--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আন এগৰাকী মহিলা ৰাষ্ট্ৰপতিয়ে দেশৰ প্ৰথম নাগৰিকৰ আসনত বহিবলৈ সাজু হৈছে! শাসকীয় মিত্ৰজোঁটে তেওঁলোকৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ঘোষণাৰ পাছত এতিয়া দেশৰ নতুন ৰাষ্ট্ৰপতিক লৈ চলি থকা উৎকণ্ঠাই নতুন মাত্ৰা লাভ কৰিছে। বিৰোধীৰ নানা অংক আৰু পৰিকল্পনা অব্যাহত হৈ থকাৰ মাজতে শাসকীয় পক্ষই তেওঁলোকৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে।

 

ৰামনাথ কোবিন্দৰ পাছত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি কোন হ'ব তাক লৈ তীব্ৰ জল্পনা-কল্পনা চলি আছিল। বিজেপিৰ প্ৰাৰ্থী তালিকাত থকা দুটা নাম আছিল কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খান আৰু ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল দ্ৰৌপদী মুৰ্মু। অৱশেষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে বিজেপিৰ শীৰ্ষ নেতাসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰি শেষ সিদ্ধান্ত গ্ৰহণ কৰে। দ্ৰৌপদী মুৰ্মু বিজেপি সমৰ্থিত মিত্ৰজোঁটৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হোৱাটোত চূড়ান্ত মোহৰ মৰা হয় এই বৈঠকতে। দ্ৰৌপদী মুৰ্মুৰ জন্ম ১৯৫৮ চনৰ ২০ জুনত উৰিষ্যাৰ ময়ূৰভঞ্জ জিলাৰ বাইদাপোচি গাঁৱত হৈছিল। তেওঁৰ পিতৃ আছিল বিৰাঁচী নাৰায়ণ টুডু।

 

তেওঁ ঝাৰখণ্ডৰ নৱম ৰাজ্যপাল হিচাপে নিযুক্ত হৈছিল আৰু পাঁচ বছৰৰ কাৰ্যকাল সম্পূৰ্ণ কৰা ঝাৰখণ্ডৰ প্ৰথম ৰাজ্যপাল আছিল। দ্ৰৌপদী মুৰ্মু উৰিষ্যাৰ এজন প্ৰাক্তন মন্ত্ৰী আছিল আৰু ২০ চনৰ পৰা ২০০৪ চনলৈ ৰায়ৰংপুৰ বিধানসভা সমষ্টিৰ বিধায়ক আছিল। ২০০০ আৰু ২০০৪ চনত, তেওঁ বিজেডি আৰু বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ সময়ত মন্ত্ৰী হৈছিল। তেওঁৰ হাতত পৰিবহন, পশুপালন আৰু মীন পালন বিভাগৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব আছিল। প্ৰাথমিক ধাৰণা অনুসৰি, তেওঁ ১৮ টা বিৰোধী দলৰ সমৰ্থিত প্ৰাৰ্থী যশৱন্ত সিনহাৰ তুলনাত অলপ আগবাঢ়ি আছে।

 

লক্ষ্যণীয় যে দৌপদী মুৰ্মু হৈছে জনজাতীয় সম্প্ৰদায়ৰ প্ৰতিনিধি। জনজাতীয় সম্প্ৰদায়ৰ প্ৰতিনিধি এগৰাকীৰাষ্ট্ৰপতি পদলৈ নিৰ্বাচিত হ’লে ৰাজস্থান, মধ্য প্ৰদেশ, ঝাৰখণ্ড, তেলেংগানা আৰু জম্মু-কাশ্মীৰকে ধৰি উত্তৰ-পূব ভাৰতৰ জনসাধাৰণৰ সমৰ্থন বিজেপিৰ বাবে আৰু বৃদ্ধি পাব বুলি আশা কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু