--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডায়েবেটিছ হৈছে এক দীৰ্ঘদিনীয়া ৰোগ যিটো শিপাৰ পৰা নিৰ্মূল কৰিব নোৱাৰি কিন্তু জীৱনশৈলীৰ পৰিৱৰ্তন কৰি নিয়ন্ত্ৰণত ৰাখিব পাৰি। ডায়েবেটিছৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় যেতিয়া পেনক্ৰিয়াছে ইনচুলিন তৈয়াৰ কৰিব নোৱাৰে বা শৰীৰে ইনচুলিন সঠিকভাৱে ব্যৱহাৰ কৰিব নোৱাৰে। কেৱল খাদ্যৰ বাবেই শৰীৰত ব্লাড ছুগাৰ বৃদ্ধি নহয়, ইয়াৰ আন বহু কাৰণো আছে। সেই বিষয়ে জানো আহক-

এইবোৰ বস্তুৱে ব্লাড ছুগাৰৰ মাত্ৰাত বেয়া প্ৰভাৱ পেলায়

১) টোপনি- আপোনাৰ টোপনিয়ে আপোনাৰ তেজৰ ছুগাৰৰ মাত্ৰাৰ লগতে বহুতো শাৰীৰিক প্ৰক্ৰিয়াত প্ৰভাৱ পেলায়। গৱেষণাৰ মতে মধুমেহ ৰোগীৰ টোপনিৰ অভাৱে গ্লুক’জ নিয়ন্ত্ৰণ আৰু ইনচুলিন প্ৰতিৰোধ ক্ষমতাত প্ৰভাৱ পেলাব পাৰে। টোপনিৰ অভাৱৰ বাবেও মানসিক চাপৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে, যাৰ ফলত আপোনাৰ তেজৰ ছুগাৰৰ মাত্ৰাত বেয়া প্ৰভাৱ পৰে। এনে পৰিস্থিতিত কমেও ৮ ঘণ্টা টোপনি লোৱাটো প্ৰয়োজনীয়।

২) মানসিক চাপ- মানসিক চাপ আপোনাৰ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক। ইয়াৰ বাবে আপুনি বহুতো ৰোগৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। মানসিক চাপৰ বাবে তেজৰ ছুগাৰৰ মাত্ৰাত অতি বেয়া প্ৰভাৱ পৰে। মানসিক চাপৰ বাবে আমাৰ শৰীৰত কৰ্টিছল হৰম’ন উৎপন্ন হয় যাৰ ফলত তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পায়।

৩) শাৰীৰিক ক্ৰিয়া-কলাপৰ মাত্ৰা- শাৰীৰিক কাৰ্য্যকলাপ নকৰাৰ ফলত আপোনাৰ তেজত ছুগাৰৰ মাত্ৰা বৃদ্ধি পাব পাৰে।  নিয়মীয়া ব্যায়ামৰ দ্বাৰা তেজৰ ছুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিব পাৰি। কিন্তু ডায়েবেটিছত ব্যায়াম কৰাৰ সময়ত কিছুমান কথাৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়। ডায়েবেটিছত বিশেষজ্ঞ অবিহনে গধুৰ ব্যায়াম কৰিলে আপোনাৰ তেজৰ ছুগাৰৰ মাত্ৰা হঠাতে কমি যাব পাৰে।

৪) ডিহাইড্ৰেচন- পানী কমকৈ খালে আপোনাৰ তেজত ছুগাৰৰ মাত্ৰা ক্ষতিকাৰক হ’ব পাৰে। কম পানী খালে ই আপোনাৰ শৰীৰত গ্লুক’জৰ পৰিমাণ বৃদ্ধি কৰে, যাক হাইপ’গ্লাইচেমিয়া বোলা হয়। এনে পৰিস্থিতিত ডায়েবেটিছ ৰোগীয়ে সৰ্বাধিক পৰিমাণৰ পানী খোৱাটো গুৰুত্বপূৰ্ণ।

৫) ঔষধ- কেতিয়াবা ঔষধে আপোনাৰ তেজৰ ছুগাৰৰ মাত্ৰাত বেয়া প্ৰভাৱ পেলায়। এনে পৰিস্থিতিত ডায়েবেটিছ ৰোগীয়ে যিকোনো ঔষধ খোৱাৰ আগতে এবাৰ চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী।












FOLLOW US F
POPULAR
FEATURE
TRENDY
থাইৰয়ড ৰোগীয়ে কি কি খোৱাৰ পৰা বিৰত থাকিব লাগে? জানি লওক
বেংক চলাবলৈ অতি প্ৰয়োজনীয় স্থানীয় ভাষা ! কি কি ক'লে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?
ৰাজনৈতিক কাৰ্যত ব্যৱহাৰ কৰাত ব্রাজিলৰ মডেল লাৰিছাৰ ক্ষোভ,  'ভোট চুৰি'ক লৈ ৰাহুলে প্ৰদৰ্শন কৰা ফটোৰ প্ৰসংগ
আহমেদাবাদত টি-২০ বিশ্ব কাপৰ ফাইনেল, মেচ অনুষ্ঠিত হ'ব দিল্লী-কলকাতা- চেন্নাই- মুম্বাইসহ ৫ স্থানত
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনৰ
৫ বিধায়কৰ ভৱিষ্যৎ অনিশ্চিত, আধা কংগ্রেছী-আধা বিজেপি হোৱাৰ পৰিণতি
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু
প্ৰাণৰ শিল্পীগৰাকীৰ বাবেই তেজপুৰত টিকট নাপাই ডিমা হাছাওলৈ ঢাপলি মেলিলে ৭ অনুৰাগীয়ে
ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো
অন্ধ্ৰপ্ৰদেশৰ ভেংকটেশ্বৰ স্বামী মন্দিৰত পদপিষ্ট হৈ ১০ ভক্তৰ শোকাৱহ মৃত্যু
চিনেমা হলৰ অভাৱঃ 'ৰৈ ৰৈ বিনালে' চোৱাৰ পৰা বঞ্চিত মাজুলীবাসী
ঢাকাত স্থাপন আই এছ আইৰ ঘাটি, ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ পাকিস্তানক বাংলাদেশৰ ভূমি ব্যৱহাৰৰ অনুমতি
জুবিনে কন্দুৱালে ! 'ৰৈ ৰৈ বিনালে' চাবলৈ ওলাই আহিল আবাল-বৃদ্ধ-বনিতা