--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নিৰ্বাচন মানেই যেন প্ৰতিশ্ৰুতিৰ ফুলজাৰি৷ ভোটাৰক আকৰ্ষণৰ লক্ষ্যৰে নেতা-কৰ্মীয়ে ঘোষণা কৰে নানা আঁচনি তথা সেৱা-সুবিধাও৷ কিন্তু কাৰ্যত সেয়া কিমান পৰিণত হয় সেয়া ভোটাৰ নখদৰ্পনত৷ দেশৰ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ ডেৰ মাহ বাকী৷ এই সময়ছোৱাতে শাসকীয় দলৰ পৰা আৰম্ভ কৰি বিৰোধী দললৈকে সকলো ব্যস্ত হৈ পৰিছে নিৰ্বাচনী ৰণকৌশল তৈয়াৰ কৰাত৷ উত্তৰাখণ্ডতো হ'ব লগা বিধানসভা নিৰ্বাচনৰ বাবে পূৰ্ণ প্ৰস্তুতি আৰম্ভ কৰিছে আম আদমি পাৰ্টিয়ে৷ আপৰ মুখ্য নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মঙলবাৰে উত্তৰাখণ্ডত ঘোষণা কৰে মহিলা আৰু নিবনুৱাৰ বাবে বিশেষ সুবিধা৷

যদিহে ২০২২চনত আম আদমি পাৰ্টিয়ে চৰকাৰ গঠন কৰে তেন্তে ৰাজ্যখনৰ সকলো প্ৰাপ্তবয়স্ক মহিলাই মাহিলী ১,০০০ টকা আৰু নিবনুৱা যুৱকে চাকৰিৰ সন্ধান কৰিবৰ বাবে লাভ কৰিব ৫,০০০ টকা৷ ইয়াৰ উপৰি কেজৰিৱালে আপ শাসনলৈ আহিলে প্ৰত্যেগৰাকী নিবনুৱা যুৱক-যুৱতীক চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে কাশীপুৰ, ৰানিখেট, ৰুৰকী, দিদিহাট, য়ামুনট্ৰি আৰু কটদ্বাৰ এমাহৰ ভিতৰতে জিলা ঘোষণা কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে৷

ইয়াৰ উপৰি কেজৰিৱালে কয় যে উন্নয়নৰ এক নমুনা দিল্লী৷ উন্নত চৰকাৰী বিদ্যালয়, চিকিৎসালয়েৰে উজ্বলি উঠা দিল্লীৰ দৰেই উত্তৰাখণ্ডতো উপলব্ধ হ'ব সেৱা-সুবিধা৷ তেঁও কয় যে, "দিল্লীত আমি ১০লাখ নিবনুৱাক চাকৰি প্ৰদান কৰিছো৷ ইয়াত কিয় নোৱাৰিম৷" উধাম সিং নগৰ জিলাৰ কাশীপুৰৰ এক ৰাজহুৱা সভাত অংশ লৈ কেজৰিৱালে কয় যে "মই ৰাজনীতি কৰিব নাজানো, কিন্তু কাম কৰিব জানো৷"


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন