--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ উথপথপ বলীউড৷ বিয়াৰ গৰম বতাহজাকে এতিয়া আকাশ-বতাহ কপাইছে বলীউড৷ শেহতীয়াকৈ কেটৰিনাৰ -বিকিৰ বিয়াৰ খবৰে গৰম কৰি ৰাখিছে বলীউড৷ খবৰ অনুসৰি ডিচেম্বৰ মাহতে দুয়োগৰাকী তাৰকাই বিবাহ-পাশত আবদ্ধ হোৱাটো এক প্ৰকাৰৰ খাটাং৷

অৱশ্যে ডিচেম্বৰত বিয়াৰ তাৰিখক লৈ দুয়োজন তাৰকাৰে মতবিৰোধ আছিল যদিও সকলো সামৰি দুয়োজনে বৰ্তমান ডিচেম্বৰতে বিয়াত বহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ডিচেম্বৰৰ ৭ ৰ পৰা ১২ তাৰিখৰ লৈকে মুঠ ৬ দিনীয়া সূচীৰে অনুষ্ঠিত হ’ব কেট আৰু বিকিৰ বিয়া৷ ৰাজস্থানৰ এখন ৰাজকীয় বিলাসী হোটেলত অনুষ্ঠিত হ’ব দুয়োজনেৰে বিবাহ পৰ্ব, ইতিমধ্যে বিয়াৰ বাবে পেলেচটো যো-জা কৰিবলৈ আৰম্ভ কৰিছেই৷ বিয়াৰ বাবে ইতিমধ্যে বলিউডৰ বহু তাৰকাই নিমন্ত্ৰণো লাভ কৰিছে৷ কৰণ জোহৰ, আলী আব্বাছ জাফৰ, কবীৰ খান, মিনি মাথুৰ, ৰোহিত চেট্টী, সিদ্ধাৰ্থ মালহোত্ৰা, কিয়াৰা আদৱানী আৰু বৰুণ ধাৱানৰ দৰে তাৰকাসকলে তেওঁলোকৰ বন্ধুৰ বিয়াৰ বাবে নিমন্ত্ৰণ লাভ কৰাই নহয় বিয়াৰ বাবে তেওঁলোকে কাপোৰ বাছনি কৰাই আৰম্ভ কৰিছে।

কিন্তু বিয়াৰ নিমন্ত্ৰণী তালিকাৰ পৰা এজন ছুপাৰষ্টাৰ তাৰকাৰ নাম বাদ পৰাৰ খবৰ আহি পৰিছে৷ শেহতীয়া খবৰ অনুসৰি কেট-বিকিৰ বিয়াৰ গ্ৰেন্ড পাৰ্টিত ছলমান খান থাকিব নোৱাৰিব বুলি এক খবৰ আহি পৰিছে৷ অৱশ্যে ছল্লু ভাইয়ে তেওঁৰ শ্বুটিংঙৰ অজুহাত দেখুৱাই বিয়াত উপস্থিত থাকিব নোহোৱাৰ অজুহাত দেখাইছে যদিও তেওঁৰ অন্তৰৰ কেচাঁ ঘা টুকুৰাৰ আঘাতৰ বিষয়ে আৰু ৰাইজে আৰু বুজিবলৈ বাকি নাই৷

সকলো মানুহেই ছলমান আৰু কেটৰিনাৰ দীৰ্ঘদিনীয়া সম্পৰ্কৰ কথা জানে৷ কেটৰিনাক বলীউড জগতলৈ অনা একমাত্ৰ মানুহজনেই আছিল আছিল ছলমান খান৷ ছলমান খানৰ ছত্ৰছায়াতে কেটে লাভ কৰিছিল বহু ডাঙৰ-ডাঙৰ ছিনেমাৰ প্ৰজেক্ট৷ সেই সময়তে দুয়োজনৰ মাজত ঘনিষ্ঠতাও বৃদ্ধি পাইছিল আৰু তেতিয়াই তেওঁলোকৰ মাজত সম্পৰ্ক গঢ় লৈ উঠিছিল৷ তেওঁলোকৰ এই দীৰ্ঘদিনীয়া সম্পৰ্ক বিভিন্ন কাৰকৰ বাবে ফাঁট মেলিছিল আৰু তেতিয়াই তেওঁলোকে ইজনে-সিজনক এৰি থাকিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ এতিয়া আহি পৰিল কেটৰ বিয়াৰ সময়, কিন্তু এই খবৰে যেন বলিউড ভাইজানে কোনো কাৰণতে শুনিব বিছৰা নাই আৰু বিষয়টোৰ পৰা তেওঁ যিমান পাৰে এৰাই চলিব বিচাৰিছে৷ সাংবাদিকৰে মুখা-মুখিত ছলমানে ক’য় যে, শ্বাহৰুখৰ পুত্ৰ আৰিয়ানৰ বাবে তেওঁ কৰ্ট-কাছাৰিত বহু সময় দৌৰিব লগা হ’ল, যাৰ কাৰণে তেওঁৰ বহু কাম ৰৈ গ’ল আৰু শ্বুটিংৰ সেই আধৰুৱা কামখিনি ডিচেম্বৰতে শেষ কৰিব লাগিব বুলি ক’য় ছলমানে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ