--°C
Loading...
Listen to Article
2 min read
80%


ডিজিটেল ডেস্কঃ ভাৰতীয় ৰাজনীতিত আয়া-ৰাম গয়া-ৰাম, হৰ্চ ট্ৰেডিং আদি সূত্রসমূহে অতীতৰে পৰা কিছু কিছু সময়ত অন্য এক ভূমিকা পালন কৰি আহিছে। তাৰেই যেন বিৰূপ প্ৰভাৱ পৰিছে সাম্প্রতিক সময়ৰ অসমৰ ৰাজনীতিত। ক্ৰমাৎ যেন নাইকিয়া হৈছে প্ৰমূল্যবোধৰ ৰাজনীতি। ক্ষমতাৰ কাৰণে দলীয় আদৰ্শক জলাঞ্জলি দি ঢাপলি মেলে শাসকীয় দলৰ পক্ষত। বিগত ২০২১ৰ বিধানসভা নির্বাচনৰ পাছত অসমত হৰ্চ ট্ৰেডিঙত লিপ্ত হ’ল কেইবাজনো বিধায়ক। সাধাৰণ নিৰ্বাচনৰ কেইমাহমানৰ পাছত অনুষ্ঠিত কৰিব লগা হ’ল উপ-নিৰ্বাচন । ৰাইজৰ ধন খৰচ কৰি চৰকাৰে লাস-বিলাসিতাৰে পাৰ কৰিলে বিধায়ক পদ খালী হৈ থকা কেইটিমান সমষ্টিৰ উপ-নিৰ্বাচন।


মাজুলী সমষ্টিৰপৰা নিৰ্বাচিত হোৱা বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে কেন্দ্রীয় চৰকাৰৰ মন্ত্ৰিত্বৰ দায়িত্ব লোৱাৰ পাছত সমষ্টিটোত এতিয়ালৈকে খালী হৈ আছে বিধায়ক পদ। নিৰ্বাচনী আয়োগে মৰিয়নি, থাওৰা, ভৱানীপুৰ আদিৰ উপ-নিৰ্বাচনৰ সময়ত মাজুলীত অনুষ্ঠিত নকৰিলে উপ-নিৰ্বাচন। এতিয়ালৈকে ঘোষণা হোৱা নাই মাজুলী সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন। মাজুলীৰ লগতে অন্য সমষ্টিতো হ’ব নেকি উপ-নিৰ্বাচন?

বৰ্তমান এয়া অসমৰ ৰাজনীতিৰ এক ডাঙৰ প্ৰশ্ন! কাৰণ সততে খবৰ ওলাই থাকে যে দিছপুৰত শূন্য হ’ব নেকি বিপিএফৰ বিধায়কৰ সংখ্যা। বিপিএফৰ তিনি বিধায়ক দুৰ্গা দাস বড়ো, ৰবিৰাম নাৰ্জাৰী আৰু মাজেন্দ্ৰ নাৰ্জাৰী সঘনাই যোগাযোগ অব্যাহত ৰাখিছে শাসকীয় দল বিজেপিৰ সৈতে বুলি চৰ্চা হৈছে! বিজেপিৰ সভাপতি ভৱেশ কলিতাই এই সন্দৰ্ভত কয় যে, বিহুৰ পাছত ভাল খবৰ ওলাব। আনহাতে খবৰ ওলোৱা ধৰণে ছয়গাঁও সমষ্টিৰ কংগ্রেছী বিধায়ক ৰেকিবুদ্দিন আহমেদ আৰু বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসেও অসম গণ পৰিষদ দলত যোগদান কৰিব বিচৰা বিষয়টো কিমান সঁচা সেয়া সময়তহে লক্ষ্যণীয় হ’ব বুলি বিশ্লেষণ কৰিছে ৰাজ্যৰ সচেতন তথা বৌদ্ধিক সমাজে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ