--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল আহ্বান। কেবিনেটত গ্ৰহণ কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

ৰাজ্য চৰকাৰৰ কৰ্মচাৰী সকলৰ জীৱন বীমাৰ দ্বাৰা লাভ কৰা সুবিধাৰ পৰিসৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে। কেবিনেটৰ সিদ্ধান্ত অনুসৰি ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ পৰিয়ালৰ সদস্যৰ আকস্মিক মৃত্যুৰ বাবে ২১ কোটি, চিৰজীৱনৰ বাবে অক্ষম হ’লে ১কোটি, আংকশিকভাৱে অক্ষম হ’লে ৮০ লাখ টকা আৰু যিকোনো অসুস্থতাৰ বাবে মৃত্যু ঘটিলে ১০ লাখ টকাৰ ক্ষতিপূৰণ লাভ কৰিব৷ নিৰ্দিষ্ট কৰ্মচাৰী জনৰ একাউণ্ট থকা বেংকে এই সুবিধা আগবঢ়াব বুলি সদৰি কৰিছে।

কেবিনেট বৈঠকত অসমৰ চাহ নিগমৰ অধীনত থকা বাগিচা সমূহৰ কৰ্মচাৰী আৰু শ্ৰমিকলৈ ২0% পূজাৰ বানচ দিয়াৰ সিদ্ধান্ত গ্ৰহণৰ কৰিছে৷

ৰাজ্যৰ শক্তি ক্ষেত্ৰত ৰাজসাহায্য বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে৷ বিদ্যুৎ গ্ৰাহকক সকাহ দিবলৈ জীৱন ধৰা আৰু ঘৰুৱা-ক শিতানৰ অধীনত কেবিনেটে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডক ২০০ কোটি ৰাজসাহায্যৰ অনুমোদন প্ৰদান কৰিছে৷
জীৱন ধৰা শ্ৰেণীৰ মুঠ ৫,৯৬,৪০০ গ্ৰাহক আৰু ঘৰুৱা-ক শ্ৰেণীৰ ৫৫,৬৭,০৩৯ জন গ্ৰাহক উপকৃত হ’ব বুলি সদৰি কৰিছে৷

মৰাণ সম্প্ৰদায়ৰ বাবে বীৰ ৰাঘৱ মৰাণৰ অৱদানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই মন্ত্ৰীসভাই ১৯ নৱেম্বৰ, ২০২৪ তাৰিখে ‘বীৰ ৰাঘৱ মৰাণ দিৱস’ উদযাপন কৰা হ’ব বুলি ঘোষণ কৰিছে৷

ষ্টাৰ্টআপ আৰু ঔদ্যোগিক আৰু বিনিয়োগ নীতিৰ সংশোধনী অনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে৷ ৰাজ্যৰ উদ্যোগীকৰণ আৰু উদ্যোগীকৰণক উৎসাহ প্ৰদান কৰিবলৈ  কেবিনেটে অসম ‘The Assam Start-up Policy (Amendment), 2018’ৰ সংশোধনীত অনুমোদন জনাইছে৷

কেবিনেটে উপ-জিলাসমূহৰ কাৰ্যকৰীকৰণতো সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ২ অক্টোবৰৰ পৰা আৰম্ভ কৰিব পৰাকৈ প্ৰথম পৰ্যায়ত ৩৯ খন উপ-জিলাৰ অনুমোদন প্ৰদান কৰিছে৷ 

অসম চুক্তি ছয় নং দফা ৰূপায়নৰ বিপ্লব শৰ্মা প্ৰতিবেদনৰ ৬৭ টা পৰামৰ্শ অনুমোদনৰ বিপৰীতে ৫৭টা পৰামৰ্শ ৰূপায়ন কৰাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটৰ বৈঠকত। বাকী ১০ টা পৰামৰ্শ পৰৱৰ্তী সময়ত ৰূপায়নৰ বাবে চিন্তা চৰ্চা কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে।লগতে এই পৰামৰ্শাৱলী সদৌ অসম ছাত্ৰ সন্থাৰ লগত আলোচনাৰ জড়িয়তে ৰূপায়ন কৰা হ’ব বুলি ঘোষণা কৰিছে।অৱশ্যে কেবিনেটৰ এই সিদ্ধান্তসমূহ কিমান দূৰ ফলপ্ৰসু হয় সেয়া লক্ষণীয় হ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ