--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসম আন্দোলনৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰ আৰু অসম আন্দোলনৰ প্ৰতিনিধিৰ সৈতে ১৯৮৫ চনৰ ১৫ আগষ্টত স্বাক্ষৰিত হৈছিল অসম চুক্তি৷ অসম চুক্তি ৰূপায়নৰ বাবে ১৯৮৬ চনত ‘অসম চুক্তি ৰূপায়ন বিভাগ’ নামেৰে এটা নতুন বিভাগৰ সুচনা কৰা হয়৷ তাৰ পাছতো 'অসম চুক্তি' চুক্তি হৈয়ে আছিল৷ তাৰ মাজতে অসম চুক্তিক নস্যাৎ কৰি প্ৰণয়ন কৰা হ’ল নাগৰিকত্ব সংশোধনী বিধেয়ক৷ শেহতীয়া কৈ অসম বিধানসভাৰ শৰৎকালিন অধিৱেশনত অসম চুক্তি ৰুপায়নৰ বাবে তিনিমাহৰ ভিতৰত ৰোড মেপ প্ৰস্তুত কৰা হ’ব বুলি ঘোষণা কৰিছ্ল৷

বুধবাৰে মুখ্যমন্ত্ৰীৰ কেবিনেট বৈঠকত অসম চুক্তি ৰূপায়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ অসম চুক্তিৰ ৬নং দফা সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ শৰ্মা সমিতিয়ে প্ৰদান কৰা ৬৭ টা পৰামৰ্শৰ ভিতৰত ৫৭ টা পৰামৰ্শ কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দিছে অসম চৰকাৰে। বুধবাৰে অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সিদ্ধান্ত সম্পৰ্কে সদৰি কৰিছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে বিপ্লৱ শৰ্মা সমিতিয়ে প্ৰদান কৰা প্ৰতিবেদনৰ ওপৰত আলোচনা কৰি ২০২৫ চনৰ ১৫ এপ্ৰিলৰ ভিতৰত ৫৭ টা পৰামৰ্শ আছু আৰু অন্যান্য সংগঠনৰ সৈতে আলোচনাৰ মাধ্যমেৰে কাৰ্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে। ডিমা হাছাও,কাৰ্বি আংলং, আৰু বড়ো স্বায়ত্তশাসিত অঞ্চলৰ দৰে ষষ্ঠ অনুসূচীৰ অঞ্চলসমূহৰ বাহিৰে সমগ্ৰ ৰাজ্যজুৰি প্ৰযোজ্য হ’ব ৫৭ টা পৰামৰ্শ৷ বাকী অঞ্চল সমূহৰ ক্ষেত্ৰত অধিক আলোচনাৰ প্ৰয়োজন বুলি সদৰি কৰিছে৷ 

উল্লেখনীয় যে অসম চুক্তিৰ ৬ নং দফাত ‘অসমৰ সাংবিধানিক, আইনী আৰু প্ৰশাসনিক ক্ষেত্ৰত সুৰক্ষা, অসমৰ আপুৰুগীয়া সম্পদৰাজি সাহিত্য, সংস্কৃতি তথা ভাষিক সুৰক্ষা, সংৰক্ষণ আৰু প্ৰচাৰ কৰা।’ বিষয়ে উল্লেখ আছে। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰা অনুসৰি অসম চুক্তিৰ ৬ নং দফাৰ প্ৰণয়নৰ বাবে প্ৰদান কৰা পৰামৰ্শৰ ৮৫% পৰামৰ্শ কাৰ্যকৰী কৰা হ’ব, বাকীখিনি প্ৰণয়ন কৰা কেন্দ্ৰ চৰকাৰৰ হাতত বুলি উল্লেখ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ