--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ নিয়ন্ত্ৰক আৰু মহানিৰীক্ষক(CAG)এ ভৰতৰ সংবিধানৰ ১৫১ নং অনুচ্ছেদ অনুসৰি প্ৰতিটো বিত্তিয় বৰ্ষৰ প্ৰতিবেদন সময় অনুসাৰে প্ৰকাশ কৰে৷ এই প্ৰতিবেদনত বিভিন্ন চৰকাৰী বিভাগ আৰু ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ বিত্তীয় ব্যৱস্থাপনা আৰু কাম-কাজৰ মূল্যায়ন কৰা হয়। চৰকাৰী কাম-কাজত স্বচ্ছতা আৰু জবাবদিহিতা নিশ্চিত কৰাৰ বাবে ‘কেগৰ’ প্ৰতিবেদনৰ গুৰুত্ব অপৰিসীম৷ শেহতীয়াকৈ ভাৰতৰ নিয়ন্ত্ৰক আৰু মহানিৰীক্ষকৰ ২০২৪ চনৰ তৃতীয় খন প্ৰতিবেদন প্ৰকাশ পাইছে৷ 

সম্প্ৰতি কেগৰ শেহতীয়া প্ৰতিবেদনক লৈ উদ্দেগ প্ৰকাশ কৰিছে চিপিআই(এম)এ৷ ৩১ মাৰ্চ ২০২২ তাৰিখে সমাপ্ত হোৱা বৰ্ষৰ প্ৰতিবেদন প্ৰকাশ কৰিছে কেগে৷ কেগৰ প্ৰতিবেদনক লৈ চিপিআই(এম)এ ৰাজ্যিক কাৰ্যালয়ত সংবাদমেল আয়োজন কৰিছে৷ 

সংবাদ মেলত চিপিআই(এম)এ উদ্দেগ প্ৰকাশ কৰি কয় যে সদ্য প্রকাশিত 'কেগ'ৰ প্রতিবেদনে ৰাজ্যখনৰ বিত্তীয় পৰিস্থিতিৰ ভয়ানক ছবি দাঙি ধৰিছে৷ ৰাজ্যৰ বিভিন্ন প্রকল্প ৰূণায়ণত ব্যাপক অনিয়ম আৰু দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে 'কেগ'ৰ প্রতিবেদনত৷ ৰাজ্য চৰকাৰৰ অনৈতিক ঠিকাদাৰ প্রীতি, চৰকাৰৰ অকর্মণ্যতাৰ উপৰি শ্রমিক বিৰোধী স্থিতি স্পষ্ট ৰূপত উদঙাই দিয়াৰ অভিযোগ উত্থাপন হৈছে৷ চৰকাৰী বিধি ব্যৱস্থাক আওকাণ কৰি ৰাজ্য চৰকাৰে ৰাজকোষৰ ধন জধে-মধে ব্যয় কৰাৰ অভিযোগ উত্থাপন কৰিছে৷
 
ৰিজার্ভ বেংকত থাকিব লগীয়া ন্যূনতম কেছ বেলেঞ্চ নথকাৰ বাবে চৰকাৰে ১.৪৫ কোটি টকাৰ জৰিমনা ভৰিবলগীয়া হৈছে চৰকাৰে৷ জনসাধাৰণৰ পৰা সংগৃহীত ধনৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপিত হৈছে৷ কেগ'ৰ প্রতিবেদন অনুসৰি যোৱা পাঁচ বছৰত ৰাজ্যৰ ধাৰ বৃদ্ধি পাইছে ১০৭.৩৪ শতাংশ সুতৰ পৰিমাণ বৃদ্ধি পাইছে ১৪০.৫০ শতাংশ ৰাজ্যখনৰ GDP বৃদ্ধিৰ হাৰ গড়ে ১১.৯১ শতাংশৰ বিপৰীতে ধাৰৰ গড় বৃদ্ধিৰ হাৰ ২৩.৯২ শতাংশ৷ চৰকাৰে ধাৰ লোৱা ধন উন্নয়নৰ বিপৰীতে অন্য কামত ব্যৱহাৰ হোৱা তথ্য উন্মোচিত কৰিছে ʼকেগেʼ ৰাজ্য চৰকাৰে কৰ্মচাৰীৰ বাবে ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিত জমা দিবলগীয়া ধনৰ ২৮৪.৬৭ কোটি টকা অনাদায় হৈ থকাৰ অভিযোগ উত্থাপন কৰাৰ লগতে  যোগ্যতা নাথাকিলেও পছন্দৰ ঠিকাদাৰক ঠিকা দিয়াৰ অভিযোগ উত্থাপন কৰিছে চিপিআই(এম)এ৷

উল্লেখযোগ্য যে উন্নতিৰ ঢাক-ঢোল বজোৱা চৰকাৰখনৰ অন্য এখন প্ৰতিচ্ছবিহ প্ৰকাশ পাইছে কেগৰ প্ৰতিবেদনত৷ আঁচনিৰ অচিলা আৰু ধৰ্মীয় আৱেগেৰে নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ বাদে জনকল্যাণৰ দিশত যে চৰকাৰখনে আওকাণ কৰি আহিছে সেয়া কেগৰ প্ৰতিবেদনে উদঙাই দিছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ