--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্ক: আপ অসমে বুধবাৰে কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তক এক প্ৰেছ বিজ্ঞপ্তিৰ জড়িয়তে আদৰণি জনাইছে৷ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত মৰ্মে ৰাজ্য চৰকাৰে অসম চুক্তিৰ ৬ নং দফা সংক্ৰান্তীয় বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ প্ৰতিবেদনৰ পৰামৰ্শাৱলী কাৰ্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, এই সিদ্ধান্তৰ প্ৰতি আদৰণি জনাইছে আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে। 

চৰকাৰখনে প্ৰতিবেদনত উল্লেখিত ৬৭ টা পৰামৰ্শৰ ৫৭ টা ৰূপায়ন কৰি বাকী ১০ টা দফা ৰূপায়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে কথা পাতিব বুলি ব্যক্ত কৰিছে যদিও এই ক্ষেত্ৰত আম আদমী পাৰ্টিৰ নেতাগৰাকীয়ে কয় যে চৰকাৰে নিৰ্দ্ধাৰিত সময় সীমাৰ ভিতৰত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ প্ৰতিবেদনৰ ৬৭ টা পৰামৰ্শই কাৰ্যকৰী কৰা উচিত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৫৭ টা পৰামৰ্শ ৰাজ্য চৰকাৰে ৰূপায়নৰ সিদ্ধান্ত গ্ৰহণ কৰি বাকী ১০ টা কেন্দ্ৰীয় চৰকাৰৰ বিষয় বুলি কৈ খিলঞ্জীয়া জনসাধাৰণৰ সাংবিধানিক সুৰক্ষাৰ বিষয়টো পুনৰ এক অনিশ্চয়তাৰ দিশলৈ ঠেলি দিব নোৱাৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰা বক্তব্যই এই বিষয়টোত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত যে সমন্বয় নাই সেই কথা স্পষ্ট কৰিছে।

আনহাতে, আপৰ আন এগৰাকী জ্যেষ্ঠ নেতা তথা দলৰ ৰাজ্যিক ৱৰ্কিং কমিটীৰ সদস্য ৰাজীৱ শইকীয়াই অসমবাসীৰ জ্ঞাতাৰ্থে বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ সম্পূৰ্ণ প্ৰতিবেদন ৰাজহুৱা কৰিবৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনায়। বিগত দিনত বিভিন্ন ৰাজনৈতিক দল-সংগঠনে এই সন্দৰ্ভত দাবী জনোৱা সত্বেও চৰকাৰে কমিটীৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ পৰা বিৰত আছে। ৰাজ্য চৰকাৰৰ এই স্থিতিক ৰহস্যজনক বুলি অভিহিত কৰে ৰাজীৱ শইকীয়াই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ