--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কাশ্মীৰ ভাৰতৰ অবিচ্ছেদ্য অংগ। এই ভূখণ্ডত কেৱল ভাৰতৰহে অধিকাৰ আছে। ভাৰতক বাদ দি কোনো বাহ্যিক শক্তিয়ে এই অমীমাংসিত বিষয়টো সন্দৰ্ভত মাত মতাটো দেশে কামনা নকৰে আৰু এই প্ৰসংগত মাত মতাৰ কাৰো অধিকাৰো নাই। এই কথা বাৰম্বাৰ দোহাৰি আহিছে ভাৰতে। কিন্তু তাৰ পাছতো কাশ্মীৰক লৈ নানা অবাঞ্চিত বিতৰ্কৰ সৃষ্টি হৈ আহিছে।

 

এইবাৰ প্ৰশাসনিক সেৱাৰ পৰীক্ষাত কাশ্মীৰ প্ৰসংগক অতি অবাঞ্চিতভাৱে উত্থাপন কৰাক লৈ তীব্ৰ চৰ্চা চলিছে। প্ৰশাসনিক সেৱাৰ প্ৰিলিমিনাৰী পৰীক্ষাৰ প্ৰশ্নকাকতত সন্নিৱিষ্ট কৰা এটা প্ৰশ্নক লৈ ব্যাপক সমালোচনাৰ জোৱাৰ উঠিছে। বিভিন্ন ৰাজনৈতিক দল আৰু এই সেৱাত নিৱিষ্ট হ’বলৈ আগ্ৰহী প্ৰাৰ্থীসকলে তীব্ৰ সমালোচনা কৰিছে মধ্যপ্ৰদেশ পাব্লিক ছাৰ্ভিচ কমিছনক।   

 

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এমপিপিএছচি অসামৰিক সেৱাৰ প্ৰাথমিক পৰীক্ষাত বিতৰ্কিত প্ৰশ্নটো সন্নিৱিষ্ট হোৱা দলটো প্ৰশ্নকাকতখন ভাইৰেল হৈ পৰিছে। কাশ্মীৰ সম্পৰ্কীয় এই প্ৰশ্নটোৱে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। প্ৰশ্নকাকতখনত এটা প্ৰশ্নত সোধা হৈছিল যে, আন্তঃৰাষ্ট্ৰীয় বিবাদৰ সৃষ্টি কৰা জম্মু-কাশ্মীৰক পাকিস্তানৰ হাতত গতাই দিয়া উচিত হয় নে নহয়?

 

সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, পৰীক্ষাৰ্থীসকলক এই প্ৰশ্নটো সোধাৰ লগতে তাৰ উত্তৰ হিচাপে দুটা বিকল্প দিয়া হৈছিল। প্ৰথম বিকল্পটোত আছিল, হয়, ই ভাৰতৰ অৰ্থনৈতিক স্থিতি উন্নত কৰাত সহায় কৰিব। আৰু দ্বিতীয়টো বিকল্প আছিল, নহয়, ই পাকিস্তান প্ৰশাসনৰ গুৰুত্ব তথা দাবী বৃদ্ধি কৰিব। দেশৰ অখণ্ডতাৰ সৈতে জড়িত এটা বিষয়ক এনে অসংবেদনশীলভাৱে উত্থাপন কৰাৰ বাবে এতিয়া ব্যাপক সমালোচনাৰ পাত্ৰ হৈ পৰিছে মধ্যপ্ৰদেশ পাব্লিক ছাৰ্ভিচ কমিচন।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ