--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আসন্ন হাৰিয়ানা বিধানসভা নিৰ্বাচন৷ এনে সময়তে মল্লযুঁজাৰু বিনেশ ফ’গাত আৰু বজৰং পুনিয়াই শুকুৰবাৰে দিল্লীত দুয়োজনে কংগ্ৰেছ দলত যোগদান কৰে। 

কংগ্ৰেছত যোগদান কৰি বিনেশ ফ’গাতে কয় যে ‘তেওঁ আশানুৰূপভাৱে জীৱন যপন কৰিবলৈ চেষ্টা কৰিব’। লগতে কয় কংগ্ৰেছে আমাৰ চকুপানী মূল্য হৃদয়ংগম কৰিলে। এই সুবাদতে দেশবাসীক সেৱা আগবঢ়োৱাৰ সুযোগ লাভ কৰা বুলিও উল্লেখ কৰে। জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰাটো   গৌৰৱৰ বিষয় বুলি কয়। বজৰং পুনিয়াই কংগ্ৰেছত যোগদান কৰি কয় ‘কংগ্ৰেছ আৰু দেশক শক্তিশালী কৰাৰ প্ৰয়াস কৰিম।উল্লেখযোগ্য যে বিনেশ ফ’গাতক জুলানাৰ পৰা টিকট দিয়া হৈছে। আৰু বজৰংগ পুনিয়াক নিখিল ভাৰত কংগ্ৰেছ কিষাণৰ কাৰ্যকৰী অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে।

কংগ্ৰেছত যোগদান কৰাৰ পাছতে বজৰং পুনিয়াই মৃত্যুৰ ভাবুকি লাভ কৰিছে।প্ৰাপ্ত তথ্য অনুসৰি হোৱাটছএপত বিদেশী নম্বৰৰ পৰা মেছেজৰ জৰিয়তে মৃত্যুৰ ভাবুকি লাভ কৰিছিল৷ বাৰ্তাটোত কোৱা হৈছে যে, ‘বজৰং, কংগ্ৰেছ এৰি যোৱা নহ'লে আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ বাবে ভাল নহ'ব। এয়া আমাৰ শেষ বাৰ্তা।’ অৱশ্যে বজৰং পুনিয়াই এই সন্দৰ্ভত শোনিপাটৰ বহলগড় আৰক্ষী থানাত অভিযোগ দাখিল কৰিছে। আৰক্ষীৰ মুখপাত্ৰ ৰবীন্দ্ৰ সিঙে এই সন্দৰ্ভত মন্তব্য আগবঢ়ায় কয় যে, ‘বজৰং পুনিয়াই শোনিপাটৰ বহলগড় আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আৰু এই সমগ্ৰ বিষয়টো আৰক্ষীয়ে গুৰুত্বসহকাৰে তদন্ত কৰি আছে।

উল্লেখযোগ্য যে ২০২৩ চনত মল্লযুঁজাৰু বজৰং পুনিয়া আৰু বিনেশ ফ’গাতে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন সাংসদ তথা ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ তদানীন্তন মুৰব্বী বৃজভূষণ শৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগত প্ৰতিবাদ সাব্যস্ত কৰিছিল৷

প্ৰসংগক্ৰমে, কংগ্ৰেছ দলত যোগদান কৰাৰ পূৰ্বে বিনেশ ফ’গাতে ৰে’লৱেৰ পৰা পদত্যাগ কৰিছিল৷ শেহতীয়া তথ্য ফ’গাটৰ বিনেশ ফ’গাট আৰু বজৰং পুনিয়াৰ পদত্যাগ এতিয়াও মানি লোৱা নাই ৰে’লৱে বিভগে। ৰেলৱেই দুয়োজন মল্লযুঁজাৰুলৈ কাৰণ দৰ্খোৱা জাননী জাৰি কৰিছে।

ৰাজনৈতিক কেৰিয়াৰ আৰম্ভণিতে বিপদে লগ নেৰা হৈছে দুয়োগৰাকী প্ৰাক্তন ক্ৰীড়াবিদক৷ প্ৰশ্ন হয় ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ হোৱাৰ আগতেই শেষ হ’ব নেকি প্ৰাক্তন ক্ৰীড়াবিদ দুগৰাকীৰ ৰাজনৈতিক জীৱন?

FOLLOW US F
POPULAR
FEATURE
TRENDY
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ