--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে সোণালী ফ’গাটৰ আকস্মিক মৃত্যুয়ে৷ টিকটক ষ্টাৰ হিচাপে পৰিচিত সোণালী ফ’গাটে বিগ বছতো অংশ লৈছিল লগতে বিজেপি দলৰ সৈতেও জড়িত আছিল৷ 

গোৱাৰ ডিজিপি জছপাল সিঙে সোণালী  ফ’গাটৰ মৃত্যু সন্দৰ্ভত শুক্ৰবাৰে  কয় যে, টিকটক তাৰকা আৰু বিজেপি নেত্ৰী সোনালী ফ’গাটৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অমীমাংসিত হৈ আছে। 

আনহাতে চি চি টিভি ফুটেজত জৰিয়তে স্পষ্টকৈ দেখা গৈছিল  যে তেওঁক  এটা বটল দিয়া হৈছিল৷ কিন্তু   সেই বটলত থকা দ্ৰব্য  পান কৰাত দ্বিধাগ্ৰস্ত হোৱা যেন লাগিছিল সোণালীক৷ 

আনহাতে  দুজন লোকক ২৩ আগষ্টৰ পুৱা প্ৰায় ৪.৩০ বজাত ফোগাটক ৰেষ্টুৰেণ্টৰ ৱাছৰুমলৈ লৈ যোৱা চি চি টিভি কেমেৰাত দেখা গৈছিল   আৰু তেওঁলোক তিনিওজন দুঘণ্টাৰ বাবে ৱাছৰুমৰ ভিতৰত আছিল। 

আনফালে  "অৰ্থনৈতিক স্বাৰ্থ"ৰ বাবেই তেওঁক হত্যা কৰাৰ সম্ভাৱনা আছে বুলিও এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে  আই জি পিয়ে ৷ 

 মৃত্যুৰ আগতে ৰেষ্টুৰেণ্টত অভিযুক্তৰ দ্বাৰা সোণালী ফ’গাটক প্ৰয়োজনতকৈ অধিক  পানীয় পান কৰিবলৈ দিছিল বুলি গোৱা আৰক্ষীয়ে   স্পষ্টকৈ জানিবলৈ দিয়ে৷ 

শুকুৰবাৰে আৰক্ষীয়ে কয় যে, বিজেপি নেত্ৰী সোণালী ফ’গাটক উত্তৰ গোৱা ৰেষ্টুৰেণ্ট এখনত এটা পাৰ্টিৰ সময়ত দুজন ব্যক্তিয়ে  পানীয়ৰ জৰিয়তে কিছুমান বিষাক্ত  ৰাসায়নিক পদাৰ্থ খুৱাইছিল যাৰ ফলত তেওঁৰ মৃত্যু হৈছিল। 

শুক্ৰবাৰে আৰক্ষী এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে । অনুসন্ধান প্ৰক্ৰিয়াৰ খৰতকীয়া গতিৰ বাবে সন্তুষ্টি প্ৰকাশ কৰিছে সোণালী ফ’গাটৰ ভাতৃয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু