--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ২০২১ বৰ্ষটো ভাৰতত মূলত কৃষকৰ বছৰ আছিল বুলি ক’লেও ভূল কোৱা নহ’ব৷ কৃষকৰ অবিৰত সংগ্ৰাম, ত্যাগ, কষ্ট সাক্ষী হৈ ৰ’ল সমগ্ৰ দেশবাসী৷ কেন্দ্ৰীয় চৰকাৰৰ তিনিখন কৃষি আইনৰ বিৰুদ্ধে জাঙুৰ খাই উঠা কৃষকৰ ওচৰত মূৰ দোৱালে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ৷ প্ৰায় ডেৰ বছৰজোৰা এক দীঘলীয়া আন্দোলন আৰু সংগ্ৰাম৷ ২০২০ চনৰ ৯ আগষ্টত এই আন্দোলনৰ আৰম্ভণি হৈছিল ৷ সমান্তৰালভাৱে চলি গৈছিল তেওঁলোকৰ সংগ্ৰাম

‘এই আইন আমি কোনা কাৰণতে মানি নলও বুলি পথাৰ এৰি ৰাজপথলৈ ওলাই আহিল কৃষকসকল। ত্রিশটাৰো অধিক কৃষক সংগঠনৰ নেতৃত্বত আৰম্ভ হ’ল ‘দিল্লী চলো’ আন্দোলন৷ পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশৰ কৃষকসকল এই আন্দোলত সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিল৷ এই আন্দোলনত প্ৰায় ৬০০ ৰ পৰা ৭০০ লোকে ইতিমধ্যে প্ৰাণ আহুতি দিলে৷ অৱশেষত, বহু প্ৰতিক্ষাৰ অন্তত আজি বাতিল হ’ল কৃষকবিৰোধী এই তিনিখন কৃষি আইন৷ নিজৰ প্ৰাপ্য, অধিকাৰ যে ভাৰতীয়ই আন্দোলনৰ যোগেদি আজুৰি আনিব পাৰে সেইয়া পুনৰবাৰ প্ৰতিপন্ন হ’ল৷ কৃষকৰ এই জয় এক ঐতিহাসিক জয়।

কিন্তু কৃষকসকলক বিকৰ্কিত কৃষি আইনেৰে আঘাত সনা চৰকাৰখনে এতিয়া দেশৰ কৃষকসকলক ভালৰি লগাবলৈ চৰকাৰে কৃষকৰ স্বাৰ্থত গ্ৰহণ কৰিছে কেতবোৰ উন্নয়নমূলক পদক্ষেপ৷ কৃষি প্ৰধান দেশখনৰ বাবে কৃষকসকলেই হ’ল মূল চালিকা শক্তি, চৰকাৰখনো ভালদৰে জ্ঞাত যে কৃষকসকলক কোনোবাখিনিত আঘাত সনা মানেই চৰকাৰখনৰে বৃহৎ ক্ষতি৷ তদুপৰি উত্তৰ প্ৰদেশকে ধৰি দেশৰ আন ৪ খন ৰাজ্যত বিধানসভা নিৰ্বাচন সমাগত৷ গতিকে চৰকাৰে এইসময়খিনিত ভোটৰ স্বাৰ্থত কৃষকসকলৰ বাবে বিভিন্ন আঁচনিৰ ধন মোকলাই দিছে বুলি সকলোৱে দাবী কৰিছে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১ জানুৱাৰীৰ দুপৰীয়া ১২:৩০ বজাত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (পিএম-কিষাণ) আঁচনিৰ অধীনত বিত্তীয় লাভালাভৰ দশম কিস্তি মুকলি কৰিব। এই বিষয়ে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ৰাইজৰ জ্ঞাতাৰ্থে অৱগত কৰিছে। প্ৰধানমন্ত্ৰী মোডীয়ে ১০ কোটিতকৈও অধিক হিতাধিকাৰীৰ একাউণ্টলৈ ২০,০০০ কোটি টকাৰ অধিক স্থানান্তৰ কৰিব।

এপ্ৰিলত জমা কৰা প্ৰথম কিস্তি

চলিত বিত্তীয় বৰ্ষত আঁচনিখনৰ প্ৰথম কিস্তিএপ্ৰিলত ১১.১৬ কোটিতকৈও অধিক কৃষকৰ বেংক একাউণ্টত জমা কৰা হৈছিল। দ্বিতীয় কিস্তিটো ২০২১ চনৰ আগষ্টত জমা কৰা হৈছিল। ইয়াৰ পৰা ১১.১১ কোটি কৃষক উপকৃত হৈছিল। এতিয়ালৈকে মুঠ ১২.৩১ কোটি কৃষকে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ অধীনত নিজকে পঞ্জীয়ন কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন