--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীয়ে চলাই থকা সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ মাজতে শুকুৰবাৰে উপত্যকাটোৰ কুলগামত এনে এক অভিযানত নিহত হৈছে এগৰাকী অসামৰিক লোক। কাশ্মীৰ আৰক্ষীয়ে এক বিবৃতিত উল্লেখ কৰা মতে কুলগামৰ ৰেডৱানী অঞ্চলত শুকুৰবাৰে পুৱা নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত সংঘৰ্ষৰ সময়ত ব্যক্তিগৰাকী আহত হৈছিল।

আহত ব্যক্তি গৰাকীক লগে লগে স্থানীয় চিকিৎসালয়ত চিকিৎসাধীন কৰা হৈছিল যদিও আঘাত গুৰুতৰ হোৱাৰ বাবে তেওঁৰ স্বাস্থ্য ক্ৰমাৎ অৱনতি হ’বলৈ ধৰে আৰু অৱশেষত মৃত্যুক সাবটি লয় বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

নিহত ব্যক্তিগৰাকীক কুলগামৰ ৰেডৱানী বালাৰ বাসিন্দা মঞ্জুৰ আহমেদ লোন বুলি চিনাক্ত কৰা হৈছে। উল্লেখ্য যে দুমাহ পূৰ্বে এটি সন্তানৰ পিতৃ হৈছিল মঞ্জুৰ।

আনহাতে সংঘৰ্ষৰ সময়ত ভাৰতীয় সেনাৰ এগৰাকী জোৱানো আঘাতপ্ৰাপ্ত হয়। আহত কিৰণ সিং নামৰ জোৱান গৰাকীক সেনাৰ শ্ৰীনগৰস্থিত ৯২ বেচ হাস্পতাল চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। অৱশ্যে বৰ্তমান জোৱানগৰাকী সংকটমুক্ত বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

কাশ্মীৰ আৰক্ষীয়ে এক টুইটযোগে এই খবৰ প্ৰকাশ কৰাৰ লগতে ঘটনা সন্দৰ্ভত অনুসন্ধান অভিযান সমাপ্ত হৈছে বুলি উল্লেখ কৰে। উল্লেখ্য যে সেনাৰ সন্ত্ৰাসবাদ বিৰোধী এই অভিযানটো শুকুৰবাৰে পুৱা ৰেডৱানী অঞ্চলত সংঘটিত হৈছিল ।

শেহতীয়াকৈ জম্মু-কাশ্মীৰৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (এডিজিপি) বিজয় কুমাৰে দৃঢ়তাৰে যোৱা তিনি বছৰত কেন্দ্ৰীয় শাসিত অঞ্চলটোত নিৰাপত্তাবাহিনীৰ গুলীচালনাৰ ফলত কোনো অসামৰিক লোক হতাহত হোৱা নাই বুলি মন্তব্য কৰিছিল।

কিন্তু আজি মঞ্জু আহমেদ লোনৰ মৃত্যুৰ পিছত এতিয়া সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ