শিলচৰৰ তাৰাপুৰস্থিত অসমীয়া বস্তিৰ পৰা মুম্বাইৰ ব্যস্ত টেলিভিছন জগতলৈ নিজৰ যাত্ৰা অব্যাহত ৰাখিছে কেৱৰী ৰয়ে। কেমেৰাৰ আঁৰত থাকি তেওঁ বৰ্তমান টেলিভিছন উদ্যোগত নিজৰ এক বিশেষ স্থান খোদিত কৰিবলৈ সক্ষম হৈছে। অসম বিশ্ববিদ্যালয়ৰ পৰিবেশ্য কলা বিভাগৰ ২০২২ বৰ্ষৰ স্নাতক কেৱৰীয়ে বৰ্তমান জনপ্ৰিয় চেনেল 'ষ্টাৰ প্লাছ'ত প্ৰচাৰিত 'তুম দেনা সাথ মেরা' শীৰ্ষক ধাৰাবাহিকখনত কন্টিনুইটি ডিৰেক্টৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
সাধাৰণতে দৰ্শকে কেৱল অভিনেতা-অভিনেত্ৰী, পৰিচালক আৰু চিনেমাটোগ্ৰাফাৰসকলকহে কেন্দ্ৰ কৰি চকু ৰাখে যদিও, এখন ধাৰাবাহিক বা চলচ্চিত্ৰ সফল কৰি তোলাৰ পিছে পিছে বহু কেইজন গুৰুত্বপূৰ্ণ লোকে পৰ্দাৰ আঁৰত কাম কৰে। কণ্টিনুইটি ডিৰেকচন হৈছে তেনে এক গুৰুত্বপূৰ্ণ দায়িত্ব, যাৰ অবিহনে এটা দৃশ্যগ্ৰহণো অসসংগত হৈ পৰিব পাৰে। দৃশ্যবোৰৰ সঠিক ক্ৰম আৰু সামঞ্জস্য ৰক্ষা কৰাত এই ভূমিকা অত্যন্ত জৰুৰী।
নিজৰ এই পেছাদাৰী যাত্ৰাৰ আৰম্ভণি সম্পৰ্কে মন্তব্য কৰি কেৱৰীয়ে কয় যে বৰ্তমান তেওঁ যি স্থানত আছে, সেয়া তেওঁৰ যাত্ৰাৰ কেৱল আৰম্ভণিহে আৰু তেওঁ এই যাত্ৰা এক আকৰ্ষণীয় সমাপ্তিৰ দিশে লৈ যাব বিচাৰে। বৰাক উপত্যকাৰ পৰা মুম্বাইৰ এই যাত্ৰাই বৰ্তমান ৰাজ্যখনৰ নৱপ্ৰজন্মৰ বাবে এক অনুপ্ৰেৰণা হিচাপে পৰিগণিত হৈছে।