--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰত্নাকৰৰ পৰা বাল্মিকীলৈ ৰূপান্তৰ কৰাৰ পণ৷হত্যা, ধৰ্ষণ, ডকাইতি আৰু অপহৰণৰ দৰে গুৰুতৰ অপৰাধত দোষী সাব্যস্ত হৈ ভূপালৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা ৫০ জনতকৈও অধিক কয়েদীক এইবাৰ  পুৰোহিত হিচাবে গঢ়ি তোলাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ কাৰাগাৰ খনত গায়ত্ৰী শক্তি পীঠৰ উদ্যোগত কাৰাবন্দীক পুৰোহিতৰ প্ৰশিক্ষণ দিয়াৰ মাহজোৰা পাঠ্যক্ৰম আৰম্ভ কৰা হৈছে। 

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ সমৰ্থিত গায়ত্ৰী শক্তি পীঠ হৈছে গায়ত্ৰী পৰিৱাৰৰ এক ভগ্নী সংগঠন ৷যি "হিন্দু ধৰ্মৰ বিষয়ত সজাগতা সৃষ্টিৰ কাম কৰি আহিছে৷

ইতিমধ্যে কাৰাগাৰ খনৰ ৫০ জনতকৈও অধিক কয়েদীক 'যুগ পুৰোহিত' বা পুৰোহিতৰ প্ৰশিক্ষণ পাঠ্যক্ৰম প্ৰদান কৰা হৈছে। কাৰাগাৰ প্ৰশাসন আৰু গায়ত্ৰী শক্তি পীঠে  ১৫০ জনৰো অধিক দোষী সাব্যস্ত হৈ শাস্তি ভোগ কৰি থকা কাৰাবন্দীৰ মাজৰে পৰা এই ৫০ গৰাকী কাৰাবন্দীক বাছনি কৰিছে৷কাৰাগাৰৰ সূত্ৰই প্ৰকাশ কৰা মতে অতি শীঘ্ৰে কাৰাবন্দীৰ দ্বিতীয় দলটোক পুৰোহিতৰ প্ৰশিক্ষণ দিয়া হ’ব৷

পুৰোহিতৰ প্ৰশিক্ষণ পাঠ্যক্ৰমৰ বাবে নিৰ্বাচন কৰা  বন্দীসকলক মন্ত্ৰৰ লগতে আঠৰ পৰা দহ খন ধৰ্মীয় কিতাপ দিয়া হৈছে। তেওঁলোকক আঠজন শিক্ষকে আবেলি ১ বজাৰ পৰা ৪ বজাৰ ভিতৰত তিনিটা বিষয়ত পাঠদান কৰিছে৷

কাৰাবন্দীসকলক হিন্দু ৰীতি-নীতি অনুসৰি মৃত্যু, জন্ম, বিবাহ, উৎসৱ, গৃহপ্ৰৱেশ  আৰু অন্যান্য অনুষ্ঠানৰ বাবে পূজা কৰাৰ বিভিন্ন পদ্ধতি শিকোৱা হৈছিল। সংগীতৰ শ্ৰেণীত তেওঁলোকক কেতবোৰ বিশেষ পৰম্পৰাগত বাদ্যযন্ত্ৰৰ ব্যৱহাৰ শিকোৱা হৈছে৷  ভজন গোৱাৰ নিয়ম, সুৰ আদিৰ লগতে মন্ত্ৰবোৰ কেনেদৰে সঠিকভাৱে উচ্চাৰণ কৰিব লাগে সেই বিষয়েও শিকোৱা হৈছে৷ কাৰাবন্দীসকলক হিন্দু ধৰ্ম কি, ক্ৰোধ কেনেদৰে নিয়ন্ত্ৰণ কৰিব লাগে আৰু ধৰ্মৰ সহায়ত সুখৰ পথ কিদৰে প্ৰাপ্ত কৰিব পাৰি আদি কথাও  শিকোৱা হৈছে৷ 

গায়ত্ৰী শক্তি পীঠৰ সদস্য সদানন্দ আমৰেকাৰে কয়, "কাৰাবন্দীসকলে কাৰামুক্ত হোৱাৰ পিছত সমাজত নিজকে এজন ভাল ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে পুৰোহিত প্ৰশিক্ষণ দিয়া হৈছে আৰু পুৰোহিত/পণ্ডিতৰ (পুৰোহিত) অৰ্থই হৈছে আনৰ যত্ন লোৱা। এতিয়ালৈকে ৫০ জন কাৰাবন্দীক আমি প্ৰশিক্ষণ দিছো। তেওঁলোকে মুক্তিৰ পিছত পুৰোহিত হিচাপে কাম কৰি উপাৰ্জন কৰিব পাৰিব।"

তেওঁ লগতে কয়, "আমি এই বন্দীসকলক প্ৰশিক্ষণ দি আছো কিয়নো তেওঁলোক সমাজৰ পৰা আঁতৰি আছে। তেওঁলোকক ৰীতি-নীতি শিকোৱা হৈছে যাতে তেওঁলোকে মানুহ আৰু ধৰ্মৰ কল্যাণৰ বাবে কাম কৰিব পাৰে।"

ভূপাল কেন্দ্ৰীয় কাৰাগাৰত 'পুৰোহিত প্ৰশিক্ষণ' লাভ কৰা কাৰাবন্দীসকলক প্ৰমাণপত্ৰও প্ৰদান কৰা হৈছে৷ 

জনজাতীয় সম্প্ৰদায়ৰ  নৱ প্ৰশিক্ষিত পুৰোহিত বলৰাম সিং (২৫)  ২০১৯ চনৰ পৰা ডকাইতিৰ অভিযোগত ভূপাল কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে। মধ্য প্ৰদেশৰ মৌৰ বাসিন্দা বলৰামক তেওঁৰ অপৰাধৰ বাবে ১০ বছৰৰ কাৰাদণ্ড বিহা হৈছে।পুৰোহিতৰ প্ৰশিক্ষণ লাভ কৰি তেওঁ সুখী বুলি প্ৰকাশ কৰিছে৷

'যুগ পুৰোহিত' পাঠ্যক্ৰম লাভ কৰাৰ পিছত বহু কাৰাবন্দীয়ে মন্তব্য কৰিছে যে এই প্রশিক্ষণে তেওঁলোকৰ জীৱন "সলনি" কৰিছে। ।

গায়ত্ৰী শক্তি পীঠ কাৰ্যসূচীৰ সমন্বয়ক ৰমেশ নগৰে কয় যে যোৱা দুবছৰত কেন্দ্ৰীয় কাৰাগাৰৰ  ভিতৰত কাৰাগাৰ কৰ্তৃপক্ষৰ সহায়ত পাঁচৰ পৰা ছয়টা মন্দিৰ নিৰ্মাণ কৰা হৈছে৷ তাত প্ৰশিক্ষিত পুৰোহিতক নিযুক্তি দিয়া হ'ব।ভূপাল কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক দিনেশ নাৰ্গাভে এই প্ৰচেষ্টাৰ শলাগ লৈছে৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
যোৰহাটৰ অপহৃত কিশোৰী নগাঁৱৰ হোটেলৰ পৰা উদ্ধাৰ
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি