--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে সোণালী ফ’গাটৰ আকস্মিক মৃত্যুয়ে৷ টিকটক ষ্টাৰ হিচাপে পৰিচিত সোণালী ফ’গাটে বিগ বছতো অংশ লৈছিল লগতে বিজেপি দলৰ সৈতেও জড়িত আছিল৷ 

গোৱাৰ ডিজিপি জছপাল সিঙে সোণালী  ফ’গাটৰ মৃত্যু সন্দৰ্ভত শুক্ৰবাৰে  কয় যে, টিকটক তাৰকা আৰু বিজেপি নেত্ৰী সোনালী ফ’গাটৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অমীমাংসিত হৈ আছে। 

আনহাতে চি চি টিভি ফুটেজত জৰিয়তে স্পষ্টকৈ দেখা গৈছিল  যে তেওঁক  এটা বটল দিয়া হৈছিল৷ কিন্তু   সেই বটলত থকা দ্ৰব্য  পান কৰাত দ্বিধাগ্ৰস্ত হোৱা যেন লাগিছিল সোণালীক৷ 

আনহাতে  দুজন লোকক ২৩ আগষ্টৰ পুৱা প্ৰায় ৪.৩০ বজাত ফোগাটক ৰেষ্টুৰেণ্টৰ ৱাছৰুমলৈ লৈ যোৱা চি চি টিভি কেমেৰাত দেখা গৈছিল   আৰু তেওঁলোক তিনিওজন দুঘণ্টাৰ বাবে ৱাছৰুমৰ ভিতৰত আছিল। 

আনফালে  "অৰ্থনৈতিক স্বাৰ্থ"ৰ বাবেই তেওঁক হত্যা কৰাৰ সম্ভাৱনা আছে বুলিও এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে  আই জি পিয়ে ৷ 

 মৃত্যুৰ আগতে ৰেষ্টুৰেণ্টত অভিযুক্তৰ দ্বাৰা সোণালী ফ’গাটক প্ৰয়োজনতকৈ অধিক  পানীয় পান কৰিবলৈ দিছিল বুলি গোৱা আৰক্ষীয়ে   স্পষ্টকৈ জানিবলৈ দিয়ে৷ 

শুকুৰবাৰে আৰক্ষীয়ে কয় যে, বিজেপি নেত্ৰী সোণালী ফ’গাটক উত্তৰ গোৱা ৰেষ্টুৰেণ্ট এখনত এটা পাৰ্টিৰ সময়ত দুজন ব্যক্তিয়ে  পানীয়ৰ জৰিয়তে কিছুমান বিষাক্ত  ৰাসায়নিক পদাৰ্থ খুৱাইছিল যাৰ ফলত তেওঁৰ মৃত্যু হৈছিল। 

শুক্ৰবাৰে আৰক্ষী এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে । অনুসন্ধান প্ৰক্ৰিয়াৰ খৰতকীয়া গতিৰ বাবে সন্তুষ্টি প্ৰকাশ কৰিছে সোণালী ফ’গাটৰ ভাতৃয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ