--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ২০২১ বৰ্ষটো ভাৰতত মূলত কৃষকৰ বছৰ আছিল বুলি ক’লেও ভূল কোৱা নহ’ব৷ কৃষকৰ অবিৰত সংগ্ৰাম, ত্যাগ, কষ্ট সাক্ষী হৈ ৰ’ল সমগ্ৰ দেশবাসী৷ কেন্দ্ৰীয় চৰকাৰৰ তিনিখন কৃষি আইনৰ বিৰুদ্ধে জাঙুৰ খাই উঠা কৃষকৰ ওচৰত মূৰ দোৱালে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ৷ প্ৰায় ডেৰ বছৰজোৰা এক দীঘলীয়া আন্দোলন আৰু সংগ্ৰাম৷ ২০২০ চনৰ ৯ আগষ্টত এই আন্দোলনৰ আৰম্ভণি হৈছিল ৷ সমান্তৰালভাৱে চলি গৈছিল তেওঁলোকৰ সংগ্ৰাম

‘এই আইন আমি কোনা কাৰণতে মানি নলও বুলি পথাৰ এৰি ৰাজপথলৈ ওলাই আহিল কৃষকসকল। ত্রিশটাৰো অধিক কৃষক সংগঠনৰ নেতৃত্বত আৰম্ভ হ’ল ‘দিল্লী চলো’ আন্দোলন৷ পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশৰ কৃষকসকল এই আন্দোলত সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিল৷ এই আন্দোলনত প্ৰায় ৬০০ ৰ পৰা ৭০০ লোকে ইতিমধ্যে প্ৰাণ আহুতি দিলে৷ অৱশেষত, বহু প্ৰতিক্ষাৰ অন্তত আজি বাতিল হ’ল কৃষকবিৰোধী এই তিনিখন কৃষি আইন৷ নিজৰ প্ৰাপ্য, অধিকাৰ যে ভাৰতীয়ই আন্দোলনৰ যোগেদি আজুৰি আনিব পাৰে সেইয়া পুনৰবাৰ প্ৰতিপন্ন হ’ল৷ কৃষকৰ এই জয় এক ঐতিহাসিক জয়।

কিন্তু কৃষকসকলক বিকৰ্কিত কৃষি আইনেৰে আঘাত সনা চৰকাৰখনে এতিয়া দেশৰ কৃষকসকলক ভালৰি লগাবলৈ চৰকাৰে কৃষকৰ স্বাৰ্থত গ্ৰহণ কৰিছে কেতবোৰ উন্নয়নমূলক পদক্ষেপ৷ কৃষি প্ৰধান দেশখনৰ বাবে কৃষকসকলেই হ’ল মূল চালিকা শক্তি, চৰকাৰখনো ভালদৰে জ্ঞাত যে কৃষকসকলক কোনোবাখিনিত আঘাত সনা মানেই চৰকাৰখনৰে বৃহৎ ক্ষতি৷ তদুপৰি উত্তৰ প্ৰদেশকে ধৰি দেশৰ আন ৪ খন ৰাজ্যত বিধানসভা নিৰ্বাচন সমাগত৷ গতিকে চৰকাৰে এইসময়খিনিত ভোটৰ স্বাৰ্থত কৃষকসকলৰ বাবে বিভিন্ন আঁচনিৰ ধন মোকলাই দিছে বুলি সকলোৱে দাবী কৰিছে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১ জানুৱাৰীৰ দুপৰীয়া ১২:৩০ বজাত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (পিএম-কিষাণ) আঁচনিৰ অধীনত বিত্তীয় লাভালাভৰ দশম কিস্তি মুকলি কৰিব। এই বিষয়ে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ৰাইজৰ জ্ঞাতাৰ্থে অৱগত কৰিছে। প্ৰধানমন্ত্ৰী মোডীয়ে ১০ কোটিতকৈও অধিক হিতাধিকাৰীৰ একাউণ্টলৈ ২০,০০০ কোটি টকাৰ অধিক স্থানান্তৰ কৰিব।

এপ্ৰিলত জমা কৰা প্ৰথম কিস্তি

চলিত বিত্তীয় বৰ্ষত আঁচনিখনৰ প্ৰথম কিস্তিএপ্ৰিলত ১১.১৬ কোটিতকৈও অধিক কৃষকৰ বেংক একাউণ্টত জমা কৰা হৈছিল। দ্বিতীয় কিস্তিটো ২০২১ চনৰ আগষ্টত জমা কৰা হৈছিল। ইয়াৰ পৰা ১১.১১ কোটি কৃষক উপকৃত হৈছিল। এতিয়ালৈকে মুঠ ১২.৩১ কোটি কৃষকে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ অধীনত নিজকে পঞ্জীয়ন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?