--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডায়েবেটিছ হৈছে এক দীৰ্ঘদিনীয়া ৰোগ যিটো শিপাৰ পৰা নিৰ্মূল কৰিব নোৱাৰি কিন্তু জীৱনশৈলীৰ পৰিৱৰ্তন কৰি নিয়ন্ত্ৰণত ৰাখিব পাৰি। ডায়েবেটিছৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় যেতিয়া পেনক্ৰিয়াছে ইনচুলিন তৈয়াৰ কৰিব নোৱাৰে বা শৰীৰে ইনচুলিন সঠিকভাৱে ব্যৱহাৰ কৰিব নোৱাৰে। কেৱল খাদ্যৰ বাবেই শৰীৰত ব্লাড ছুগাৰ বৃদ্ধি নহয়, ইয়াৰ আন বহু কাৰণো আছে। সেই বিষয়ে জানো আহক-

এইবোৰ বস্তুৱে ব্লাড ছুগাৰৰ মাত্ৰাত বেয়া প্ৰভাৱ পেলায়

১) টোপনি- আপোনাৰ টোপনিয়ে আপোনাৰ তেজৰ ছুগাৰৰ মাত্ৰাৰ লগতে বহুতো শাৰীৰিক প্ৰক্ৰিয়াত প্ৰভাৱ পেলায়। গৱেষণাৰ মতে মধুমেহ ৰোগীৰ টোপনিৰ অভাৱে গ্লুক’জ নিয়ন্ত্ৰণ আৰু ইনচুলিন প্ৰতিৰোধ ক্ষমতাত প্ৰভাৱ পেলাব পাৰে। টোপনিৰ অভাৱৰ বাবেও মানসিক চাপৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে, যাৰ ফলত আপোনাৰ তেজৰ ছুগাৰৰ মাত্ৰাত বেয়া প্ৰভাৱ পৰে। এনে পৰিস্থিতিত কমেও ৮ ঘণ্টা টোপনি লোৱাটো প্ৰয়োজনীয়।

২) মানসিক চাপ- মানসিক চাপ আপোনাৰ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক। ইয়াৰ বাবে আপুনি বহুতো ৰোগৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। মানসিক চাপৰ বাবে তেজৰ ছুগাৰৰ মাত্ৰাত অতি বেয়া প্ৰভাৱ পৰে। মানসিক চাপৰ বাবে আমাৰ শৰীৰত কৰ্টিছল হৰম’ন উৎপন্ন হয় যাৰ ফলত তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পায়।

৩) শাৰীৰিক ক্ৰিয়া-কলাপৰ মাত্ৰা- শাৰীৰিক কাৰ্য্যকলাপ নকৰাৰ ফলত আপোনাৰ তেজত ছুগাৰৰ মাত্ৰা বৃদ্ধি পাব পাৰে।  নিয়মীয়া ব্যায়ামৰ দ্বাৰা তেজৰ ছুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিব পাৰি। কিন্তু ডায়েবেটিছত ব্যায়াম কৰাৰ সময়ত কিছুমান কথাৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়। ডায়েবেটিছত বিশেষজ্ঞ অবিহনে গধুৰ ব্যায়াম কৰিলে আপোনাৰ তেজৰ ছুগাৰৰ মাত্ৰা হঠাতে কমি যাব পাৰে।

৪) ডিহাইড্ৰেচন- পানী কমকৈ খালে আপোনাৰ তেজত ছুগাৰৰ মাত্ৰা ক্ষতিকাৰক হ’ব পাৰে। কম পানী খালে ই আপোনাৰ শৰীৰত গ্লুক’জৰ পৰিমাণ বৃদ্ধি কৰে, যাক হাইপ’গ্লাইচেমিয়া বোলা হয়। এনে পৰিস্থিতিত ডায়েবেটিছ ৰোগীয়ে সৰ্বাধিক পৰিমাণৰ পানী খোৱাটো গুৰুত্বপূৰ্ণ।

৫) ঔষধ- কেতিয়াবা ঔষধে আপোনাৰ তেজৰ ছুগাৰৰ মাত্ৰাত বেয়া প্ৰভাৱ পেলায়। এনে পৰিস্থিতিত ডায়েবেটিছ ৰোগীয়ে যিকোনো ঔষধ খোৱাৰ আগতে এবাৰ চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী।












FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ