--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৱশেষত আঠগৰাকী লোকৰ প্ৰাণহানিৰ পিছত নিজৰ দায়িত্বলৈ মনত পৰিল মধ্যপ্ৰদেশৰ জবলপুৰ প্ৰশাসনৰ। জিলাখনৰ এখন ব্যক্তিগত চিকিৎসালয়ত সোমবাৰে সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত আঠগৰাকীকৈ লোকে প্ৰাণ হেৰুওৱাৰ এদিন পিছতে আজি জিলা প্ৰশাসনে চহৰখনৰ ৫১ খন ব্যক্তিগত চিকিৎসালয়ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। জবলপুৰৰ স্বাস্থ্য বিভাগে জিলাখনৰ ব্যক্তিগত চিকিৎসালয় আৰু নাৰ্চিং হোমত নতুন ৰোগীৰ ভৰ্তি কৰাত নিষিদ্ধ আৰোপ কৰিছে।

সোমবাৰে নিউ লাইফ মাল্টিস্পেচিয়েলিটি হাস্পতালৰ অগ্নিকাণ্ডৰ পৰিপ্ৰেক্ষিতত মুখ্য চিকিৎসা স্বাস্থ্য বিষয়া (চিএমএইচঅ') ড০ ৰতনেশ কুৰাৰিয়াই এই নিৰ্দেশ জাৰি কৰিছে। ব্যক্তিজন চিকিৎসালয়সমূহৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপন হোৱাৰ পিছত চিকিৎসালয় প্ৰতিষ্ঠা আইনৰ অধীনত প্ৰয়োজনীয় চৰ্ত পূৰণ সম্পৰ্কীয় নথিপত্ৰসমূহ এই চিকিৎসালয় কেইখনৰ পৰা সংগ্ৰহ কৰা হৈছিল। 

স্বাস্থ্য বিভাগে জাৰি কৰা নিৰ্দেশত কোৱা হৈছে যে নথিপত্ৰ পৰীক্ষণ নোহোৱালৈকে এই ৫১ খন ব্যক্তিগত চিকিৎসালয় আৰু নাৰ্চিং হোমত কোনো নতুন ৰোগীক ভৰ্তি ঈৰিব নোৱাৰিব। তদুপৰি প্ৰশাসনে অগ্নিকাণ্ড সংঘটিত হোৱা নিউ লাইফ মাল্টিস্পেচিয়েলিটি চিকিৎসালয়ত ভৰ্তি হৈ থকা ৰোগীসকলক আন চিকিৎসালয়লৈ স্থানান্তৰ কৰাৰ নিৰ্দেশ জাৰি কৰিছে।

ইফালে মধ্য প্ৰদেশ আৰক্ষীয়ে মঙলবাৰে নিউ লাইফ মাল্টিস্পেচিয়েলিটি চিকিৎসালয়ৰ অপাৰেটৰৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে। চিকিৎসালয়খনৰ চাৰিজন সঞ্চালক ক্ৰমে ড০ নিশান্ত গুপ্তা, ড০ সুৰেশ পেটেল, ড০ সঞ্জয় পেটেল আৰু ড০ সঞ্জয় চোনিসহ আন কেইবাগৰাকীও লোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে।

জবলপুৰৰ সহকাৰী আৰক্ষী অধীক্ষক সঞ্জয় আগৰৱালে জানিবলৈ দিয়া মতে এই চাৰিওগৰাকী পৰিচালক বৰ্তমান পলাতক আছে আৰু আৰক্ষীয়ে তেওঁলোকক ধৰিবলৈ বিশেষ দল গঠন কৰিছে।

উল্লেখ্য যে সোমবাৰে জবলপুৰৰ নিউ লাইফ মাল্টিস্পেচিয়েলিটি হাস্পতালত হোৱা ভয়াৱহ অগ্নিকাণ্ডত চিকিৎসালয়ৰ পাঁচগৰাকী কৰ্মচাৰী আৰু চিকিৎসালয়খনত ভৰ্তি হৈ থকা তিনিগৰাকী লোকৰ মৃত্যু হৈছিল। এই অগ্নিকাণ্ডৰ পিছতে চিকিৎসালয়খনৰ বিৰুদ্ধে ব্যাপক অভিযোগ সমুখলৈ আহিছিল।

মূলত: হাস্পতালখনত কোনো আপাতকালীন বিপদৰ সময়ত জৰুৰীকালীনভাৱে বাহিলৈ ওলাই অহাৰ কোনো সুবিধা নথকাৰ এই অভিযোগ উত্থাপন হৈছিল। জবলপুৰৰ স্থানীয় কংগ্ৰেছী বিধায়কগৰাকীয়েই চিকিৎসালয়খনৰ এই নীতিবহিৰ্ভূত নিৰ্মাণৰ বিষয়ে প্ৰশাসনৰ সমুখত কেইবাবাৰো অভিযোগ উত্থাপন কৰাৰ পিছতো প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি দাবী কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পাঁচ বছৰত বন্ধ ২৩ সহস্রাধিক চৰকাৰী বিদ্যালয়
বেংক ঋণ জালিয়াতিৰ গোচৰ ! অনিল আম্বানিৰ বাসভৱনত চি বি আইৰ তালাচী
১৩ ছেপ্টেম্বৰত প্রধানমন্ত্রীয়ে উদ্বোধন কৰিব মিজোৰামৰ নতুন ৰে'লপথ
ডুৰাণ্ড কাপত নৰ্থ-ইষ্ট ইউনাইটেডৰ অভিলেখ
দুদিনীয়া ভ্রমণসূচীৰে বাংলাদেশত পাকিস্তানৰ উপ-প্রধানমন্ত্রী
৯০% মছজিদৰ ইমাম 'অচিনাকি' মানুহ, ৰাজ্যিক বিজেপিৰ মুখপাত্র মমিনুল আৱালৰ বিস্ফোৰণ
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ