--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল আহ্বান। কেবিনেটত গ্ৰহণ কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

ৰাজ্য চৰকাৰৰ কৰ্মচাৰী সকলৰ জীৱন বীমাৰ দ্বাৰা লাভ কৰা সুবিধাৰ পৰিসৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে। কেবিনেটৰ সিদ্ধান্ত অনুসৰি ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ পৰিয়ালৰ সদস্যৰ আকস্মিক মৃত্যুৰ বাবে ২১ কোটি, চিৰজীৱনৰ বাবে অক্ষম হ’লে ১কোটি, আংকশিকভাৱে অক্ষম হ’লে ৮০ লাখ টকা আৰু যিকোনো অসুস্থতাৰ বাবে মৃত্যু ঘটিলে ১০ লাখ টকাৰ ক্ষতিপূৰণ লাভ কৰিব৷ নিৰ্দিষ্ট কৰ্মচাৰী জনৰ একাউণ্ট থকা বেংকে এই সুবিধা আগবঢ়াব বুলি সদৰি কৰিছে।

কেবিনেট বৈঠকত অসমৰ চাহ নিগমৰ অধীনত থকা বাগিচা সমূহৰ কৰ্মচাৰী আৰু শ্ৰমিকলৈ ২0% পূজাৰ বানচ দিয়াৰ সিদ্ধান্ত গ্ৰহণৰ কৰিছে৷

ৰাজ্যৰ শক্তি ক্ষেত্ৰত ৰাজসাহায্য বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে৷ বিদ্যুৎ গ্ৰাহকক সকাহ দিবলৈ জীৱন ধৰা আৰু ঘৰুৱা-ক শিতানৰ অধীনত কেবিনেটে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডক ২০০ কোটি ৰাজসাহায্যৰ অনুমোদন প্ৰদান কৰিছে৷
জীৱন ধৰা শ্ৰেণীৰ মুঠ ৫,৯৬,৪০০ গ্ৰাহক আৰু ঘৰুৱা-ক শ্ৰেণীৰ ৫৫,৬৭,০৩৯ জন গ্ৰাহক উপকৃত হ’ব বুলি সদৰি কৰিছে৷

মৰাণ সম্প্ৰদায়ৰ বাবে বীৰ ৰাঘৱ মৰাণৰ অৱদানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই মন্ত্ৰীসভাই ১৯ নৱেম্বৰ, ২০২৪ তাৰিখে ‘বীৰ ৰাঘৱ মৰাণ দিৱস’ উদযাপন কৰা হ’ব বুলি ঘোষণ কৰিছে৷

ষ্টাৰ্টআপ আৰু ঔদ্যোগিক আৰু বিনিয়োগ নীতিৰ সংশোধনী অনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে৷ ৰাজ্যৰ উদ্যোগীকৰণ আৰু উদ্যোগীকৰণক উৎসাহ প্ৰদান কৰিবলৈ  কেবিনেটে অসম ‘The Assam Start-up Policy (Amendment), 2018’ৰ সংশোধনীত অনুমোদন জনাইছে৷

কেবিনেটে উপ-জিলাসমূহৰ কাৰ্যকৰীকৰণতো সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ২ অক্টোবৰৰ পৰা আৰম্ভ কৰিব পৰাকৈ প্ৰথম পৰ্যায়ত ৩৯ খন উপ-জিলাৰ অনুমোদন প্ৰদান কৰিছে৷ 

অসম চুক্তি ছয় নং দফা ৰূপায়নৰ বিপ্লব শৰ্মা প্ৰতিবেদনৰ ৬৭ টা পৰামৰ্শ অনুমোদনৰ বিপৰীতে ৫৭টা পৰামৰ্শ ৰূপায়ন কৰাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটৰ বৈঠকত। বাকী ১০ টা পৰামৰ্শ পৰৱৰ্তী সময়ত ৰূপায়নৰ বাবে চিন্তা চৰ্চা কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে।লগতে এই পৰামৰ্শাৱলী সদৌ অসম ছাত্ৰ সন্থাৰ লগত আলোচনাৰ জড়িয়তে ৰূপায়ন কৰা হ’ব বুলি ঘোষণা কৰিছে।অৱশ্যে কেবিনেটৰ এই সিদ্ধান্তসমূহ কিমান দূৰ ফলপ্ৰসু হয় সেয়া লক্ষণীয় হ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন