--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: বঙহৰ যুঁজ চলিছে ত্ৰিপুৰাত৷ খিলঞ্জীয়া ত্ৰিপুৰীৰ নিজৰ মাজত হোৱা সংঘাত, সংঘৰ্ষই ৰাজনৈতিক প্ৰেক্ষাপট সলনিৰ ইংগিত বহন কৰিছে৷ হিন্দু বাঙালীৰ আগ্ৰাসনে খিলঞ্জীয়া ত্ৰিপুৰীৰ অস্তিত্ব বিপন্ন কৰি তোলা ত্ৰিপুৰাত খিলঞ্জীয়াৰ অধিকাৰ আৰু অস্তিত্ব ৰক্ষাৰ হকে আগবাঢ়ি অহা যুৱনেতা প্ৰদ্যুৎ মাণিক্য দেৱ বাৰ্মাৰ টিপ্ৰা আৰু টিপিএফৰ মাজত চলিছে সংঘৰ্ষ৷


ত্ৰিপুৰাৰ দুই আঞ্চলিক ৰাজনৈতিক দল দ্য ইণ্ডিজেনিয়াছ প্ৰগ্ৰেছিভ ৰিজিয়নেল এলায়েন্স চমুকৈ ‘টিপ্ৰা’ আৰু ত্ৰিপুৰা পিপলছ্ ফ্ৰণ্টৰ মাজৰ সংঘৰ্ষই তীব্ৰ ৰূপ ধাৰণ কৰিছিল৷ দুই আঞ্চলিক দলৰ মাজত হোৱা সংঘৰ্ষত টিপিএফৰ তিনিজন সদস্য আহত হৈছিল, যাৰ পৰিপ্ৰেক্ষিতত প্ৰশ্নৰ সন্মুখীন হৈছিল টিপ্ৰাৰ অধ্যক্ষ প্ৰদ্যুৎ মাণিক্য দেৱ বাৰ্মা৷ তাৰ পাছত টিপ্ৰাৰ মুৰব্বীগৰাকীয়ে ত্ৰিপুৰাৰ স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত চিহ্ন অবিহনে অৱতীৰ্ণ হোৱাৰ পোষকতা কৰে৷ ত্ৰিপুৰা ৰাজপৰিয়ালৰ বংশধৰ আৰু টিপ্ৰা খিলঞ্জীয়া প্ৰগতিশীল আঞ্চলিক মিত্ৰজোঁটৰ অধ্যক্ষ প্ৰদ্যুৎ মাণিক্য দেৱ বাৰ্মাই ৰাজনৈতিক সংঘাত পৰিহাৰ কৰিবলৈ ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্তশাসিত জিলা পৰিষদ অঞ্চলৰ স্থানীয় সংস্থাসমূহত প্ৰতীকবিহীন নিৰ্বাচনৰ প্ৰস্তাৱ দিছে।

টিপ্ৰা আৰু ত্ৰিপুৰা পিপলছ ফ্ৰণ্টৰ (টিপিএফ) সদস্যসকলৰ মাজত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পাছত প্ৰদ্যোৎ দেৱ বাৰ্মাই এই ঘোষণা কৰিছে৷ ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰ সন্মুখত ত্ৰিপুৰাৰ এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই কয় যে, সংঘৰ্ষৰ পাছত কমেও তিনিজন লোক আহত হৈছিল আৰু এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছিল৷ মানৱ অধিকাৰ কৰ্মী পাটল কন্যা জামাতিয়াৰ নেতৃত্বত টিপিএফৰ এক সমদলৰ পাছত এই হিংসাত্মক ঘটনা সংঘটিত হৈছিল, আৰু খুমুলৱঙৰ খুম্পুই একাডেমী খেলপথাৰত এটা সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰাৰ অনুমতি বিচাৰিছিল। আৰক্ষী বিষয়াজনে কোৱা অনুসৰি, টিটিএএডিচি প্ৰশাসনে অনুমতি অস্বীকাৰ কৰিছিল।

তথাপি আৰক্ষীয়ে নিৰাপত্তাৰ ব্যৱস্থা কৰিছিল৷ পুৱাৰে পৰা টিপ্ৰাৰ কৰ্মীসকলে টিপিএফক তেওঁলোকৰ কাৰ্যসূচী অনুষ্ঠিত কৰাত বাধা দিবলৈ চেষ্টা কৰিছিল কিন্তু আৰক্ষীৰ উপস্থিতিৰ বাবে তেওঁলোকে একো কৰিব নোৱাৰিলে। আৰক্ষী বিষয়াজনে জনোৱা মতে, টিপিএফেও এখন ৰেলী অনুষ্ঠিত কৰিছিল। তেওঁলোকে টিআইপিআৰএৰ বিৰুদ্ধে কিছু শ্ল’গান দিবলৈ আৰম্ভ কৰিছিল। সমদলটো খেলপথাৰত প্ৰৱেশ কৰাৰ সময়ত, টিআইপিআৰএৰ কৰ্মীসকলে কিছুমান বাহন ভাঙি চূৰমাৰ কৰিছিল। আৰক্ষীয়ে কোনোমতে তেওঁলোকক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। ঘটনাস্থলীৰ পৰা টিপিএফ সমৰ্থকসকলক খেদি পঠোৱা হৈছিল আৰু এজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল৷

প্ৰদ্যুৎ দেৱ বাৰ্মা ঘটনাস্থলীত উপস্থিত হৈছিল আৰু পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল। খেলপথাৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰোঁতে, টিপিএফ সদস্যসকলে তেওঁক প্ৰশ্ন কৰিছিল। তেতিয়া দেৱ বাৰ্মাই কৈছিল, "বুবাগ্ৰা (মহাৰাজ) আপোনালোকৰ বিৰুদ্ধে নহয়। মোৰ আৰু পাটল কন্যাৰ (টিপিএফৰ প্ৰধান) মাজত কোনো পাৰ্থক্য নাই। আমাৰ দলবোৰ বেলেগ কিন্তু আমাৰ হৃদয়ত আমি একে।” তেওঁ লগতে কয় যে, টিপ্ৰাৰ অধ্যক্ষ হিচাপে মই আৰক্ষীক টিপিএফ কৰ্মীসকলক আক্ৰমণ কৰা ব্যক্তিসকলৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰিবলৈ আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ অনুৰোধ জনাইছোঁ। মই লগে লগে মোৰ দলৰ পৰা যিকোনো লোকক নিলম্বন কৰিম যদি মই তেওঁলোকক আক্ৰমণত জড়িত বুলি বিচাৰি পাওঁ।

শুকুৰবাৰে জিলা পৰিষদৰ দুদিনীয়া বিশেষ অধিৱেশনৰ প্ৰথম দিনটোত প্ৰদ্যুতে ৰাজনৈতিক সংঘাত পৰিহাৰ কৰিবলৈ ষষ্ঠ অনুসূচী ক্ষেত্ৰৰ সীমাৰ অধীনলৈ অহা স্থানীয় সংস্থাসমূহত প্ৰতীকবিহীন নিৰ্বাচনৰ বাবে জোৰ দিয়ে। উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহত কোনো প্ৰতীক অবিহনে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ উদাহৰণ দি প্ৰদ্যুতে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত বিৰোধী বিচাৰপীঠৰ পৰাও সহযোগিতা বিচাৰিছিল যাতে ৰাজনৈতিক সংঘৰ্ষৰ সংস্কৃতি প্ৰতিহত কৰিব পৰা যায়।

প্ৰদ্যুৎ মাণিক্য দেৱ বাৰ্মাই ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানত এইদৰে কয়, মোৰ বাৰ্তাটো স্পষ্ট। ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ দৰে বহুতো ৰাজ্যত কোনো ৰাজনৈতিক প্ৰতীক অবিহনে গ্ৰাম্য নিৰ্বাচন অনুষ্ঠিত হয়। যেতিয়া গাঁও পৰিষদৰ নিৰ্বাচনত ৰাজনৈতিক প্ৰতীক থাকিব, সেয়়াই গাঁও এখনৰ ভিতৰত ৰাজনৈতিক বিভাজন সৃষ্টি কৰে। সেয়েহে, মই ভাতৃত্ববোধ আৰু শান্তিৰ নামত অনুভৱ কৰোঁ যে সকলো ৰাজনৈতিক হিংসা পৰিহাৰ কৰিবলৈ আমি কোনো ৰাজনৈতিক প্ৰতীক নোহোৱাৰ এই কৌশল গ্ৰহণ কৰা উচিত৷ এতিয়া যদি উত্তৰ প্ৰদেশৰ দৰে ডাঙৰ ৰাজ্যত নিৰ্বাচন হ’ব পাৰে, তেন্তে ত্ৰিপুৰাতো কিয় অনুষ্ঠিত কৰিব নোৱাৰি বুলি প্ৰদ্যুৎ মাণিক্য দেৱ বাৰ্মাই প্ৰশ্ন কৰে।

যিসময়ত নিজৰ অস্তিত্ব বৰ্তাই ৰাখিবলৈ খিলঞ্জীয়া ত্ৰিপুৰীসকলে সংগ্ৰাম অব্যাহত ৰাখিছে, তেনে সময়তে ত্ৰিপুৰাৰ আঞ্চলিক ৰাজনৈতিক দলৰ মাজত হোৱা সংঘাতে ৰাজ্যখনৰ গৰিষ্ঠসংখ্যক খিলঞ্জীয়া নাগৰিকক হতাশ কৰা পৰিলক্ষিত হৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement