--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীয়ে চলাই থকা সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ মাজতে শুকুৰবাৰে উপত্যকাটোৰ কুলগামত এনে এক অভিযানত নিহত হৈছে এগৰাকী অসামৰিক লোক। কাশ্মীৰ আৰক্ষীয়ে এক বিবৃতিত উল্লেখ কৰা মতে কুলগামৰ ৰেডৱানী অঞ্চলত শুকুৰবাৰে পুৱা নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত সংঘৰ্ষৰ সময়ত ব্যক্তিগৰাকী আহত হৈছিল।

আহত ব্যক্তি গৰাকীক লগে লগে স্থানীয় চিকিৎসালয়ত চিকিৎসাধীন কৰা হৈছিল যদিও আঘাত গুৰুতৰ হোৱাৰ বাবে তেওঁৰ স্বাস্থ্য ক্ৰমাৎ অৱনতি হ’বলৈ ধৰে আৰু অৱশেষত মৃত্যুক সাবটি লয় বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

নিহত ব্যক্তিগৰাকীক কুলগামৰ ৰেডৱানী বালাৰ বাসিন্দা মঞ্জুৰ আহমেদ লোন বুলি চিনাক্ত কৰা হৈছে। উল্লেখ্য যে দুমাহ পূৰ্বে এটি সন্তানৰ পিতৃ হৈছিল মঞ্জুৰ।

আনহাতে সংঘৰ্ষৰ সময়ত ভাৰতীয় সেনাৰ এগৰাকী জোৱানো আঘাতপ্ৰাপ্ত হয়। আহত কিৰণ সিং নামৰ জোৱান গৰাকীক সেনাৰ শ্ৰীনগৰস্থিত ৯২ বেচ হাস্পতাল চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। অৱশ্যে বৰ্তমান জোৱানগৰাকী সংকটমুক্ত বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

কাশ্মীৰ আৰক্ষীয়ে এক টুইটযোগে এই খবৰ প্ৰকাশ কৰাৰ লগতে ঘটনা সন্দৰ্ভত অনুসন্ধান অভিযান সমাপ্ত হৈছে বুলি উল্লেখ কৰে। উল্লেখ্য যে সেনাৰ সন্ত্ৰাসবাদ বিৰোধী এই অভিযানটো শুকুৰবাৰে পুৱা ৰেডৱানী অঞ্চলত সংঘটিত হৈছিল ।

শেহতীয়াকৈ জম্মু-কাশ্মীৰৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (এডিজিপি) বিজয় কুমাৰে দৃঢ়তাৰে যোৱা তিনি বছৰত কেন্দ্ৰীয় শাসিত অঞ্চলটোত নিৰাপত্তাবাহিনীৰ গুলীচালনাৰ ফলত কোনো অসামৰিক লোক হতাহত হোৱা নাই বুলি মন্তব্য কৰিছিল।

কিন্তু আজি মঞ্জু আহমেদ লোনৰ মৃত্যুৰ পিছত এতিয়া সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ