--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰত্নাকৰৰ পৰা বাল্মিকীলৈ ৰূপান্তৰ কৰাৰ পণ৷হত্যা, ধৰ্ষণ, ডকাইতি আৰু অপহৰণৰ দৰে গুৰুতৰ অপৰাধত দোষী সাব্যস্ত হৈ ভূপালৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা ৫০ জনতকৈও অধিক কয়েদীক এইবাৰ  পুৰোহিত হিচাবে গঢ়ি তোলাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ কাৰাগাৰ খনত গায়ত্ৰী শক্তি পীঠৰ উদ্যোগত কাৰাবন্দীক পুৰোহিতৰ প্ৰশিক্ষণ দিয়াৰ মাহজোৰা পাঠ্যক্ৰম আৰম্ভ কৰা হৈছে। 

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ সমৰ্থিত গায়ত্ৰী শক্তি পীঠ হৈছে গায়ত্ৰী পৰিৱাৰৰ এক ভগ্নী সংগঠন ৷যি "হিন্দু ধৰ্মৰ বিষয়ত সজাগতা সৃষ্টিৰ কাম কৰি আহিছে৷

ইতিমধ্যে কাৰাগাৰ খনৰ ৫০ জনতকৈও অধিক কয়েদীক 'যুগ পুৰোহিত' বা পুৰোহিতৰ প্ৰশিক্ষণ পাঠ্যক্ৰম প্ৰদান কৰা হৈছে। কাৰাগাৰ প্ৰশাসন আৰু গায়ত্ৰী শক্তি পীঠে  ১৫০ জনৰো অধিক দোষী সাব্যস্ত হৈ শাস্তি ভোগ কৰি থকা কাৰাবন্দীৰ মাজৰে পৰা এই ৫০ গৰাকী কাৰাবন্দীক বাছনি কৰিছে৷কাৰাগাৰৰ সূত্ৰই প্ৰকাশ কৰা মতে অতি শীঘ্ৰে কাৰাবন্দীৰ দ্বিতীয় দলটোক পুৰোহিতৰ প্ৰশিক্ষণ দিয়া হ’ব৷

পুৰোহিতৰ প্ৰশিক্ষণ পাঠ্যক্ৰমৰ বাবে নিৰ্বাচন কৰা  বন্দীসকলক মন্ত্ৰৰ লগতে আঠৰ পৰা দহ খন ধৰ্মীয় কিতাপ দিয়া হৈছে। তেওঁলোকক আঠজন শিক্ষকে আবেলি ১ বজাৰ পৰা ৪ বজাৰ ভিতৰত তিনিটা বিষয়ত পাঠদান কৰিছে৷

কাৰাবন্দীসকলক হিন্দু ৰীতি-নীতি অনুসৰি মৃত্যু, জন্ম, বিবাহ, উৎসৱ, গৃহপ্ৰৱেশ  আৰু অন্যান্য অনুষ্ঠানৰ বাবে পূজা কৰাৰ বিভিন্ন পদ্ধতি শিকোৱা হৈছিল। সংগীতৰ শ্ৰেণীত তেওঁলোকক কেতবোৰ বিশেষ পৰম্পৰাগত বাদ্যযন্ত্ৰৰ ব্যৱহাৰ শিকোৱা হৈছে৷  ভজন গোৱাৰ নিয়ম, সুৰ আদিৰ লগতে মন্ত্ৰবোৰ কেনেদৰে সঠিকভাৱে উচ্চাৰণ কৰিব লাগে সেই বিষয়েও শিকোৱা হৈছে৷ কাৰাবন্দীসকলক হিন্দু ধৰ্ম কি, ক্ৰোধ কেনেদৰে নিয়ন্ত্ৰণ কৰিব লাগে আৰু ধৰ্মৰ সহায়ত সুখৰ পথ কিদৰে প্ৰাপ্ত কৰিব পাৰি আদি কথাও  শিকোৱা হৈছে৷ 

গায়ত্ৰী শক্তি পীঠৰ সদস্য সদানন্দ আমৰেকাৰে কয়, "কাৰাবন্দীসকলে কাৰামুক্ত হোৱাৰ পিছত সমাজত নিজকে এজন ভাল ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে পুৰোহিত প্ৰশিক্ষণ দিয়া হৈছে আৰু পুৰোহিত/পণ্ডিতৰ (পুৰোহিত) অৰ্থই হৈছে আনৰ যত্ন লোৱা। এতিয়ালৈকে ৫০ জন কাৰাবন্দীক আমি প্ৰশিক্ষণ দিছো। তেওঁলোকে মুক্তিৰ পিছত পুৰোহিত হিচাপে কাম কৰি উপাৰ্জন কৰিব পাৰিব।"

তেওঁ লগতে কয়, "আমি এই বন্দীসকলক প্ৰশিক্ষণ দি আছো কিয়নো তেওঁলোক সমাজৰ পৰা আঁতৰি আছে। তেওঁলোকক ৰীতি-নীতি শিকোৱা হৈছে যাতে তেওঁলোকে মানুহ আৰু ধৰ্মৰ কল্যাণৰ বাবে কাম কৰিব পাৰে।"

ভূপাল কেন্দ্ৰীয় কাৰাগাৰত 'পুৰোহিত প্ৰশিক্ষণ' লাভ কৰা কাৰাবন্দীসকলক প্ৰমাণপত্ৰও প্ৰদান কৰা হৈছে৷ 

জনজাতীয় সম্প্ৰদায়ৰ  নৱ প্ৰশিক্ষিত পুৰোহিত বলৰাম সিং (২৫)  ২০১৯ চনৰ পৰা ডকাইতিৰ অভিযোগত ভূপাল কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে। মধ্য প্ৰদেশৰ মৌৰ বাসিন্দা বলৰামক তেওঁৰ অপৰাধৰ বাবে ১০ বছৰৰ কাৰাদণ্ড বিহা হৈছে।পুৰোহিতৰ প্ৰশিক্ষণ লাভ কৰি তেওঁ সুখী বুলি প্ৰকাশ কৰিছে৷

'যুগ পুৰোহিত' পাঠ্যক্ৰম লাভ কৰাৰ পিছত বহু কাৰাবন্দীয়ে মন্তব্য কৰিছে যে এই প্রশিক্ষণে তেওঁলোকৰ জীৱন "সলনি" কৰিছে। ।

গায়ত্ৰী শক্তি পীঠ কাৰ্যসূচীৰ সমন্বয়ক ৰমেশ নগৰে কয় যে যোৱা দুবছৰত কেন্দ্ৰীয় কাৰাগাৰৰ  ভিতৰত কাৰাগাৰ কৰ্তৃপক্ষৰ সহায়ত পাঁচৰ পৰা ছয়টা মন্দিৰ নিৰ্মাণ কৰা হৈছে৷ তাত প্ৰশিক্ষিত পুৰোহিতক নিযুক্তি দিয়া হ'ব।ভূপাল কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক দিনেশ নাৰ্গাভে এই প্ৰচেষ্টাৰ শলাগ লৈছে৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ