--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পঢ়া-শুনাৰ পৰা মুক্তি পাবলৈ দশম শ্ৰেণীৰ এজন ছাত্ৰই অষ্টম শ্ৰেণীত পঢ়ি থকা বন্ধুক হত্যা কৰে। ছাত্ৰজনে পঢ়া-শুনা কৰিবলৈ একেবাৰে মন কৰা নাছিল। তেওঁ ভাবিছিল যে কেনেদৰে বিদ্যা অৰ্জন কৰাৰ পৰা হাত সাৰিব পৰা যায়। ইয়াৰ বাবেই দশম শ্ৰেণীৰ এজন ছাত্ৰজনে কৰিলে এক ভয়ংকৰ পৰিকল্পনা। স্কুললৈ নগৈ কেনেদৰে জে’লত থাকিব পাৰি সেই কথাই ছাত্ৰজনে দিনে-ৰাতিয়ে চিন্তা কৰিবলৈ ধৰিলে। ছাত্ৰজনে ভাবিছিল যে জেলত থাকিব পাৰিলে স্কুল যোৱাৰ পৰা ৰক্ষা পৰিব। 

সেই পৰিকল্পনা অনুসৰিয়ে তেওঁ হত্যা কৰে অষ্টম শ্ৰেণীত পঢ়ি থকা বন্ধুক। উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ মুছুৰী অঞ্চলত এই ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে। এই হত্যাকাণ্ডৰ তদন্ত কৰোতে শেষবাৰৰ বাবে দুয়োকে একেলগে দেখা গৈছিল বুলি জানিব পাৰে আৰক্ষীয়ে। আৰক্ষীয়ে ছাত্ৰজনক সন্দেহ কৰি জেৰা কৰিবলৈ আৰম্ভ কৰে। জেৰাত অভিযুক্ত ছাত্ৰই নিজৰ অপৰাধ স্বীকাৰ কৰে। স্কুলৰ পৰা পলায়ন কৰিবলৈ জে’ললৈ যোৱাৰ পৰিকল্পনা কৰা বুলি তেওঁ কয়। ইয়াৰ বাবেই তেওঁ বন্ধুজনক ডিঙি চেপি হত্যা কৰে। 

মছুৰী থানাৰ নানকাগড়ীত বাস কৰা ৰাজ মিষ্ট্ৰী বিনোদৰ পুত্ৰ নীৰজে অষ্টম শ্ৰেণীত অধ্যয়ন কৰিছিল। চুবুৰীটোত বাস কৰা ১৬ বছৰীয়া দশম শ্ৰেণীৰ ছাত্ৰজন আছিল তেওঁৰ বন্ধু। সোমবাৰে প্ৰায় চাৰি বজাত হত্যাকাৰী কিশোৰজনে ফুৰি অহাৰ অজুহাতত নীৰজক লগত লৈ যায়। দিল্লী-মীৰুট এক্সপ্ৰেছৱেৰ গাতে লাগি থকা এখন স্লেবলৈ লৈ গৈ নীৰজক ডিঙি চেপি হত্যা কৰে। নীৰজ অচেতন হৈ পৰে, তাৰ পিছতে থিতাতে পলায়ন কৰে অভিযুক্ত ছাত্ৰজন। আনহাতে, পথচাৰীসকলে কিশোৰজনক শুই থকা দেখি আৰক্ষীক খবৰ দিয়ে। 

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ নীৰজক ওচৰৰ এখন চিকিৎসালয়লৈ লৈ যায়, য’ত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। মুছুৰী আৰক্ষী চকীৰ SHO ৰবীন্দ্ৰ চান্দ পন্তই কয় যে, ‘শেষবাৰৰ বাবে নীৰজক চুবুৰীয়া কিশোৰজনৰ সৈতে দেখা গৈছিল। 

হত্যাকাৰীক জেৰা কৰাৰ পিছত জানিব পৰা গৈছে যে হত্যাকাৰী কিশোৰজনে পঢ়া-শুনা কৰিব নিবিচাৰিছিল আৰু বিদ্যালয়খনৰ পৰা মুক্তি পাবলৈ জে’ললৈ যোৱাৰ পৰিকল্পনা কৰিছিল, ইয়াৰ বাবেই তেওঁ নীৰজক হত্যা কৰিছিল। ছাত্ৰজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্তক।









FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু