--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এক ঘৃণনীয় নৃশংস কাণ্ড সংঘটিত হৈছে কৰ্ণাটকৰ যাদগিৰ জিলাত৷ ধৰ্ষণত বাধা দিয়াৰ বাবেই এগৰাকী ২৩ বছৰীয়া বিবাহিতা মহিলাক জীৱন্তে জ্বলাই দিয়া হয়৷ মহিলাগৰাকীৰ নাম বালাম্মা৷ বালাম্মাৰ স্বামী পুৱা কামলৈ ওলাই যোৱাৰ পাছত গণগেপ্পা নামৰ এটা লম্পটে মহিলাগৰাকীৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰি তেওঁ শুই থকা অৱস্থাত ধৰ্ষণৰ চেষ্টা কৰে। সেই সময়তে বালাম্মাই সাৰ পায় আৰু লম্পটটোক সৰ্বশৰীৰৰ জোৰেৰে বাধা দিবলৈ চেষ্টা কৰে৷

ধৰ্ষণ কৰিব নোৱাৰাত ক্ষুণ্ণ হৈ লম্পটটোৱে মহিলাগৰাকীক শাৰীৰিকভাবে প্ৰহাৰ কৰে আৰু গাত পেট্ৰ’ল ঢালি অগ্নিসংযোগ কৰে। ইয়াৰ পিছতেই পলায়ন কৰে গণগেপ্পাই। বালাম্মাৰ ঘৰৰ পৰা ওলোৱা জুইৰ ধোঁৱা আৰু মৰণ কাতৰ চিঞৰ শুনি ওচৰ-চুবুৰীয়া উপস্থিত হয় আৰু তেওঁক ততালিকে হাস্পতাললৈ লৈ যায়৷ হাস্পতালত মৃত্যুৰ পূৰ্বে আৰক্ষীক অপৰাধীৰ নাম কৈ থৈ যায় বালাম্মাই৷

ওচৰ চুবুৰীয়াৰ ভাষ্য অনুসৰি আৰক্ষীয়ে জনাই যে দীৰ্ঘদিনৰ পৰা বালাম্মাৰ ওপৰত চকু আছিল গণগেপ্পাৰ৷ লম্পটটোৱে মহিলাগৰাকীক তাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আহিবলৈও জোৰ দিছিল কিন্তু বালাম্মাই কোনোদিন গণগেপ্পাৰ এই ঘৃণণীয় প্ৰস্তাৱ মানি লোৱা নাছিল৷ বালাম্মাক আমনি নকৰিবলৈ সকিয়নী দি গণগেপ্পাৰ বিৰুদ্ধে ৰাইজমেলো বহিছিল৷ আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰাৰ লগতে পলাতক গণগেপ্পাৰ সন্ধানত আছে৷ লম্পটটোক কঠোৰতকৈও কঠোৰ শাস্তি বিহিবলৈ আৰক্ষীক দাবী জনাইছে গাঁওবাসীয়ে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক