--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ নিয়ন্ত্ৰক আৰু মহানিৰীক্ষক(CAG)এ ভৰতৰ সংবিধানৰ ১৫১ নং অনুচ্ছেদ অনুসৰি প্ৰতিটো বিত্তিয় বৰ্ষৰ প্ৰতিবেদন সময় অনুসাৰে প্ৰকাশ কৰে৷ এই প্ৰতিবেদনত বিভিন্ন চৰকাৰী বিভাগ আৰু ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ বিত্তীয় ব্যৱস্থাপনা আৰু কাম-কাজৰ মূল্যায়ন কৰা হয়। চৰকাৰী কাম-কাজত স্বচ্ছতা আৰু জবাবদিহিতা নিশ্চিত কৰাৰ বাবে ‘কেগৰ’ প্ৰতিবেদনৰ গুৰুত্ব অপৰিসীম৷ শেহতীয়াকৈ ভাৰতৰ নিয়ন্ত্ৰক আৰু মহানিৰীক্ষকৰ ২০২৪ চনৰ তৃতীয় খন প্ৰতিবেদন প্ৰকাশ পাইছে৷ 

সম্প্ৰতি কেগৰ শেহতীয়া প্ৰতিবেদনক লৈ উদ্দেগ প্ৰকাশ কৰিছে চিপিআই(এম)এ৷ ৩১ মাৰ্চ ২০২২ তাৰিখে সমাপ্ত হোৱা বৰ্ষৰ প্ৰতিবেদন প্ৰকাশ কৰিছে কেগে৷ কেগৰ প্ৰতিবেদনক লৈ চিপিআই(এম)এ ৰাজ্যিক কাৰ্যালয়ত সংবাদমেল আয়োজন কৰিছে৷ 

সংবাদ মেলত চিপিআই(এম)এ উদ্দেগ প্ৰকাশ কৰি কয় যে সদ্য প্রকাশিত 'কেগ'ৰ প্রতিবেদনে ৰাজ্যখনৰ বিত্তীয় পৰিস্থিতিৰ ভয়ানক ছবি দাঙি ধৰিছে৷ ৰাজ্যৰ বিভিন্ন প্রকল্প ৰূণায়ণত ব্যাপক অনিয়ম আৰু দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে 'কেগ'ৰ প্রতিবেদনত৷ ৰাজ্য চৰকাৰৰ অনৈতিক ঠিকাদাৰ প্রীতি, চৰকাৰৰ অকর্মণ্যতাৰ উপৰি শ্রমিক বিৰোধী স্থিতি স্পষ্ট ৰূপত উদঙাই দিয়াৰ অভিযোগ উত্থাপন হৈছে৷ চৰকাৰী বিধি ব্যৱস্থাক আওকাণ কৰি ৰাজ্য চৰকাৰে ৰাজকোষৰ ধন জধে-মধে ব্যয় কৰাৰ অভিযোগ উত্থাপন কৰিছে৷
 
ৰিজার্ভ বেংকত থাকিব লগীয়া ন্যূনতম কেছ বেলেঞ্চ নথকাৰ বাবে চৰকাৰে ১.৪৫ কোটি টকাৰ জৰিমনা ভৰিবলগীয়া হৈছে চৰকাৰে৷ জনসাধাৰণৰ পৰা সংগৃহীত ধনৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপিত হৈছে৷ কেগ'ৰ প্রতিবেদন অনুসৰি যোৱা পাঁচ বছৰত ৰাজ্যৰ ধাৰ বৃদ্ধি পাইছে ১০৭.৩৪ শতাংশ সুতৰ পৰিমাণ বৃদ্ধি পাইছে ১৪০.৫০ শতাংশ ৰাজ্যখনৰ GDP বৃদ্ধিৰ হাৰ গড়ে ১১.৯১ শতাংশৰ বিপৰীতে ধাৰৰ গড় বৃদ্ধিৰ হাৰ ২৩.৯২ শতাংশ৷ চৰকাৰে ধাৰ লোৱা ধন উন্নয়নৰ বিপৰীতে অন্য কামত ব্যৱহাৰ হোৱা তথ্য উন্মোচিত কৰিছে ʼকেগেʼ ৰাজ্য চৰকাৰে কৰ্মচাৰীৰ বাবে ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিত জমা দিবলগীয়া ধনৰ ২৮৪.৬৭ কোটি টকা অনাদায় হৈ থকাৰ অভিযোগ উত্থাপন কৰাৰ লগতে  যোগ্যতা নাথাকিলেও পছন্দৰ ঠিকাদাৰক ঠিকা দিয়াৰ অভিযোগ উত্থাপন কৰিছে চিপিআই(এম)এ৷

উল্লেখযোগ্য যে উন্নতিৰ ঢাক-ঢোল বজোৱা চৰকাৰখনৰ অন্য এখন প্ৰতিচ্ছবিহ প্ৰকাশ পাইছে কেগৰ প্ৰতিবেদনত৷ আঁচনিৰ অচিলা আৰু ধৰ্মীয় আৱেগেৰে নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ বাদে জনকল্যাণৰ দিশত যে চৰকাৰখনে আওকাণ কৰি আহিছে সেয়া কেগৰ প্ৰতিবেদনে উদঙাই দিছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু