--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নিৰ্বাচন মানেই যেন প্ৰতিশ্ৰুতিৰ ফুলজাৰি৷ ভোটাৰক আকৰ্ষণৰ লক্ষ্যৰে নেতা-কৰ্মীয়ে ঘোষণা কৰে নানা আঁচনি তথা সেৱা-সুবিধাও৷ কিন্তু কাৰ্যত সেয়া কিমান পৰিণত হয় সেয়া ভোটাৰ নখদৰ্পনত৷ দেশৰ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ ডেৰ মাহ বাকী৷ এই সময়ছোৱাতে শাসকীয় দলৰ পৰা আৰম্ভ কৰি বিৰোধী দললৈকে সকলো ব্যস্ত হৈ পৰিছে নিৰ্বাচনী ৰণকৌশল তৈয়াৰ কৰাত৷ উত্তৰাখণ্ডতো হ'ব লগা বিধানসভা নিৰ্বাচনৰ বাবে পূৰ্ণ প্ৰস্তুতি আৰম্ভ কৰিছে আম আদমি পাৰ্টিয়ে৷ আপৰ মুখ্য নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মঙলবাৰে উত্তৰাখণ্ডত ঘোষণা কৰে মহিলা আৰু নিবনুৱাৰ বাবে বিশেষ সুবিধা৷

যদিহে ২০২২চনত আম আদমি পাৰ্টিয়ে চৰকাৰ গঠন কৰে তেন্তে ৰাজ্যখনৰ সকলো প্ৰাপ্তবয়স্ক মহিলাই মাহিলী ১,০০০ টকা আৰু নিবনুৱা যুৱকে চাকৰিৰ সন্ধান কৰিবৰ বাবে লাভ কৰিব ৫,০০০ টকা৷ ইয়াৰ উপৰি কেজৰিৱালে আপ শাসনলৈ আহিলে প্ৰত্যেগৰাকী নিবনুৱা যুৱক-যুৱতীক চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে কাশীপুৰ, ৰানিখেট, ৰুৰকী, দিদিহাট, য়ামুনট্ৰি আৰু কটদ্বাৰ এমাহৰ ভিতৰতে জিলা ঘোষণা কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে৷

ইয়াৰ উপৰি কেজৰিৱালে কয় যে উন্নয়নৰ এক নমুনা দিল্লী৷ উন্নত চৰকাৰী বিদ্যালয়, চিকিৎসালয়েৰে উজ্বলি উঠা দিল্লীৰ দৰেই উত্তৰাখণ্ডতো উপলব্ধ হ'ব সেৱা-সুবিধা৷ তেঁও কয় যে, "দিল্লীত আমি ১০লাখ নিবনুৱাক চাকৰি প্ৰদান কৰিছো৷ ইয়াত কিয় নোৱাৰিম৷" উধাম সিং নগৰ জিলাৰ কাশীপুৰৰ এক ৰাজহুৱা সভাত অংশ লৈ কেজৰিৱালে কয় যে "মই ৰাজনীতি কৰিব নাজানো, কিন্তু কাম কৰিব জানো৷"


FOLLOW US F
POPULAR
FEATURE
TRENDY
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু
চতিয়া দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত