--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কাশ্মীৰ ভাৰতৰ অবিচ্ছেদ্য অংগ। এই ভূখণ্ডত কেৱল ভাৰতৰহে অধিকাৰ আছে। ভাৰতক বাদ দি কোনো বাহ্যিক শক্তিয়ে এই অমীমাংসিত বিষয়টো সন্দৰ্ভত মাত মতাটো দেশে কামনা নকৰে আৰু এই প্ৰসংগত মাত মতাৰ কাৰো অধিকাৰো নাই। এই কথা বাৰম্বাৰ দোহাৰি আহিছে ভাৰতে। কিন্তু তাৰ পাছতো কাশ্মীৰক লৈ নানা অবাঞ্চিত বিতৰ্কৰ সৃষ্টি হৈ আহিছে।

 

এইবাৰ প্ৰশাসনিক সেৱাৰ পৰীক্ষাত কাশ্মীৰ প্ৰসংগক অতি অবাঞ্চিতভাৱে উত্থাপন কৰাক লৈ তীব্ৰ চৰ্চা চলিছে। প্ৰশাসনিক সেৱাৰ প্ৰিলিমিনাৰী পৰীক্ষাৰ প্ৰশ্নকাকতত সন্নিৱিষ্ট কৰা এটা প্ৰশ্নক লৈ ব্যাপক সমালোচনাৰ জোৱাৰ উঠিছে। বিভিন্ন ৰাজনৈতিক দল আৰু এই সেৱাত নিৱিষ্ট হ’বলৈ আগ্ৰহী প্ৰাৰ্থীসকলে তীব্ৰ সমালোচনা কৰিছে মধ্যপ্ৰদেশ পাব্লিক ছাৰ্ভিচ কমিছনক।   

 

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এমপিপিএছচি অসামৰিক সেৱাৰ প্ৰাথমিক পৰীক্ষাত বিতৰ্কিত প্ৰশ্নটো সন্নিৱিষ্ট হোৱা দলটো প্ৰশ্নকাকতখন ভাইৰেল হৈ পৰিছে। কাশ্মীৰ সম্পৰ্কীয় এই প্ৰশ্নটোৱে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। প্ৰশ্নকাকতখনত এটা প্ৰশ্নত সোধা হৈছিল যে, আন্তঃৰাষ্ট্ৰীয় বিবাদৰ সৃষ্টি কৰা জম্মু-কাশ্মীৰক পাকিস্তানৰ হাতত গতাই দিয়া উচিত হয় নে নহয়?

 

সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, পৰীক্ষাৰ্থীসকলক এই প্ৰশ্নটো সোধাৰ লগতে তাৰ উত্তৰ হিচাপে দুটা বিকল্প দিয়া হৈছিল। প্ৰথম বিকল্পটোত আছিল, হয়, ই ভাৰতৰ অৰ্থনৈতিক স্থিতি উন্নত কৰাত সহায় কৰিব। আৰু দ্বিতীয়টো বিকল্প আছিল, নহয়, ই পাকিস্তান প্ৰশাসনৰ গুৰুত্ব তথা দাবী বৃদ্ধি কৰিব। দেশৰ অখণ্ডতাৰ সৈতে জড়িত এটা বিষয়ক এনে অসংবেদনশীলভাৱে উত্থাপন কৰাৰ বাবে এতিয়া ব্যাপক সমালোচনাৰ পাত্ৰ হৈ পৰিছে মধ্যপ্ৰদেশ পাব্লিক ছাৰ্ভিচ কমিচন।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি