--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অসমীয়া সমাজত কৰ্দৈ অতি জনপ্ৰিয় টেঙা। যাৰ বৈজ্ঞানিক নাম Averrhoa Carambola । কৈৰ্দত বহুতো ভিটামিন, খনিজ দ্ৰব্য এণ্টিঅক্সিডেণ্ট আদি থকাৰ উপৰি ফাইবাৰ, প্ৰটিন, ভিটামিন-চি, ভিটামিন-বি, কেলচিয়াম, ছডিয়াম, পটাছিয়াম আৰু মেগনেছিয়ামৰ প্ৰধান উৎস বুলি কোৱা হয়।গ্ৰাম্য জীৱনত কৰ্দৈৰ জনপ্ৰিয়তা অধিক দেখা যায়। ইয়াক ৰান্ধি অথবা কেঁচাই খালেও উপকাৰিতা লাভ কৰিব পাৰি।
জানো আহক ইয়াৰ উপকাৰিতাসমূহ-
১) কৰ্দৈ অধিক ফাইবাৰযুক্ত হোৱা হেতুকে দেহত কেন্সাৰ ৰোগ প্ৰতিৰোধ কৰাৰ শক্তি থকাৰ উপৰি ফাইবাৰসমূহে দেহৰ toxicity হ্ৰাস কৰে যাৰ বাবে কেন্সাৰৰ আশংকা হ্ৰাস হয়।
২) ছালৰ ৰোগ চৰাইছিছ আৰু ডাৰমটাইটিছ প্ৰশমনৰ বাবে উপকাৰী বুলিব পাৰি। কাৰণ কৰ্দৈত থকা উচ্চ গুণম্পন্ন এণ্টিঅক্সিডেণ্টৰ বাবে অতি উপকাৰী বুলি জনা যায়।
৩) এই টেঙাজাতীয় ফলবিধ চৰ্বিশূন্য কিন্তু ফাইবাৰ অধিক পৰিমাণে থাকে বাবে শৰীৰৰ বিপাকীয় কাৰ্য ক্ষিপ্ৰতাৰ হয় । ফলত দেহত অতি মেদবহুলতা সমস্যাসমূহ নিয়ন্ত্ৰণ কৰিব পাৰি।
৪)কৰ্দৈত ভিটামিন-চি আৰু এণ্টিঅক্সিডেণ্টসমূহে তেজৰ শ্বেতৰক্ত কণিকা গঠনত সহায় কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।
৫) ইয়াৰ ইনফ্লেমেটৰি গুণ থকাৰ বাবে ডিঙিৰ খুচখুচনি দূৰ কৰা, হাওঁফাওঁত জমা হোৱা কফ নিঃসৰণ কৰাত সহায়ক হয়।
৬)ইয়াৰ থকা ছডিয়াম, পটেছিয়ামে তেজৰ ইলেক্ট্ৰলাইট সমতুল্য কৰি ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰে, হৃদযন্ত্ৰৰ স্পন্দন নিয়ন্ত্ৰণ, দেহত ৰক্ত সঞ্চালন কৰি কেলচিয়ামে ৰক্ত পৰিবাহী শিৰা বা ধমনীৰ সঠিক কৰি হাৰ্টএটেকৰ আশংকা দূৰ কৰিব পাৰে।
৭) কোষ্ঠকাঠিন্যৰ সমস্যা, ডিচেণ্ট্ৰি আদিতো এই ফল উপকাৰী বুলিব পাৰি। কিন্তু কৰ্দৈ খাওঁতে সাৱধান হওক। কাৰণ বৃক্ক ৰোগত কৰ্দৈ টেঙা অপকাৰী হোৱাৰ লগতে ইয়াত এবিধ বিষাক্ত দ্ৰব্য 'নিউটক্সিন' নামৰ এবিধ কাৰাম্বন্ধিন থাকে। যিয়ে মানৱ শৰীৰত মগজু আৰু স্নায়ু সমস্যাৰ সৃষ্টি কৰিব পাৰে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ