--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শশী থাৰুৰ সকলোতে অলপ বেলেগ! কংগ্ৰেছৰ এইগৰাকীৰ বিচক্ষণ সাংসদ ৰাজনীতিতকৈও অধিক চৰ্চাত থাকে বৌদ্ধিক চিন্তা-চৰ্চা, তেওঁৰ ইংৰাজী ভাষাজ্ঞান, ক্ৰিকেট প্ৰেম আৰু চৌখিন জীৱন শৈলীৰ বাবে। দাঁতভঙা ইংৰাজী শব্দেৰে টুইট কৰাৰ বাবেও তেওঁ প্ৰায়েই থাকে সংবাদ শীৰ্ষত। পিছে এইগৰাকী সাংসদ চৰ্চালৈ আহিছে এখন ছেলফীৰ বাবে। সোমবাৰে কৃষি আইন বাতিল বিধেয়কক লৈ উত্তাল হৈ পৰিছিল দুয়োখন সদন। চৰকাৰে মৌখিক ভোটত আইন তিনিখন বাতিলৰ বাবে গৃহীত কৰে বিধেয়ক।

কিন্তু বিৰোধীয়ে বিষয়়টো সন্দৰ্ভত সংসদত আলোচনা হোৱাটো বিচাৰিছিল যদিও সেয়া হৈ নুঠিল। ফলত চিৰাচৰিতভাৱে প্ৰৱল হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হ’ল সংসদত। ৰাজ্যসভাৰ পৰা বিৰোধীৰ ১০গৰাকীকৈ সাংসদক বহিষ্কাৰো কৰা হ’ল। কিন্তু তাৰ মাজতো কংগ্ৰেছৰ এইগৰাকী সাংসদ শশী থাৰুৰ আছিল ব্যতিক্ৰম। আন আন জনপ্ৰতিনিধিয়ে প্ৰতিবাদেৰে সংসদত তোলপাৰ লগোৱাৰ সময়ত শশী থাৰুৰে একাংশ মহিলা সাংসদৰ সৈতে ছেলফী লোৱাত ব্যস্ত হৈ পৰিল। এই ছেলফীক লৈ এতিয়া তুমুল চৰ্চা চলিছে ছ’চিয়েল মিডিয়াত। বহুতেই সাংসদগৰাকীক ইয়াকে লৈ তীব্ৰ কটাক্ষ কৰাও দেখা গৈছে।


গোপনাৰীৰ সৈতে মুৰুলীধৰৰ অলস বিনোদনৰ দৃশ্যকে বহুতৰে মনত পুনৰ যেন সজীৱ কৰি তুলিলে থাৰুৰৰ ছেলফীয়ে! ছগৰাকী মহিলা সাংসদৰ আলোকচিত্ৰ তেওঁ পোষ্ট কৰে ছ’চিয়েল মিডিয়াত। সহাস্যে তেওঁৰ সৈতে এই ছেলফীত দেখা হৈছিল তৃণমূলৰ সুন্দৰী সাংসদ নুছৰত জাহান, মিমি চক্ৰৱৰ্তীকো। তেওঁলোকৰ লগতে আছিল কংগ্ৰেছৰ সাংসদ তথা পঞ্জাবৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙৰ পত্নী প্ৰীনীত কৌৰ, এনচিপিৰ সুপ্ৰিয়া ছুলে, কংগ্ৰেছৰ জ্যোতিমান ছেন্নিমালাই আৰু ডি এম কেৰ থামিঝাচি থাংগাপাণ্ডিয়ান। এই ছেলফীৰ সৈতে থাৰুৰে লিখা কেপচনেও বিতৰ্কত উদগনি যোগায়।

থাৰুৰে কেপচনত লিখিছে, কোনে কয় লোকসভা কাম কৰাৰ বাবে আকৰ্ষণীয় ঠাই নহয়? তেওঁৰ ছেলফীক লৈ বিতৰ্কৰ সূত্ৰপাত হোৱাৰ পাছত এই সম্পৰ্কত স্পষ্টীকৰণ দিয়ে থাৰুৰে। মহিলা সাংসদকেইগৰাকীয়েহে তেওঁক এই টুইট কৰিবলৈ কৈছিল বুলিও তেওঁ মন্তব্য কৰে। থাৰুৰে কয়, বহুতেই এই ছবিক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে, তাৰ বাবে মই দুঃখিত। কিন্তু মই কৰ্মক্ষেত্ৰৰ এই বন্ধুত্বপূৰ্ণ পৰিৱেশ দেখুৱাবলৈ পাই সুখী। আন একো কথা নাই। তৃণমূল সাংসদ মিমি চক্ৰৱৰ্তীয়ে এই ছেলফী লৈছিল আৰু বাকী সাংসদসকলে থাৰুৰ সৈতে আনন্দ উদ্বেলিত ভংগিৰে ফটোৰ পজ দিছিল। পিছে স্পৰ্শকাতৰ সময়ত এই ছবি পোষ্ট কৰি বিতৰ্কৰ কেন্দ্ৰ হৈ পৰিল থাৰুৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি