--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৱশেষত আঠগৰাকী লোকৰ প্ৰাণহানিৰ পিছত নিজৰ দায়িত্বলৈ মনত পৰিল মধ্যপ্ৰদেশৰ জবলপুৰ প্ৰশাসনৰ। জিলাখনৰ এখন ব্যক্তিগত চিকিৎসালয়ত সোমবাৰে সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত আঠগৰাকীকৈ লোকে প্ৰাণ হেৰুওৱাৰ এদিন পিছতে আজি জিলা প্ৰশাসনে চহৰখনৰ ৫১ খন ব্যক্তিগত চিকিৎসালয়ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। জবলপুৰৰ স্বাস্থ্য বিভাগে জিলাখনৰ ব্যক্তিগত চিকিৎসালয় আৰু নাৰ্চিং হোমত নতুন ৰোগীৰ ভৰ্তি কৰাত নিষিদ্ধ আৰোপ কৰিছে।

সোমবাৰে নিউ লাইফ মাল্টিস্পেচিয়েলিটি হাস্পতালৰ অগ্নিকাণ্ডৰ পৰিপ্ৰেক্ষিতত মুখ্য চিকিৎসা স্বাস্থ্য বিষয়া (চিএমএইচঅ') ড০ ৰতনেশ কুৰাৰিয়াই এই নিৰ্দেশ জাৰি কৰিছে। ব্যক্তিজন চিকিৎসালয়সমূহৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপন হোৱাৰ পিছত চিকিৎসালয় প্ৰতিষ্ঠা আইনৰ অধীনত প্ৰয়োজনীয় চৰ্ত পূৰণ সম্পৰ্কীয় নথিপত্ৰসমূহ এই চিকিৎসালয় কেইখনৰ পৰা সংগ্ৰহ কৰা হৈছিল। 

স্বাস্থ্য বিভাগে জাৰি কৰা নিৰ্দেশত কোৱা হৈছে যে নথিপত্ৰ পৰীক্ষণ নোহোৱালৈকে এই ৫১ খন ব্যক্তিগত চিকিৎসালয় আৰু নাৰ্চিং হোমত কোনো নতুন ৰোগীক ভৰ্তি ঈৰিব নোৱাৰিব। তদুপৰি প্ৰশাসনে অগ্নিকাণ্ড সংঘটিত হোৱা নিউ লাইফ মাল্টিস্পেচিয়েলিটি চিকিৎসালয়ত ভৰ্তি হৈ থকা ৰোগীসকলক আন চিকিৎসালয়লৈ স্থানান্তৰ কৰাৰ নিৰ্দেশ জাৰি কৰিছে।

ইফালে মধ্য প্ৰদেশ আৰক্ষীয়ে মঙলবাৰে নিউ লাইফ মাল্টিস্পেচিয়েলিটি চিকিৎসালয়ৰ অপাৰেটৰৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে। চিকিৎসালয়খনৰ চাৰিজন সঞ্চালক ক্ৰমে ড০ নিশান্ত গুপ্তা, ড০ সুৰেশ পেটেল, ড০ সঞ্জয় পেটেল আৰু ড০ সঞ্জয় চোনিসহ আন কেইবাগৰাকীও লোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে।

জবলপুৰৰ সহকাৰী আৰক্ষী অধীক্ষক সঞ্জয় আগৰৱালে জানিবলৈ দিয়া মতে এই চাৰিওগৰাকী পৰিচালক বৰ্তমান পলাতক আছে আৰু আৰক্ষীয়ে তেওঁলোকক ধৰিবলৈ বিশেষ দল গঠন কৰিছে।

উল্লেখ্য যে সোমবাৰে জবলপুৰৰ নিউ লাইফ মাল্টিস্পেচিয়েলিটি হাস্পতালত হোৱা ভয়াৱহ অগ্নিকাণ্ডত চিকিৎসালয়ৰ পাঁচগৰাকী কৰ্মচাৰী আৰু চিকিৎসালয়খনত ভৰ্তি হৈ থকা তিনিগৰাকী লোকৰ মৃত্যু হৈছিল। এই অগ্নিকাণ্ডৰ পিছতে চিকিৎসালয়খনৰ বিৰুদ্ধে ব্যাপক অভিযোগ সমুখলৈ আহিছিল।

মূলত: হাস্পতালখনত কোনো আপাতকালীন বিপদৰ সময়ত জৰুৰীকালীনভাৱে বাহিলৈ ওলাই অহাৰ কোনো সুবিধা নথকাৰ এই অভিযোগ উত্থাপন হৈছিল। জবলপুৰৰ স্থানীয় কংগ্ৰেছী বিধায়কগৰাকীয়েই চিকিৎসালয়খনৰ এই নীতিবহিৰ্ভূত নিৰ্মাণৰ বিষয়ে প্ৰশাসনৰ সমুখত কেইবাবাৰো অভিযোগ উত্থাপন কৰাৰ পিছতো প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি দাবী কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ