--°C
Loading...
Listen to Article
2 min read
80%


ডিজিটেল ডেস্কঃ ভাৰতীয় ৰাজনীতিত আয়া-ৰাম গয়া-ৰাম, হৰ্চ ট্ৰেডিং আদি সূত্রসমূহে অতীতৰে পৰা কিছু কিছু সময়ত অন্য এক ভূমিকা পালন কৰি আহিছে। তাৰেই যেন বিৰূপ প্ৰভাৱ পৰিছে সাম্প্রতিক সময়ৰ অসমৰ ৰাজনীতিত। ক্ৰমাৎ যেন নাইকিয়া হৈছে প্ৰমূল্যবোধৰ ৰাজনীতি। ক্ষমতাৰ কাৰণে দলীয় আদৰ্শক জলাঞ্জলি দি ঢাপলি মেলে শাসকীয় দলৰ পক্ষত। বিগত ২০২১ৰ বিধানসভা নির্বাচনৰ পাছত অসমত হৰ্চ ট্ৰেডিঙত লিপ্ত হ’ল কেইবাজনো বিধায়ক। সাধাৰণ নিৰ্বাচনৰ কেইমাহমানৰ পাছত অনুষ্ঠিত কৰিব লগা হ’ল উপ-নিৰ্বাচন । ৰাইজৰ ধন খৰচ কৰি চৰকাৰে লাস-বিলাসিতাৰে পাৰ কৰিলে বিধায়ক পদ খালী হৈ থকা কেইটিমান সমষ্টিৰ উপ-নিৰ্বাচন।


মাজুলী সমষ্টিৰপৰা নিৰ্বাচিত হোৱা বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে কেন্দ্রীয় চৰকাৰৰ মন্ত্ৰিত্বৰ দায়িত্ব লোৱাৰ পাছত সমষ্টিটোত এতিয়ালৈকে খালী হৈ আছে বিধায়ক পদ। নিৰ্বাচনী আয়োগে মৰিয়নি, থাওৰা, ভৱানীপুৰ আদিৰ উপ-নিৰ্বাচনৰ সময়ত মাজুলীত অনুষ্ঠিত নকৰিলে উপ-নিৰ্বাচন। এতিয়ালৈকে ঘোষণা হোৱা নাই মাজুলী সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন। মাজুলীৰ লগতে অন্য সমষ্টিতো হ’ব নেকি উপ-নিৰ্বাচন?

বৰ্তমান এয়া অসমৰ ৰাজনীতিৰ এক ডাঙৰ প্ৰশ্ন! কাৰণ সততে খবৰ ওলাই থাকে যে দিছপুৰত শূন্য হ’ব নেকি বিপিএফৰ বিধায়কৰ সংখ্যা। বিপিএফৰ তিনি বিধায়ক দুৰ্গা দাস বড়ো, ৰবিৰাম নাৰ্জাৰী আৰু মাজেন্দ্ৰ নাৰ্জাৰী সঘনাই যোগাযোগ অব্যাহত ৰাখিছে শাসকীয় দল বিজেপিৰ সৈতে বুলি চৰ্চা হৈছে! বিজেপিৰ সভাপতি ভৱেশ কলিতাই এই সন্দৰ্ভত কয় যে, বিহুৰ পাছত ভাল খবৰ ওলাব। আনহাতে খবৰ ওলোৱা ধৰণে ছয়গাঁও সমষ্টিৰ কংগ্রেছী বিধায়ক ৰেকিবুদ্দিন আহমেদ আৰু বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসেও অসম গণ পৰিষদ দলত যোগদান কৰিব বিচৰা বিষয়টো কিমান সঁচা সেয়া সময়তহে লক্ষ্যণীয় হ’ব বুলি বিশ্লেষণ কৰিছে ৰাজ্যৰ সচেতন তথা বৌদ্ধিক সমাজে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু