--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আন এগৰাকী মহিলা ৰাষ্ট্ৰপতিয়ে দেশৰ প্ৰথম নাগৰিকৰ আসনত বহিবলৈ সাজু হৈছে! শাসকীয় মিত্ৰজোঁটে তেওঁলোকৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ঘোষণাৰ পাছত এতিয়া দেশৰ নতুন ৰাষ্ট্ৰপতিক লৈ চলি থকা উৎকণ্ঠাই নতুন মাত্ৰা লাভ কৰিছে। বিৰোধীৰ নানা অংক আৰু পৰিকল্পনা অব্যাহত হৈ থকাৰ মাজতে শাসকীয় পক্ষই তেওঁলোকৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে।

 

ৰামনাথ কোবিন্দৰ পাছত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি কোন হ'ব তাক লৈ তীব্ৰ জল্পনা-কল্পনা চলি আছিল। বিজেপিৰ প্ৰাৰ্থী তালিকাত থকা দুটা নাম আছিল কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খান আৰু ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল দ্ৰৌপদী মুৰ্মু। অৱশেষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে বিজেপিৰ শীৰ্ষ নেতাসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰি শেষ সিদ্ধান্ত গ্ৰহণ কৰে। দ্ৰৌপদী মুৰ্মু বিজেপি সমৰ্থিত মিত্ৰজোঁটৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হোৱাটোত চূড়ান্ত মোহৰ মৰা হয় এই বৈঠকতে। দ্ৰৌপদী মুৰ্মুৰ জন্ম ১৯৫৮ চনৰ ২০ জুনত উৰিষ্যাৰ ময়ূৰভঞ্জ জিলাৰ বাইদাপোচি গাঁৱত হৈছিল। তেওঁৰ পিতৃ আছিল বিৰাঁচী নাৰায়ণ টুডু।

 

তেওঁ ঝাৰখণ্ডৰ নৱম ৰাজ্যপাল হিচাপে নিযুক্ত হৈছিল আৰু পাঁচ বছৰৰ কাৰ্যকাল সম্পূৰ্ণ কৰা ঝাৰখণ্ডৰ প্ৰথম ৰাজ্যপাল আছিল। দ্ৰৌপদী মুৰ্মু উৰিষ্যাৰ এজন প্ৰাক্তন মন্ত্ৰী আছিল আৰু ২০ চনৰ পৰা ২০০৪ চনলৈ ৰায়ৰংপুৰ বিধানসভা সমষ্টিৰ বিধায়ক আছিল। ২০০০ আৰু ২০০৪ চনত, তেওঁ বিজেডি আৰু বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ সময়ত মন্ত্ৰী হৈছিল। তেওঁৰ হাতত পৰিবহন, পশুপালন আৰু মীন পালন বিভাগৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব আছিল। প্ৰাথমিক ধাৰণা অনুসৰি, তেওঁ ১৮ টা বিৰোধী দলৰ সমৰ্থিত প্ৰাৰ্থী যশৱন্ত সিনহাৰ তুলনাত অলপ আগবাঢ়ি আছে।

 

লক্ষ্যণীয় যে দৌপদী মুৰ্মু হৈছে জনজাতীয় সম্প্ৰদায়ৰ প্ৰতিনিধি। জনজাতীয় সম্প্ৰদায়ৰ প্ৰতিনিধি এগৰাকীৰাষ্ট্ৰপতি পদলৈ নিৰ্বাচিত হ’লে ৰাজস্থান, মধ্য প্ৰদেশ, ঝাৰখণ্ড, তেলেংগানা আৰু জম্মু-কাশ্মীৰকে ধৰি উত্তৰ-পূব ভাৰতৰ জনসাধাৰণৰ সমৰ্থন বিজেপিৰ বাবে আৰু বৃদ্ধি পাব বুলি আশা কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ