--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ২৪ মে’ ২০২৪ , শুকুৰবাৰ ।আজিৰ দিনটো বিভিন্ন ৰাশিৰ লোকৰ বাবে কেনে যাব জানো আহক। 

মেষ- ব্যৱসায়ীসকলৰ বাবে আজি  শুভ দিন।  মনলৈ আলস্যৰ ভাব আহিব পাৰে। হাতলৈ ধন আহিব যদিও খৰচো বৃদ্ধি পাব পাৰে। নতুন বন্ধু লাভ। প্ৰেমত শুভ । দাঁতৰ ৰোগৰ সম্ভাৱনা। নতুন খবৰ লাভ কৰিব পাৰে। 

বৃষ ৰাশি -দূৰ ভ্ৰমণৰ সম্ভাৱনা। পুৰণি মিত্ৰৰ সৈতে মিলন হ'ব।  সন্তানৰ বাবে  সুখ বৃদ্ধি পাব। প্ৰেমত মধ্যম। বিদ্যাত বাধা।খৰচ বৃদ্ধিৰ যোগ যদিও বিয়লিৰ ভাগলৈ হাতলৈ ধন আহিব।

মিথুন- পুৰণি বিবাদৰ  ফলাফল আপোনাৰ পক্ষে হ’ব। ।  নিশাৰ ভাগলৈ  হাতলৈ ধন আহিব।  শিক্ষাৰ্থীয়ে আজি অধিক কষ্ট কৰিব লাগিব। মাতৃৰ বাবে চিন্তা।শিঙাল জন্তুৰ পৰা সাৱধানে থাকিব। 

কৰ্কট- কৰ্মক্ষেত্ৰত শুভ, কিন্তু আনৰ দ্বাৰা প্ৰতাৰিত হ’ব পাৰে। আজি আপুনি কঠোৰ পৰিশ্ৰমৰ অন্তত শুভ ফল লাভ কৰিব। আনক আজি সহজে বিশ্বাসত নল’ব, কাৰণ কোনোবাই বিশ্বাস ভংগ কৰিব পাৰে। হঠাতে ব্যয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। পেটৰ ৰোগৰ সম্ভাৱনা। শুভ খবৰ লাভ কৰিব পাৰে। 

সিংহ- বিয়লিলৈ ধন লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত সতীৰ্থৰ পৰা সমস্যাৰ সন্মুখীন হ’ব পাৰে। প্ৰিয়জনৰ পৰা উপহাৰ লাভ কৰিব পাৰে।কোনো ভাল কামত ধন খৰচ হ’ব পাৰে। পিতৃৰ স্বাস্থ্যকলৈ চিন্তা। জুইৰ পৰা সাৱধান।

কন্যা- আজিৰ দিনটো আপোনাৰ বাবে শুভ।আজি পাৰিলে আপুনি গৰু-ছাগলী আদি পশুক খাদ্য দান কৰিলে দিনটো অধিক ভাল হ’ব। আনৰ সৈতে পৰাপক্ষত বিতৰ্ক এৰাই চলিব।  ভ্ৰমণৰ যোগ আছে। জুইৰ পৰা সাৱধানে থাকিব। প্ৰেমত মধ্যম। 

তুলা – বিবাহ প্ৰাৰ্থীৰ বাবে নতুন খবৰ লাভৰ সম্ভাৱনা। কোনো কামত নিজৰেই বিশ্বাসী লোকৰ পৰা বাধা পাব পাৰে। শিক্ষাৰ্থীৰ শুভ। সন্তানৰ কৰ্মৰ বাবে গৌৰৱবোধ। শিঙাল জন্তুৰ পৰা সাৱধানে থাকিব। ভ্ৰমণৰ সম্ভাৱনা আছে। 

বৃশ্চিক ৰাশি - ধৰ্ম-কৰ্মত অধিক মনোনিবেশ কৰিব পাৰে। আনক আজি সহায় কৰি আনন্দিত হ’ব। বিশ্বাস ভংগৰ বাবে মনত কষ্ট পাব।  সেয়ে সজাগ হোৱাটো ভাল হ'ব। মাতৃৰ স্বাস্থ্যকলৈ চিন্তা। খৰচ নিয়ন্ত্ৰণ কৰক ।প্ৰেমত শুভ। জুইৰ পৰা সাৱধানে থাকিব। 


ধনু- আজিৰ দিনটো আপোনাৰ বাবে অতি শুভ দিন বুলি ক’ব পাৰি। পুৰণি অসম্পূৰ্ণ কাম আজি সম্পূৰ্ণ হ’ব।।  ধন লাভৰ নতুন পথ মুকলি হ’ব।  ভ্ৰমণৰ সুবিধা পাব। প্ৰেমত ভুল বুজাবুজি। আলহীৰ আগমন। খৰচ কিছু বৃদ্ধি পাব পাৰে। 

মকৰ-  সমাজত আপোনাৰ ভাল কামৰ বাবে সন্মান বৃদ্ধি পাব পাৰে। নতুন খবৰ লাভ । ব্যৱসায়ী সকলৰ বাবে শুভ দিন। চকুৰ ৰোগে আমনি দিব পাৰে।  খৰচ অলপ বৃদ্ধি পাব , কিন্তু তাৰ তুলনাত ধনো বেছিকৈ হাতলৈ আহিব। পুৰণি বন্ধুৰে মিলন। 

কুম্ভ- চাকৰিয়াল সকলে পদোন্নতিৰ খবৰ পাব পাৰে। আনৰ কটু কথাই আজি আপোনাৰ মনত কষ্ট দিব পাৰে। ব্যৱসায়ত অতি শুভ দিন । । অতিথিৰ আগমন। কথা-বতৰাত আজি কিছু সাৱধান হ’ব। আনক সজ পৰামৰ্শ দিলেও আনে সেয়া বেয়াভাবেহে ল’ব পাৰে। সেয়ে মনত কষ্ট পোৱাৰ সম্ভাৱনা। প্ৰেমত মধ্যম। 

 মীন-নতুন বাহন আদি  কিনা হ'ব পাৰে।প্ৰেমত বিৰহ। ধন লাভৰ সম্ভাৱনা আছে। জুইৰ  পৰা সাৱধানে থাকিব।দাঁতৰ ৰোগত ভুগিব পাৰে। সতীৰ্থৰ পৰা সহায় লাভ। শিক্ষাৰ্থীৰ শুভ দিন। আজি পৰাপক্ষত দূৰ ভ্ৰমণ নকৰাই ভাল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ