুন উত্তেজনাৰ। শাসকীয় তৃণমূল কংগ্ৰেছৰ নেতাৰ ওপৰত চাপ সৃষ্টি কৰা প্ৰক্ৰিয়াও আৰম্ভ কৰিছে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই। যিটো প্ৰক্ৰিয়া এতিয়া অঘোষিত পৰম্পৰাত পৰিণত হোৱাৰ অভিযোগ কৰি আহিছে বিৰোধী দলসমূহে। এই অবাঞ্চিত পৰাম্পৰা জাৰি ৰাখি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভতিজাক তথা সাংসদ অভিষেক বেনাৰ্জী আৰু তেওঁৰ পত্নী ৰুচিৰালৈ ইডিৰ চমনৰ পাছত এইবাৰ আন এজন তৃণমূল নেতালৈ চমন জাৰি কৰিছে চিবিআই-এ।

আইকোৰ (ICore) সংক্ৰান্তীয় গোচৰত এইবাৰ তৃণমূল নেতা তথা দলৰ মহাসচিব পাৰ্থ চট্টোপাধ্যায়লৈ চমন জাৰি কৰিছে চিবিআই-এ। অহা ১৩ ছেপ্টেম্বৰত তেওঁক চিবিআইৰ আগত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ পূৰ্বেও দুবাৰকৈ নেতাজনক চিবিআইৰ সন্মুখত হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল যদিও নিৰ্বাচনী দায়িত্বত ব্যস্ত থকাৰ বাবে তেওঁ হাজিৰ নোহোৱাকৈ আছিল। এইবাৰ তেওঁ তদন্তকাৰী সংস্থাটোৰ সন্মুখত হাজিৰ হ’ব নে নাই সেয়া জানিবপৰা হোৱা নাই। তদন্তকাৰী সংস্থাটোৰ দাবী যে, আইকোৰৰ মঞ্চত দেখা গৈছিল তৃণমূল নেতাজনক।

তেওঁক চিজিঅ’ কমপ্লেক্সত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে। ইফালে, ইয়াৰ পূৰ্বে তেওঁলৈ চিটফাণ্ডৰ গোচৰত চমন জাৰি কৰা হৈছিল। পুনৰ চমন লাভ কৰাৰ পাছতে চট্টোপাধ্যায়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, মই এনে কোনো কাম কৰা নাই যে, চিবিআই-এ তলব কৰিলগীয়া হৈছে। উল্লেখ্য যে, ভবানীপুৰ উপ নিৰ্বাচনৰ গুৰুদায়িত্বত আছে পাৰ্থ চট্টোপাধ্যায়। এই ভবানীপুৰৰ পৰাই মুখ্যমন্ত্ৰী মমতাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ