--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিদেশ ভ্ৰমণৰ সময়ত গোপনীয়ভাৱে বিদেশী ধন লগত নিয়াটো কোনো আচৰিত কথা নহয়। প্ৰায়ে বিমানবন্দৰত পৰীক্ষাৰ সময়ত এনেদৰে গোপনকৈ লগত নিয়া বিদেশী মুদ্ৰাৰ ক্ষেত্ৰত থকা নীতি-নিয়ম উলংঘনৰ বাবে বহু যাত্ৰী বিপদত পৰাৰ খবৰ প্ৰকাশ পায়। অৱশ্যে এনে ধনৰ পৰিমাণ যদি বৃহৎ হয়, তেতিয়া এই ধন কঢ়িয়াই নিয়া যাত্ৰীগৰাকী কাৰাবাসো খাটিবলগীয়া হয়।

যোৱা ২ আগষ্টতে এইদৰে প্ৰায় ১৫ লক্ষাধিক টকা মূল্যৰ মাৰ্কিন ডলাৰ অনুমোদন অবিহনে লুকুৱাই নিয়াৰ বাবে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত গ্ৰেপ্তাৰ হৈছিল এজন ব্যক্তি। তেনে এক অনুৰূপ ঘটনা পুনৰ ঘটিছে বিমানবন্দৰটোত।

এইবাৰ অৱশ্যে জব্দ হোৱা ধনৰ পৰিমাণ পূৰ্বতকৈও অধিক। বিমানবন্দৰত থকা শুল্ক বিভাগে বৃহস্পতিবাৰে এগৰাকী যাত্ৰীৰ পৰা জব্দ কৰিছে ৪১.৮ লাখ টকাতকৈও অধিক মূল্যৰ বিদেশী নোট।
ডুবাইলৈ ৰাওনা হ'বলগীয়া ভাৰতীয় যাত্ৰী এগৰাকীৰ পৰা এই নোটখিনি জব্দ কৰিছে শুল্ক বিভাগে। নতুন দিল্লীৰ পৰা XI-১৪১ নম্বৰৰ বিমানেৰে ডুবাইলৈ ৰাওনা হোৱাৰ বাবে যাত্ৰীগৰাকী বিমানবন্দৰত উপস্থিত হৈছিল।

কিন্তু বিমানবন্দৰৰ নিৰাপত্তাৰক্ষীয়ে সন্দেহবশত: তেওঁক পৰীক্ষা চলোৱাৰ পিছত লগত নিয়া লাগেজৰ পৰা বিদেশী নোটসমূহ উদ্ধাৰ কৰে। অবৈধভাৱে লগত নিয়া এই বৃহৎ বিদেশী ধনৰাশি ধৰা পৰাৰ পিছতে শুল্ক বিভাগে শুল্ক আইন, ১৯৬২ৰ ধাৰা ১১০ ৰ অধীনত মুঠ ৫২,৯০০ ডলাৰ জব্দ কৰে। একে আইনৰ ১০৪ ধাৰাৰ অধীনত যুৱকজনকো গ্ৰেপ্তাৰ কৰে বিভাগটোৱে।

উল্লেখ্য যে শেহতীয়াকৈ কেৱল এনেদৰে অবৈধভাৱে ধন কঢ়িয়াই নিয়াৰ বাবেই নহয়, বিমান বন্দৰত আন কিছু চোৰাং বেহা তথা অবৈধ সামগ্ৰীৰ সৰবৰাহৰ অনেক ঘটনাও ধৰা পৰিছে।

কিছুদিন পূৰ্বে শতাধিক বন্য জীৱ-জন্তুৰ সৈতে বেংককৰ এটা বিমানবন্দৰত গ্ৰেপ্তাৰ হৈছিল এটা ভাৰতীয় দম্পতী। বেগৰ ভিতৰত সোমোৱাই অনা এই জীৱ-জন্তু সমূহৰ সৈতে দম্পতীহাল চেন্নাই অভিমুখী বিমানত উঠাৰ আগে আগে গ্ৰেপ্তাৰ হৈছিল।

তাৰ কিছুদিন পূৰ্বে দেশৰে এটা বিমানবন্দৰৰ বন্য জন্তসহ দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এহাল দম্পতীৰ বেগত ওলাইছিল ৪৫ টা বন্দুক। আনহাতে চেন্নাইৰ বিমানবন্দৰতো এগৰাকী তাঞ্জানিয়ান নাগৰিকৰ পৰা শুল্ক বিভাগে উদ্ধাৰ কৰিছিল ৮.৮৬ কোটি টকা মূল্যৰ ড্ৰাগছ।

এনেবোৰ ঘটনা পোহৰলৈ অহাৰ পিছত বিমানবন্দৰ সমূহ চোৰাং বেহাৰ নিৰাপদ পথত পৰিণত হৈছে নেকি বুলি প্ৰশ্ন উত্থাপন হৈছে। দেখাত কটকটীয়া যেন লাগিলেও বিমানবন্দৰৰ নিৰাপত্তা ব্যৱস্থাত সুৰুঙা বা কেৰোণ থকাৰ সন্দেহো উদ্ভৱ হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্মার্ট জলসিঞ্চন পদ্ধতিৰ উদ্ভাৱন আই আই টি, বম্বেৰ
ৰাছিয়াত বিমান দুর্ঘটনাত ৪৮জনৰ মৃত্যু
শীতল পানীয়, কুঁহিয়াৰৰ ৰস, নেমুৰ চৰবতৰ বিপণীত গ্ৰাহকৰ ভিৰ
কি কি বাস্তুদোষ থাকিলে টোপনি ব্যাহত হয়?
৭৭ বছৰত নদীত বিলীন ৰাজ্যৰ ৪৩২ গাঁও
বাৰ্ষিক টোল পাছৰ বুকিং কেতিয়াৰ পৰা আৰম্ভ হ’ব?
যুদ্ধক্ষেত্ৰত পৰিণত মুজিবুৰৰ গৃহ চহৰ গোপালগঞ্জ ;১৪জনক গ্ৰেপ্তাৰ, ২২ ঘণ্টীয়া সান্ধ্য আইন জাৰি
২ খন নাওৰ সৈতে ৩৪ জন ভাৰতীয় মাছমৰীয়াক আটক
ট্ৰাম্পৰ ভ্ৰমণ খবৰ মিছা ! স্পষ্টীকৰণ হোৱাইট হাউচৰ
আমেৰিকাৰ ঘোষণাৰ পাছত আঞ্চলিক সন্ত্ৰাসবিৰোধী সহযোগিতাৰ আহ্বান চীনৰ
বৃহৎ উপাৰ্জনেৰে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে বিচিচিআইয়ে ; দুবছৰত ৫ হাজাৰ কোটি টকাৰ লাভ
অসমৰ ৪৬ শতাংশ লোকে পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে ড° হিমন্ত বিশ্ব শর্মাক, ৪৫শতাংশই গৌৰৱ গগৈক
এ কে-২০৩ ৰাইফল : সশস্ত্র বাহিনীলৈ নতুন উপহাৰ
মাজুলীৰ পথাৰত ছিঁৰাল ফাট