--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ক’ভিডসৃষ্ট পৰিৱেশৰ মাজতে অসমীয়া চলচ্চিত্ৰ জগতলৈ এক সুখবৰ কঢ়িয়াই আনিছে ৰূপক গগৈৰ পৰিচালিত আৰু ড: সঞ্জীৱ নাৰায়ণ প্ৰযোজিত কলাত্মক ছবি ʼতুমি মালালাʼই। চলিত বৰ্ষত আয়োজিত ৭খন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত ‘ তুমি মালালা ’ই ৫খন মহোৎসৱত বিজয়ী হয়। ইয়াৰে গেংটক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘তুমি মালালা’ই বেষ্ট প্ৰযোজক বঁটা লাভ কৰা উপৰি কাহিনী শিতানতো বঁটা লাভ কৰে। ইপিনে Druk আন্তঃৰাষ্ট্ৰীয় মহোৎসৱতো ছবিখনে বাখ্যামূলক কাহিনীৰ বাবে বিশেষ পাৰদৰ্শিতা বঁটা আঁজুৰি আনিবলৈ সক্ষম হয়। DIFT, Caleidoscope Indian film festival of Boston-21 আৰু Indo French International Film festival-21তো পাৰদৰ্শিতা বঁটা লাভ কৰে ‘তুমি মালালা’ই।

ইপিনে, বিগত ৯-১৪ নৱেম্বৰলৈ ভাৰতত অনুষ্ঠিত হোৱা ১৫সংখ্যক আন্তঃৰাষ্ট্ৰীয় চিনহ ইণ্ডিয়া শিশু চলচ্চিত্ৰ মহোৎসৱত ‘ তুমি মালালা ʼ বিশেষভাৱে সমাদৃত হোৱাৰ লগতে চলচ্চিত্ৰখনত অভিনয় কৰা দুই কিশোৰীলৈ আগবঢ়োৱা হয় শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান। ছবিখনত সাৱলীল আৰু সুন্দৰ অভিনয়ৰ বাবে অংশ্ৰুতা কাশ্যপ (মুনমুন) আৰু হৰ্ষিতা ভট্টাচাৰ্যক শ্ৰেষ্ঠ অভিনেত্ৰীৰূপে নিৰ্বাচন কৰে চলচ্চিত্ৰ মহোৎসৰ বিচাৰক মণ্ডলীয়ে। ‘তুমি মালালাʼত অংশ্ৰুতা কাশ্যপে আমিনাৰ চৰিত্ৰ আৰু হৰ্ষিতা ভট্টাচাৰ্যই নাডিয়া চৰিত্ৰ ৰূপায়ণে চিত্ৰপ্ৰেমীৰ মন জয় কৰিবলৈ সক্ষম হয়। ছবিখনৰ এনে সাফল্যত অতিকে সুখী প্ৰযোজক ড: সঞ্জীৱ নাৰায়ণ, পৰিচালক ৰূপক গগৈৰ লগতে ছবিখনত ওতঃপ্ৰোতভাৱে জড়িত প্ৰতিগৰাকী ব্যক্তি। আনপিনে, Eurasia International Monthly Film festival-21তো বিজয়ী হয় ‘তুমি মালালা’।


উল্লেখ্য যে, NRC সৃষ্ট অসমৰ পৰিস্থিতি, নাৰী শিক্ষাৰ অধিকাৰ বিষয়ত দুই কিশোৰীৰ সপোন, আশা-আকাংক্ষা আৰু জীৱন সংগ্ৰামক লৈয়ে এই ছবি। ছবিখনৰ চিত্ৰনাট্যকাৰ অভিস্কা ফুকন। মুখ্য সহঃ পৰিচালক কুশল গগৈ, কলা নিৰ্দেশক দিপাংকৰ দাস আৰু প্ৰডাকচন মেনেজাৰ অনন্ত বৰা। সাজ-সজ্জাৰ পৰিচালক মন্দিৰা গগৈ আৰু ৰূপসজ্জা দিপালী শৰ্মা বৰদলৈৰ। ছবিখনৰ দৃশ্যগ্ৰহণ নগেন বৈশ্যৰ।


ছবিখনৰ মূল দুই কিশোৰী চৰিত্ৰত অভিনয় কৰিছে অংশ্ৰুতা কাশ্যপ ওৰফে মুনমুন আৰু হৰ্ষিতা ভট্টাচাৰ্যই। ছবিখনৰ অন্য এক মুখ্য চৰিত্ৰত অভিনয় কৰিছে বাংলা আৰু মালায়ালাম ছবিৰ জনপ্ৰিয় অভিনেত্ৰী নীনা চক্ৰৱৰ্তীয়ে। আন আন চৰিত্ৰত আছে লুইত পৰাশৰ হাজৰিকা, পংখী কাশ্যপ, ছাজু আহমেদ, যতীন্দ্ৰ খনিকৰ, পিংকী পাঠক, স্বপ্না দাস আদি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু