--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পঢ়া-শুনাৰ পৰা মুক্তি পাবলৈ দশম শ্ৰেণীৰ এজন ছাত্ৰই অষ্টম শ্ৰেণীত পঢ়ি থকা বন্ধুক হত্যা কৰে। ছাত্ৰজনে পঢ়া-শুনা কৰিবলৈ একেবাৰে মন কৰা নাছিল। তেওঁ ভাবিছিল যে কেনেদৰে বিদ্যা অৰ্জন কৰাৰ পৰা হাত সাৰিব পৰা যায়। ইয়াৰ বাবেই দশম শ্ৰেণীৰ এজন ছাত্ৰজনে কৰিলে এক ভয়ংকৰ পৰিকল্পনা। স্কুললৈ নগৈ কেনেদৰে জে’লত থাকিব পাৰি সেই কথাই ছাত্ৰজনে দিনে-ৰাতিয়ে চিন্তা কৰিবলৈ ধৰিলে। ছাত্ৰজনে ভাবিছিল যে জেলত থাকিব পাৰিলে স্কুল যোৱাৰ পৰা ৰক্ষা পৰিব। 

সেই পৰিকল্পনা অনুসৰিয়ে তেওঁ হত্যা কৰে অষ্টম শ্ৰেণীত পঢ়ি থকা বন্ধুক। উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ মুছুৰী অঞ্চলত এই ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে। এই হত্যাকাণ্ডৰ তদন্ত কৰোতে শেষবাৰৰ বাবে দুয়োকে একেলগে দেখা গৈছিল বুলি জানিব পাৰে আৰক্ষীয়ে। আৰক্ষীয়ে ছাত্ৰজনক সন্দেহ কৰি জেৰা কৰিবলৈ আৰম্ভ কৰে। জেৰাত অভিযুক্ত ছাত্ৰই নিজৰ অপৰাধ স্বীকাৰ কৰে। স্কুলৰ পৰা পলায়ন কৰিবলৈ জে’ললৈ যোৱাৰ পৰিকল্পনা কৰা বুলি তেওঁ কয়। ইয়াৰ বাবেই তেওঁ বন্ধুজনক ডিঙি চেপি হত্যা কৰে। 

মছুৰী থানাৰ নানকাগড়ীত বাস কৰা ৰাজ মিষ্ট্ৰী বিনোদৰ পুত্ৰ নীৰজে অষ্টম শ্ৰেণীত অধ্যয়ন কৰিছিল। চুবুৰীটোত বাস কৰা ১৬ বছৰীয়া দশম শ্ৰেণীৰ ছাত্ৰজন আছিল তেওঁৰ বন্ধু। সোমবাৰে প্ৰায় চাৰি বজাত হত্যাকাৰী কিশোৰজনে ফুৰি অহাৰ অজুহাতত নীৰজক লগত লৈ যায়। দিল্লী-মীৰুট এক্সপ্ৰেছৱেৰ গাতে লাগি থকা এখন স্লেবলৈ লৈ গৈ নীৰজক ডিঙি চেপি হত্যা কৰে। নীৰজ অচেতন হৈ পৰে, তাৰ পিছতে থিতাতে পলায়ন কৰে অভিযুক্ত ছাত্ৰজন। আনহাতে, পথচাৰীসকলে কিশোৰজনক শুই থকা দেখি আৰক্ষীক খবৰ দিয়ে। 

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ নীৰজক ওচৰৰ এখন চিকিৎসালয়লৈ লৈ যায়, য’ত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। মুছুৰী আৰক্ষী চকীৰ SHO ৰবীন্দ্ৰ চান্দ পন্তই কয় যে, ‘শেষবাৰৰ বাবে নীৰজক চুবুৰীয়া কিশোৰজনৰ সৈতে দেখা গৈছিল। 

হত্যাকাৰীক জেৰা কৰাৰ পিছত জানিব পৰা গৈছে যে হত্যাকাৰী কিশোৰজনে পঢ়া-শুনা কৰিব নিবিচাৰিছিল আৰু বিদ্যালয়খনৰ পৰা মুক্তি পাবলৈ জে’ললৈ যোৱাৰ পৰিকল্পনা কৰিছিল, ইয়াৰ বাবেই তেওঁ নীৰজক হত্যা কৰিছিল। ছাত্ৰজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্তক।









FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ