--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দেশৰ বৰ্তমান অৰ্থনৈতিক অৱস্থা একেবাৰে পুতৌলগা বুলি ক’লেও অকণো ভূল কোৱা নহব৷ দেশত যেন চৰকাৰে এতিয়া ৰাজহুৱা প্ৰতিষ্ঠানক ব্যক্তিগতকৰণৰ কৰাত অঘোষিত প্ৰতিযগিতাত হে নামিছে ৷ দেশৰ ঘৰুৱা উৎপাদন(GDP) উৰ্ধগামী হোৱাৰ পৰিৱৰ্তে দৈনন্দিন নিম্নগামী হোৱাৰ খবৰে সদায়ে সংবাদ শিৰোনা্ম দখল কৰে৷ দেশৰ ঘৰুৱা উৎপাদনৰ অৱস্থিতি ইমানেই পুতৌলগা যে, ভাৰতীয় ৰিজাৰ্ভ বেংকে আনকি জি ডি পিৰ প্ৰকৃত তথ্য প্ৰকাশ কৰিবলৈ লাজ পোৱা পৰিস্থিতি সদৃশ৷ ইটোৰ পাছত সিটো ৰাজহুৱা খণ্ডক ব্যক্তিগত কৰিলে মোডী চৰকাৰে আৰু তেওঁলোকৰ হাতত যেন এতিয়াও ব্যক্তিগতকৰণ কৰিব লগা প্ৰতিষ্ঠানসমূহৰ তালিকাখন এতিয়াও বহুত দীঘলীয়া৷ এইবাৰ ব্যক্তিগতকৰণৰ ক্ষেত্ৰত আৰু এখোজ আগবাঢ়িবলৈ যো-জা কৰিছে মোডী চৰকাৰে৷

মোডী চৰকাৰে সংসদৰ শীতকালীন অধিৱেশনৰ মাজতেই বেংকিং আইন সংশোধনী বিল ২০২১ গৃহীত কৰিবলৈ উঠি-পৰি লাগিছে। নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে বেংকিং আইন সংশোধনী বিল গৃহীত কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে ইউনাইটেড ফ’ৰাম অফ বেংক ইউনিয়নচ (UFBU)। কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা বেংকসমূহ বেচৰকাৰীকৰণৰ পৰিকল্পনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ইউনাইটেড ফ’ৰাম অফ বেংক ইউনিয়নে ১৬ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰিছে৷

ইন্দিৰা গান্ধীয়ে বেংক আৰু বীমাকাৰী সংস্থাসমূহ ৰাষ্ট্ৰীয়কৰণ কৰি জনতাক সুৰক্ষা দিয়াৰ প্ৰয়াস কৰিছিল যদিও এতিয়াৰ মোদী চৰকাৰে সেই বেংকসমূহক নিজৰ ঘনিষ্ঠ কৰ্পৰেট বাহিনীৰ হাতত গতাই দিয়াৰ যি ফান্দ পাতিছে, সেই কাৰ্যৰ এতিয়া বিৰোধিতা কৰিছে বেংক কৰ্মচাৰীসকলে৷ উল্লেখ্য যে, ১৩ টা বৃহৎ কোম্পানীয়েই ৰাষ্ট্ৰীয়কৃত বেংকক ঘূৰাই দিবলৈ আছে ৪.৮৬ লাখ কোটি টকা । তাৰ ভিতৰত এতিয়ালৈ সেই ধন উদ্ধাৰ হৈছে মাত্ৰ ১.৬১ লাখ কোটি টকা। সেই ধাৰ আদায় কৰিবৰ বাবেই চৰকাৰে বেংক ব্যক্তিগতকৰণ কৰিব বিচাৰিছে বুলি এক অদ্ভুট যুক্তি আগবঢ়াইছে৷

ৰাইজক এতিয়া আভুৱা ভৰাবলৈ চৰকাৰে বেংকবোৰ শেষ হ’লেও ৰাইজে জমাধনৰ কমপক্ষেও ৫ লাখ টকা উভতাই পাব আশ্বাস দিছে। ইয়াৰ অৰ্থ আচলতে কি? নিজৰ জমা ধনৰ ওপৰতো এতিয়া জনতাৰ একো অধিকাৰ নাথাকিব নেকি? এই প্ৰশ্ন এতিয়া ৰাইজৰ৷ ইফালে বেংক ব্যক্তিগতকৰণৰ বিৰোধীতাৰে এতিয়া বেংকৰ কৰ্মচাৰীসকলেও অন্ধকাৰ ভৱিষ্যতৰ উমান পাই প্ৰতিবাদত নামিছে৷

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ক’য় যে, প্ৰশ্নৰ উত্তৰত সীতাৰমণে কয়: "বিনিয়োগ সম্পৰ্কীয় বিভিন্ন বিষয়বোৰ চৰকাৰৰ এতিয়াও বিবেচনাধীন, ৰাজহুৱা খণ্ডৰ বেংক ব্যক্তিগতকৰণক লৈ সংশ্লিষ্ট কেবিনেট এই ক্ষেত্ৰত কোনো সিদ্ধান্ত লোৱা নাই।"


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি