--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এক ঘৃণনীয় নৃশংস কাণ্ড সংঘটিত হৈছে কৰ্ণাটকৰ যাদগিৰ জিলাত৷ ধৰ্ষণত বাধা দিয়াৰ বাবেই এগৰাকী ২৩ বছৰীয়া বিবাহিতা মহিলাক জীৱন্তে জ্বলাই দিয়া হয়৷ মহিলাগৰাকীৰ নাম বালাম্মা৷ বালাম্মাৰ স্বামী পুৱা কামলৈ ওলাই যোৱাৰ পাছত গণগেপ্পা নামৰ এটা লম্পটে মহিলাগৰাকীৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰি তেওঁ শুই থকা অৱস্থাত ধৰ্ষণৰ চেষ্টা কৰে। সেই সময়তে বালাম্মাই সাৰ পায় আৰু লম্পটটোক সৰ্বশৰীৰৰ জোৰেৰে বাধা দিবলৈ চেষ্টা কৰে৷

ধৰ্ষণ কৰিব নোৱাৰাত ক্ষুণ্ণ হৈ লম্পটটোৱে মহিলাগৰাকীক শাৰীৰিকভাবে প্ৰহাৰ কৰে আৰু গাত পেট্ৰ’ল ঢালি অগ্নিসংযোগ কৰে। ইয়াৰ পিছতেই পলায়ন কৰে গণগেপ্পাই। বালাম্মাৰ ঘৰৰ পৰা ওলোৱা জুইৰ ধোঁৱা আৰু মৰণ কাতৰ চিঞৰ শুনি ওচৰ-চুবুৰীয়া উপস্থিত হয় আৰু তেওঁক ততালিকে হাস্পতাললৈ লৈ যায়৷ হাস্পতালত মৃত্যুৰ পূৰ্বে আৰক্ষীক অপৰাধীৰ নাম কৈ থৈ যায় বালাম্মাই৷

ওচৰ চুবুৰীয়াৰ ভাষ্য অনুসৰি আৰক্ষীয়ে জনাই যে দীৰ্ঘদিনৰ পৰা বালাম্মাৰ ওপৰত চকু আছিল গণগেপ্পাৰ৷ লম্পটটোৱে মহিলাগৰাকীক তাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আহিবলৈও জোৰ দিছিল কিন্তু বালাম্মাই কোনোদিন গণগেপ্পাৰ এই ঘৃণণীয় প্ৰস্তাৱ মানি লোৱা নাছিল৷ বালাম্মাক আমনি নকৰিবলৈ সকিয়নী দি গণগেপ্পাৰ বিৰুদ্ধে ৰাইজমেলো বহিছিল৷ আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰাৰ লগতে পলাতক গণগেপ্পাৰ সন্ধানত আছে৷ লম্পটটোক কঠোৰতকৈও কঠোৰ শাস্তি বিহিবলৈ আৰক্ষীক দাবী জনাইছে গাঁওবাসীয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতৰ বিৰুদ্ধে বৃহৎ পৰিমাণৰ শুল্ক আৰোপৰ পুনৰ ভাবুকি ট্রাম্পৰ, ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় বন্ধ কৰাৰ নিৰ্দেশ
ডিচেম্বৰ-জানুৱাৰীত এলিভেটেড কৰিডৰৰ আধাৰশিলাৰ সম্ভাৱনা , কাজিৰঙাত মুখ্যমন্ত্ৰীৰ ঘোষণা
সোৱণশিৰিৰ বান্ধৰ নামনিত সুৰক্ষাৰ নামত বৃহৎ কেলেংকাৰি, খহনীয়া প্ৰতিৰোধৰ নামত আবণ্টিত বিশাল ধনৰ অপচয়
মানকাচৰ আৰক্ষীৰ জালত পৰিল ড্ৰাগছ সৰবৰাহকাৰী জিয়াদুল মিঞা
ভাৰতৰ বিৰুদ্ধে বৃহৎ পৰিমাণৰ শুল্ক আৰোপৰ পুনৰ ভাবুকি ট্রাম্পৰ, ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় বন্ধ কৰাৰ নিৰ্দেশ
ছিংগাপুৰলৈ ৰাওনা হোৱা SITৰ দলে চেষ্টা কৰিব জুবিন গাৰ্গ থকা পেন-পেচিফিক হোটেলৰ চি চি টিভি ফুটেজ সংগ্ৰহৰ
দীপাৱলীৰ অচিলা লৈ গুৱাহাটী মহানগৰীত সক্ৰিয় হৈ পৰিছে জুৱাৰী চক্ৰ; জালত পৰিল ৪
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰঙীন কেছেটৰ কভাৰেৰে ব্যতিক্ৰমী শ্যামা পূজা
দীপাৱলীত ভয়াৱহ প্ৰদূষণৰ কবলত দিল্লী, এ কিউ আই ৪০০ৰো অধিক
'জুবিন ক্ষেত্ৰ'ত বিচাৰি পাব লাগিব প্ৰাণৰ শিল্পীৰ আত্মাক , প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰা সমিতিৰ বৈঠকত কি ক'লে পত্নী গৰিমাই