--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সংসাৰত নিত্য-নৈমিত্তিক কাজিয়া-পেচালনো কাৰ নাথাকে! স্বামী-স্ত্ৰীৰ মাজত সৰু-সুৰা বাক বিতণ্ডা চাবলৈ গ’লে এক স্বাভাৱিক কথাই। পিছে এই কাজিয়া-পেচাল বা বাক-বিতণ্ডা এটা সময়লৈকেহে সহ্যৰ ভিতৰত থাকে বা থাকিব পাৰে। এই বিবাদ গুৰুতৰ হ'লে স্বামীয়েই হওক বা পত্নীয়েই হওক কোনো চৰম পদক্ষেপ লৈ পেলাব পাৰে। পাৰিবাৰিক বিবাদ গৈ থানা-আদালতৰ মজিয়া পাবগৈ পাৰে, কেতিয়াবা হত্যা-আত্মহত্যা পৰ্যন্ত হ'ব পাৰে, নহ'লে সাধাৰণতেই দুয়োৰে মাজত বিচ্ছেদ ঘটিব পাৰে। এয়া স্বাভাৱিক।

পিছে এই স্বাভাৱিক প্ৰতিক্ৰিয়াৰ বিপৰীতে এনে পাৰিবাৰিক বিবাদৰ ফলশ্ৰুতিত পোহৰলৈ অহা উত্তৰ প্ৰদেশত সংঘটিত এক আজৱ ঘটনাইহে সম্প্ৰতি চমক সৃষ্টি কৰিছে।ৰাজ্যখনৰ মৌ জিলাৰ এজন ব্যক্তিয়ে এনে বিবাদৰ পৰা পৰিত্ৰাণ পাবলৈ গ্ৰহণ কৰিছে এক অভিনৱ কায়দা। পত্নীৰ দৈনন্দিন গালি-গালাজ আৰু শাৰীৰিক আক্ৰমণত বিব্ৰত হৈ পৰা এগৰাকী ব্যক্তিয়ে এতিয়া ঘৰৰ পৰিৱৰ্তে আশ্ৰয় লৈছে এজোপা গছৰ ওপৰত।

এজোপা প্ৰায় ৮০ ফুট ওখ খেজুৰ গছৰ ওপৰতে এমাহ সময় পাৰ কৰিছে এই মানুহজনে। ৰাম প্ৰভেশ নামৰ এই ৪২ বৰ্ষীয় ব্যক্তিগৰাকীয়ে সাংসাৰিক জীৱনত পত্নীৰ পৰা নিতৌ মানসিক তথা শাৰীৰিক নিৰ্যাতন পাই অসহ্য হৈ পৰিলত যোৱা প্ৰায় ছয় মাহ ধৰি গছজোপাৰ ওপৰতে কটাই দিছে।

এই অভিনৱ পদক্ষেপ গ্ৰহণ কৰা প্ৰভেশে অভিযোগ কৰা মতে বিগত ছয়মাহ ধৰি তেওঁ পত্নীৰ পৰা দৈনন্দিন গালি-গালাজৰ লগতে প্ৰায়ে শাৰীৰিকভাৱেও অত্যাচাৰৰ সন্মুখীন হৈছে। শেষত তেওঁ ইমানেই বিতুষ্ট হৈ পৰে যে চৌহদৰে এজোপা খেজুৰ গছত উঠে আৰু এমাহ ধৰি তাতে বাস কৰে। ইফালে খাদ্যৰ বাবে প্ৰভেশে ওলোমাই ৰাখিছে এডাল ৰছী আৰু পৰিয়ালৰ সদস্যসকলে এই ৰছীডালৰ জৰিয়তে খাদ্য তথা পানীৰ যোগান ধৰে আৰু ওপৰলৈ টানি নি এই খাদ্য গ্ৰহণ কৰে প্ৰভেশে।

ইফালে গাওঁবাসীয়ে জানিবলৈ দিয়া মতে প্ৰভেশ নিশা কোনো সময়ত গছৰ পৰা নামি আহি শৌচ-প্ৰস্ৰাৱ কৰাৰ পিছত পুনৰ গছৰ ওপৰলৈ উঠি যায়। তেওঁলোকে ৰাম প্ৰবেশক নামি আহিবলৈ জোৰ দিয়ে যদিও ৰাইজৰ আহ্বান অস্বীকাৰ কৰে প্ৰভেশে। শেষত উপায়ন্তৰ হৈ গাওঁবাসীয়ে আৰক্ষীক খবৰ দিয়ে। কিন্তু আৰক্ষী উপস্থিত হৈয়ো ৰাম প্ৰভেশক মান্তি কৰাবলৈ অসমৰ্থ হয়। কেইবাবাৰো অনুৰোধ কৰাৰ পিছতো যেতিয়া প্ৰভেশে আৰক্ষীৰ কথা নুশুনে, তেতিয়া তেওঁলোকে তেওঁৰ এটা ভিডিঅ' বনাই সেই ঠাইৰ পৰা গুচি যায়।

ইফালে গাঁওখনৰ মুৰব্বীয়ে প্ৰভেশৰ এই কাৰ্যৰ ফলত গাওঁবাসীৰ ব্যক্তিগত গোপনীয়তা ভংগ হোৱা বুলি অভিযোগ কৰিছে। তেওঁ অভিযোগ কৰা মতে প্ৰভেশে গছৰ ওপৰৰ পৰা কাষৰ মানুহৰ ঘৰত হৈ থকা কাম চাই থাকে। গাওঁখনৰ বহুতো মহিলা আহি তেওঁৰ ওচৰত এই বিষয়ে অভিযোগ কৰিছে বুলি গাঁৱৰ মুৰব্বী গৰাকীয়ে জানিবলৈ দিয়ে।

এনে অভিযোগৰ পিছতে আৰক্ষীক খবৰ দিয়া হয় যদিও আৰক্ষীও তেওঁক নামি আহিবলৈ সৈমান কৰাত বিফল হয় বুলি তেওঁ লগতে সদৰী কৰে। এই অভিনৱ কিটিপ গ্ৰহণ কৰা ৰাম প্ৰভেশে এতিয়াও খেজুৰ গছজোপাৰ ওপৰতে উঠি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
যুৱচামৰ মাজতো বাঢ়িছে বাতবিষৰ সমস্যা
এইবাৰ ইণ্ডিগ' বিমানত বিপত্তি; লেহগামী বিমান পুনৰ উভতিল দিল্লীলৈ
ব্যস্ততাপূৰ্ণ জীৱনত যোগৰ প্ৰয়োজনীয়তা কিমান? জানো আহক বিশেষজ্ঞৰ পৰা...
হিন্দুৱে গৰু মাংস কিয় কিয় থ'ব? থ'লে গাহৰিৰ মাংস থ'ব: হিমন্ত বিশ্ব শর্মা
গভীৰ সংকটত পাকিস্তানৰ কৃষক
সন্ত্রাসবাদৰ পৃষ্ঠপোষকতা কৰা ৰাষ্ট্ৰৰ বিৰুদ্ধে সৰৱ প্ৰধানমন্ত্ৰী মোদী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?
জীয়াই থকাৰ হেঁপাহ হেৰুৱাই যুৱতী আই টি ইঞ্জিনিয়াৰৰ চৰম সিদ্ধান্ত
মই জঁপিয়াই দিয়া নাছিলোঁ, চিটৰ সৈতে বাহিৰলৈ পৰিলোঁ! বিমান দুৰ্ঘটনাৰ পৰা কেনেকৈ বাচিল ক’লে ৰমেশ বিশ্বাস কুমাৰে
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক