--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰ বিষয়ত ইমান দিনে  মৌন হৈ আছিল প্ৰধানমন্ত্ৰী মোদী। দীৰ্ঘদিন ধৰি বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰি আহিছে মোদীৰ মৌনতাকলৈ। অৱশেষত প্ৰধানমন্ত্ৰীয়ে সংসদত উত্তৰ-পূবৰ ৰাজ্যখনৰ পৰিস্থিতিৰ বিষয়ে মুখ খুলিলে। ৰাজ্যসভাত মোদীয়ে কয় যে  মণিপুৰত শান্তি ঘূৰাই অনাৰ বাবে চৰকাৰে চেষ্টা চলাইছে । ইতিমধ্যে সংশ্লিষ্ট সকলো পক্ষৰ সৈতে আলোচনা কৰি ৰাজ্যখনলৈ শান্তি অনাৰ প্রক্রিয়া আৰম্ভ হৈছে বুলিও মোদীয়ে মন্তব্য কৰে। বুধবাৰে ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক  উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়, ‘মণিপুৰৰ পৰিস্থিতি স্বাভাৱিক কৰাৰ বাবে চৰকাৰে সকলো প্ৰচেষ্টা চলাইছে। এই পৰ্যন্ত এঘাৰ হাজাৰৰো অধিক এজাহাৰ দাখিল কৰা হৈছে। প্ৰায় ৫০০ লোকক গ্ৰেপ্তাৰ কৰা হৈছে। হিংসাৰ ঘটনা ক্ৰমাগতভাৱে হ্ৰাস পাইছে। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ যৌথ প্ৰচেষ্টাত উত্তৰ-পূবৰ ৰাজ্য খনৰ অধিকাংশ অঞ্চললৈ শান্তি ঘূৰি আহিছে। স্কুল, কলেজ, কাৰ্যালয়ো মুকলি কৰা হৈছে।"

মণিপুৰৰ হিংসাৰ আঁৰৰ প্ৰৰোচকসকলক সকীয়াই দিয়াৰ উপৰি আজি প্ৰধানমন্ত্ৰীয়ে কংগ্ৰেছকো লক্ষ্য কৰি লয়। তেওঁ কয়, ‘ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে সকলো দলৰ সৈতে আলোচনা কৰি আছে। কেইবা সপ্তাহ ধৰি মণিপুৰত নিজেই আছিল গৃহমন্ত্ৰীগৰাকী।  যিসকলে এই হিংসাক সমৰ্থন কৰি আছে তেওঁলোকক সকীয়াই দিব বিচাৰিছো, জ্বলা জুইত ঘিউ নাঢালিব। নহলে মণিপুৰৰ ৰাইজেও আপোনালোকক প্ৰত্যাখ্যান কৰিব। কংগ্ৰেছে মণিপুৰতো ১০ বাৰ ৰাষ্ট্ৰপতিৰ শাসন জাপি দিছিল।"


মন কৰিবলগীয়া যে উত্তৰ-পূবৰ ৰাজ্যখনত বিগত ১৪ মাহ ধৰি হিংসাৰ জুই জ্বলিছিল।  এই হিংসাত বহুলোকে প্ৰাণ হেৰুৱাইছিল।এতিয়াও মণিপুৰলৈ সম্পূৰ্ণ ৰূপত শান্তি ঘূৰি অহা নাই। শেহতীয়াকৈ অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজতো দুৰ্বৃত্তই  বুথ দখল কৰাৰ অভিযোগ উত্থাপন হৈছিল। হিংসাত্মক ঘটনাৰ সূত্ৰপাত ঘটাৰ পিছতো মোদীয়ে এবাৰৰ বাবে হ’লেও মণিপুৰলৈ যোৱা নাছিল। আনকি বিৰোধীয়ে দাবী কৰি থকাৰ পিছতো মোদীয়ে এই বিষয়ত কোনো মন্তব্য কৰা নাছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ