--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘নিউ ইণ্ডিয়া’ত এতিয়া যেন কেৱল অনিশ্চয়তা আৰু নিৰাশাইহে বিৰাজ কৰিছে। এফালে অত্যাৱশ্যকীয় সামগ্ৰীৰ অভূতপূৰ্ব দামবৃদ্ধি আৰু আনফালে ক্ৰমবৰ্দ্ধমান নিবনুৱা সমস্যাই সাধাৰণ জনতাক ব্যতিব্যস্ত কৰি তুলিছে। তেলৰ পৰা বিলাহীলৈ অভূতপূৰ্ব দামবৃদ্ধিৰ সমান্তৰালভাৱে লাখ লাখ লোকে চাকৰি হেৰুওৱাৰ ফলত সৃষ্টি হৈছে অন্তহীন হতাশাৰ এক পৰিৱেশ। অৱস্থাই এনে ৰূপ পাইছে যে, দেশৰ প্ৰধানমন্ত্ৰীৰ জন্মদিনটোত ‘নিবনুৱা দিৱস’ হিচাপে পালন কৰি দেশৰ একাংশ যুৱ প্ৰজন্মৰ প্ৰতিনিধিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে। শেহতীয়াকৈ দেশৰ নিয়োগ খণ্ডৰ অনগ্ৰসৰতাৰ এক উদ্বেগজনক তথ্য পোহৰলৈ আহিছে।

‘চেণ্টাৰ ফৰ মণিটৰিং ইণ্ডিয়ান ইকনমী’ চমুকৈ চিএমআইই-এ প্ৰকাশ কৰা তথ্য অনুসৰি বিগত নৱেম্বৰ মাহটোত দেশত ৬৮লাখ বেতনভোগী লোকে চাকৰি হেৰুৱাইছে। শাসকীয় দলে নৱেম্বৰ মাহটোক ১১২লাখ শ্ৰমিক আৰু ক্ষুদ্ৰ ব্যৱসায়ীয়ে কাম লাভ কৰা বুলি দাবী কৰিছে যদিও এই দাবীৰ বিপৰীচতে এক সত্যক কিন্তু ঢাকি ৰাখিছে চৰকাৰে। চৰকাৰে এইকথা লুকাই ৰাখিছে যে, নৱেম্বৰ মাহটোতে ৬৮লাখ বেতনভোগী লোকৰ চাকৰি নাইকিয়া হৈছে। চৰকাৰে এই পৰিসংখ্যাকো ভুৱভাৱে উপস্থাপনৰ জৰিয়তে নিজৰ সাফল্যৰ শিতানত সংযোজিত কৰাৰ চেষ্টা কৰা বুলি অভিযোগ উঠিছে।

এই চাকৰি হেৰুওৱা লোকসকলকে ধৰি নতুনকৈ নিয়োগৰ সুবিধা লাভ কৰা বেছিভাগ লোকেই দিনহাজিৰাৰ দৰে কামত নিয়োজিত হ’বলগীয়া হোৱা বুলি তথ্য প্ৰকাশ পাইছে। দেশত আম্বানী-আদানীৰ দৰে কেইগৰাকীমান পুঁজিপতিয়ে দোপত দোপো উন্নতি কৰাৰ বিপৰীতে সাধাৰণ লোকৰ অৱস্থা দিনে দিনে পশ্চাৎগামী হোৱাটো উদ্বেগজনক বিবেচিত হৈছে। চিএমআইই-এ সদৰি কৰা মতে বিগত বছৰৰ তুলনাত এইবাৰ বেতনভোগী চাকৰিৰ সংখ্যা ৯.৭শতাংশ হ্ৰাস হৈছে।


সংস্থাটোৰ প্ৰতিবেদন অনুসৰি দেশত শ্ৰম খণ্ডত শ্ৰমিকৰ অংশীদাৰিত্ব হৈছে ৪০ শতাংশ। কৰ’না মহামাৰীৰ পূ্ৰ্বে এই হাৰ আছিল ৪৩শতাংশ। উল্লেখ্য যে, ২০২০চনত আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংগঠনে শ্ৰমিকৰ অংশীদাৰিত্বৰ হাৰ ৫৮.৬শতাংশ নিৰ্ধাৰণ কৰিছিল। অৰ্থাৎ এইক্ষেত্ৰত ভালেখিনি পিছ পৰি আছে। এনেবোৰ পৰিসংখ্যাই মোদীৰ নিউ ইণ্ডিয়াত নিয়োগৰ দৰে সা-সুবিধাতকৈ ক্ষুধাহে আগবাঢ়ি গৈছে বুলি অভিযোগ উঠিছে। দামবৃদ্ধিৰ দিশত অগ্ৰগতি লাভ কৰা দেশ ব্যৱসায়ত পিছ পৰি ৰৈছে। ধৰ্মৰ ৰাজনীতিত মোদীৰ নিউ ইণ্ডিয়া আগবাঢ়ি গৈছে যদিও বিকাশৰ দিশত পিছপৰি ৰোৱাৰ অভিযোগ উঠিছে। নিয়োগখণ্ডৰ এই ক্ৰমবৰ্ধমান সংকোচনে দেশৰ নতুন প্ৰজন্মৰ ভৱিষ্যতৰ প্ৰতি গভীৰ উদ্বেগ আৰু আশংকাৰ সৃষ্টি কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র