--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ উথপথপ বলীউড৷ বিয়াৰ গৰম বতাহজাকে এতিয়া আকাশ-বতাহ কপাইছে বলীউড৷ শেহতীয়াকৈ কেটৰিনাৰ -বিকিৰ বিয়াৰ খবৰে গৰম কৰি ৰাখিছে বলীউড৷ খবৰ অনুসৰি ডিচেম্বৰ মাহতে দুয়োগৰাকী তাৰকাই বিবাহ-পাশত আবদ্ধ হোৱাটো এক প্ৰকাৰৰ খাটাং৷

অৱশ্যে ডিচেম্বৰত বিয়াৰ তাৰিখক লৈ দুয়োজন তাৰকাৰে মতবিৰোধ আছিল যদিও সকলো সামৰি দুয়োজনে বৰ্তমান ডিচেম্বৰতে বিয়াত বহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ডিচেম্বৰৰ ৭ ৰ পৰা ১২ তাৰিখৰ লৈকে মুঠ ৬ দিনীয়া সূচীৰে অনুষ্ঠিত হ’ব কেট আৰু বিকিৰ বিয়া৷ ৰাজস্থানৰ এখন ৰাজকীয় বিলাসী হোটেলত অনুষ্ঠিত হ’ব দুয়োজনেৰে বিবাহ পৰ্ব, ইতিমধ্যে বিয়াৰ বাবে পেলেচটো যো-জা কৰিবলৈ আৰম্ভ কৰিছেই৷ বিয়াৰ বাবে ইতিমধ্যে বলিউডৰ বহু তাৰকাই নিমন্ত্ৰণো লাভ কৰিছে৷ কৰণ জোহৰ, আলী আব্বাছ জাফৰ, কবীৰ খান, মিনি মাথুৰ, ৰোহিত চেট্টী, সিদ্ধাৰ্থ মালহোত্ৰা, কিয়াৰা আদৱানী আৰু বৰুণ ধাৱানৰ দৰে তাৰকাসকলে তেওঁলোকৰ বন্ধুৰ বিয়াৰ বাবে নিমন্ত্ৰণ লাভ কৰাই নহয় বিয়াৰ বাবে তেওঁলোকে কাপোৰ বাছনি কৰাই আৰম্ভ কৰিছে।

কিন্তু বিয়াৰ নিমন্ত্ৰণী তালিকাৰ পৰা এজন ছুপাৰষ্টাৰ তাৰকাৰ নাম বাদ পৰাৰ খবৰ আহি পৰিছে৷ শেহতীয়া খবৰ অনুসৰি কেট-বিকিৰ বিয়াৰ গ্ৰেন্ড পাৰ্টিত ছলমান খান থাকিব নোৱাৰিব বুলি এক খবৰ আহি পৰিছে৷ অৱশ্যে ছল্লু ভাইয়ে তেওঁৰ শ্বুটিংঙৰ অজুহাত দেখুৱাই বিয়াত উপস্থিত থাকিব নোহোৱাৰ অজুহাত দেখাইছে যদিও তেওঁৰ অন্তৰৰ কেচাঁ ঘা টুকুৰাৰ আঘাতৰ বিষয়ে আৰু ৰাইজে আৰু বুজিবলৈ বাকি নাই৷

সকলো মানুহেই ছলমান আৰু কেটৰিনাৰ দীৰ্ঘদিনীয়া সম্পৰ্কৰ কথা জানে৷ কেটৰিনাক বলীউড জগতলৈ অনা একমাত্ৰ মানুহজনেই আছিল আছিল ছলমান খান৷ ছলমান খানৰ ছত্ৰছায়াতে কেটে লাভ কৰিছিল বহু ডাঙৰ-ডাঙৰ ছিনেমাৰ প্ৰজেক্ট৷ সেই সময়তে দুয়োজনৰ মাজত ঘনিষ্ঠতাও বৃদ্ধি পাইছিল আৰু তেতিয়াই তেওঁলোকৰ মাজত সম্পৰ্ক গঢ় লৈ উঠিছিল৷ তেওঁলোকৰ এই দীৰ্ঘদিনীয়া সম্পৰ্ক বিভিন্ন কাৰকৰ বাবে ফাঁট মেলিছিল আৰু তেতিয়াই তেওঁলোকে ইজনে-সিজনক এৰি থাকিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ এতিয়া আহি পৰিল কেটৰ বিয়াৰ সময়, কিন্তু এই খবৰে যেন বলিউড ভাইজানে কোনো কাৰণতে শুনিব বিছৰা নাই আৰু বিষয়টোৰ পৰা তেওঁ যিমান পাৰে এৰাই চলিব বিচাৰিছে৷ সাংবাদিকৰে মুখা-মুখিত ছলমানে ক’য় যে, শ্বাহৰুখৰ পুত্ৰ আৰিয়ানৰ বাবে তেওঁ কৰ্ট-কাছাৰিত বহু সময় দৌৰিব লগা হ’ল, যাৰ কাৰণে তেওঁৰ বহু কাম ৰৈ গ’ল আৰু শ্বুটিংৰ সেই আধৰুৱা কামখিনি ডিচেম্বৰতে শেষ কৰিব লাগিব বুলি ক’য় ছলমানে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু