--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশৰ কৃষক আন্দোলনৰ প্ৰত্যাশিত পৰিণতিয়ে দেশক সুখী কৰি তুলিছে। অনমনীয় দৃঢ়তাৰে শাসকৰ সন্মুখত ঠিয় দি ৰোৱা কৃষকৰ ওচৰত অৱশেষত হাৰ মানিবলৈ বাধ্য হ’ল কেন্দ্ৰীয় চৰকাৰ। বাতিল কৰিবলৈ বাধ্য হ’ল তিনিখনকৈ কৃষি আইন। বিতৰ্কিত তিনি কৃষি আইন বাতিলৰ লগতে কৃষকে যি ছটা দাবী চৰকাৰৰ আগত তুলি ধৰিছিল সেই দাবীসমূহো মানি ল’বলৈ বাধ্য হ’ল চৰকাৰ। এই আন্দোলনৰ সময়ছোৱাত কৃষকৰ বিৰুদ্ধে যিবোৰ গোচৰ ৰুজু হৈছিল সেই গোচৰসমূহো প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰ বাধ্য হৈ পৰিল। ৩৭৮দিনীয়া আন্দোলন সামৰি বিজয় উৎসৱেৰে কৃষকসকলে আৰম্ভ কৰিলে ঘৰ ৱাপচী। এই আনন্দ আৰু বিজয় উৎসৱৰ মাজতে কিন্তু কৃষক আন্দোলনৰ এক অসহনীয় স্মৃতি হৈ ৰৈ গৈছে লখিমপুৰ খেৰী কাণ্ড। প্ৰতিবাদী কৃষকৰ গাৰ ওপৰেৰে ক্ষমতাৰ ৰাগিৰে ৰাগিয়াল হৈ গাড়ী চলাই গৈছিল এজন মন্ত্ৰীপুত্ৰই। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশিস মিশ্ৰৰ এছইউভি-এ চাৰিগৰাকীকৈ কৃষকক মহতীয়াই নিয়াৰ ঘটনা দেশৰ ইতিহাসতে এক ক’লা অধ্যায় বিবেচিত হৈ আহিছে। দেশৰ অন্নদাতাৰ ওপৰত এনে বৰ্বৰ আক্ৰমণ এক অকল্পনীয় ঘটনা।


নিজৰ ন্যায্য প্ৰাপ্তিৰ দাবী আৰু চৰকাৰৰ অন্যায়ৰ প্ৰতিবাদত ঘৰ এৰি ৰাজপথত ভৰি দিয়া কৃষক সমাজৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ মনোভাব প্ৰথমৰে পৰা খুব সংবেদনশীল নাছিল। কৃষকৰ আন্দোলনত তুচ্ছ তাচ্চিল্য কৰি কেন্দ্ৰীয় চৰকাৰে তেওঁলোকক হতোদ্যম কৰাৰ চেষ্টা অব্যাহত ৰাখিছিল। আন নালাগে কৃষক হত্যাকাৰী আশিস মিশ্ৰৰ পিতৃ কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰই কৃষক আন্দোলনক নানা ধৰণে তুচ্ছ তাচ্চিল্য কৰিছিল আৰু তেওঁলোকক শিক্ষা দিয়াৰ হুংকাৰ দিছিল। কৃষকসকলক খালিস্তানী সন্ত্ৰাসবাদী পৰ্যন্ত আখ্যা দিয়া হৈছিল। কৃষকৰ প্ৰতি এনে অসংবেদনশীল আচৰণ তথা তেওঁলোকৰ প্ৰতি নানা অপবাদ-অপযশেও কিন্তু তেওঁলোকক বিচলিত কৰিব পৰা নাছিল। কিন্তু আশিস মিশ্ৰৰ দৰে বৰ্বৰ প্ৰকৃতিৰ লোকে সকলো সীমা চেৰাই গৈ প্ৰতিবাদী কৃষকৰ ওপৰেৰে চলাই নিলে গাড়ী। এই ঘটনাত চাৰিগৰাকী লোকৰ থিতাতে মৃত্যু হৈছিল। তাৰ পৰৱৰ্তী সময়ত হোৱা হিংসাত্মক ঘটনাত মুঠতে মৃত্যু হৈছিল আঠজন লোকৰ। এই ঘটনাই দেশজুৰি তোলপাৰ লগোৱাৰ পাছতো দীঘলীয়া সময়ধৰি মন্ত্ৰীপুত্ৰ আশিস মিশ্ৰ আছিল মুকলি আকাশৰ তলতে। অৱশেষত বিৰোধী পক্ষ তথা একাংশ সংবাদ মাধ্যমৰ নিৰন্তৰ হেঁচা তথা সন্মুখত উত্তৰ প্ৰদেশ আৰু পঞ্জাবৰ নিৰ্বাচন থকালৈ চাই আশিস মিশ্ৰক গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হৈছিল উত্তৰ প্ৰদেশ আৰক্ষী। এই ঘটনাৰ তদন্তৰ বাবে গঠন কৰা হৈছিল বিশেষ তদন্তকাৰী গোট বা এছআইটি। এছআইটিৰ প্ৰতিবেদনত উল্লেখ কৰা তথ্যই এতিয়া এই ঘটনাৰ নিষ্ঠুৰতাক পুনৰ প্ৰমাণিত কৰিছে।


এছআইটিৰ প্ৰতিবেদনত প্ৰকাশ কৰা অনুসৰি লখিমপুৰ খেৰী এই ঘটনা আছিল এটা পূৰ্ব পৰিকল্পিত ঘটনা। সম্পূৰ্ণ পৰিকল্পনাৰে এই ঘটনাক ৰূপদান কৰা হৈছিল। এছআইটিয়ে ইয়াৰ তদন্তৰ আধাৰত এই ঘটনাৰ মূল অভিযুক্ত আশিস মিশ্ৰ আৰু আন ১৪জন অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা আৰু সুপৰিকল্পিতভাৱে এই হত্যাক ৰূপদান কৰাৰ অভিযোগত গোচৰ চলোৱাৰ অনুমতি বিচাৰিছে। পূ্ৰ্বে তেওঁলোকৰ বিৰুদ্ধে আৰোপ কৰা শিথিল ধাৰাৰ গোচৰ প্ৰত্যাহাৰ কৰি বিশেষ তদন্তকাৰী গোটে মন্ত্ৰীপুত্ৰৰ বিৰুদ্ধে কঠোৰ ধাৰাৰ গোচৰ ৰুজু কৰাৰ প্ৰস্তুতি চলোৱাটো তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ পু্ত্ৰৰ এনে জঘন্য কাণ্ডই এতিয়া দেশৰ শাসক শ্ৰেণীৰ দমনমূলক মনোবৃত্তিৰ কথাকে যেন প্ৰতিফলিত কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
হোজাইত চাঞ্চল্য; প্ৰেমিকৰ ব্লেকমেইলৰ বলি হৈ কীটনাশক দ্ৰব্য সেৱন কৰি কিশোৰীৰ আত্ম*হনন
২১ জুনৰ নীট-ইউ জিৰ প্ৰৱেশ-পত্ৰ জাৰি
জলবায়ুৰ পৰিৱৰ্তন; সংকটৰ গৰাহত হিমালয়ৰ পৰিৱেশতন্ত্র
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
Advertisement