--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰ বিষয়ত ইমান দিনে  মৌন হৈ আছিল প্ৰধানমন্ত্ৰী মোদী। দীৰ্ঘদিন ধৰি বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰি আহিছে মোদীৰ মৌনতাকলৈ। অৱশেষত প্ৰধানমন্ত্ৰীয়ে সংসদত উত্তৰ-পূবৰ ৰাজ্যখনৰ পৰিস্থিতিৰ বিষয়ে মুখ খুলিলে। ৰাজ্যসভাত মোদীয়ে কয় যে  মণিপুৰত শান্তি ঘূৰাই অনাৰ বাবে চৰকাৰে চেষ্টা চলাইছে । ইতিমধ্যে সংশ্লিষ্ট সকলো পক্ষৰ সৈতে আলোচনা কৰি ৰাজ্যখনলৈ শান্তি অনাৰ প্রক্রিয়া আৰম্ভ হৈছে বুলিও মোদীয়ে মন্তব্য কৰে। বুধবাৰে ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক  উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়, ‘মণিপুৰৰ পৰিস্থিতি স্বাভাৱিক কৰাৰ বাবে চৰকাৰে সকলো প্ৰচেষ্টা চলাইছে। এই পৰ্যন্ত এঘাৰ হাজাৰৰো অধিক এজাহাৰ দাখিল কৰা হৈছে। প্ৰায় ৫০০ লোকক গ্ৰেপ্তাৰ কৰা হৈছে। হিংসাৰ ঘটনা ক্ৰমাগতভাৱে হ্ৰাস পাইছে। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ যৌথ প্ৰচেষ্টাত উত্তৰ-পূবৰ ৰাজ্য খনৰ অধিকাংশ অঞ্চললৈ শান্তি ঘূৰি আহিছে। স্কুল, কলেজ, কাৰ্যালয়ো মুকলি কৰা হৈছে।"

মণিপুৰৰ হিংসাৰ আঁৰৰ প্ৰৰোচকসকলক সকীয়াই দিয়াৰ উপৰি আজি প্ৰধানমন্ত্ৰীয়ে কংগ্ৰেছকো লক্ষ্য কৰি লয়। তেওঁ কয়, ‘ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে সকলো দলৰ সৈতে আলোচনা কৰি আছে। কেইবা সপ্তাহ ধৰি মণিপুৰত নিজেই আছিল গৃহমন্ত্ৰীগৰাকী।  যিসকলে এই হিংসাক সমৰ্থন কৰি আছে তেওঁলোকক সকীয়াই দিব বিচাৰিছো, জ্বলা জুইত ঘিউ নাঢালিব। নহলে মণিপুৰৰ ৰাইজেও আপোনালোকক প্ৰত্যাখ্যান কৰিব। কংগ্ৰেছে মণিপুৰতো ১০ বাৰ ৰাষ্ট্ৰপতিৰ শাসন জাপি দিছিল।"


মন কৰিবলগীয়া যে উত্তৰ-পূবৰ ৰাজ্যখনত বিগত ১৪ মাহ ধৰি হিংসাৰ জুই জ্বলিছিল।  এই হিংসাত বহুলোকে প্ৰাণ হেৰুৱাইছিল।এতিয়াও মণিপুৰলৈ সম্পূৰ্ণ ৰূপত শান্তি ঘূৰি অহা নাই। শেহতীয়াকৈ অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজতো দুৰ্বৃত্তই  বুথ দখল কৰাৰ অভিযোগ উত্থাপন হৈছিল। হিংসাত্মক ঘটনাৰ সূত্ৰপাত ঘটাৰ পিছতো মোদীয়ে এবাৰৰ বাবে হ’লেও মণিপুৰলৈ যোৱা নাছিল। আনকি বিৰোধীয়ে দাবী কৰি থকাৰ পিছতো মোদীয়ে এই বিষয়ত কোনো মন্তব্য কৰা নাছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু