--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ক’ভিডসৃষ্ট পৰিৱেশৰ মাজতে অসমীয়া চলচ্চিত্ৰ জগতলৈ এক সুখবৰ কঢ়িয়াই আনিছে ৰূপক গগৈৰ পৰিচালিত আৰু ড: সঞ্জীৱ নাৰায়ণ প্ৰযোজিত কলাত্মক ছবি ʼতুমি মালালাʼই। চলিত বৰ্ষত আয়োজিত ৭খন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত ‘ তুমি মালালা ’ই ৫খন মহোৎসৱত বিজয়ী হয়। ইয়াৰে গেংটক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘তুমি মালালা’ই বেষ্ট প্ৰযোজক বঁটা লাভ কৰা উপৰি কাহিনী শিতানতো বঁটা লাভ কৰে। ইপিনে Druk আন্তঃৰাষ্ট্ৰীয় মহোৎসৱতো ছবিখনে বাখ্যামূলক কাহিনীৰ বাবে বিশেষ পাৰদৰ্শিতা বঁটা আঁজুৰি আনিবলৈ সক্ষম হয়। DIFT, Caleidoscope Indian film festival of Boston-21 আৰু Indo French International Film festival-21তো পাৰদৰ্শিতা বঁটা লাভ কৰে ‘তুমি মালালা’ই।

ইপিনে, বিগত ৯-১৪ নৱেম্বৰলৈ ভাৰতত অনুষ্ঠিত হোৱা ১৫সংখ্যক আন্তঃৰাষ্ট্ৰীয় চিনহ ইণ্ডিয়া শিশু চলচ্চিত্ৰ মহোৎসৱত ‘ তুমি মালালা ʼ বিশেষভাৱে সমাদৃত হোৱাৰ লগতে চলচ্চিত্ৰখনত অভিনয় কৰা দুই কিশোৰীলৈ আগবঢ়োৱা হয় শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান। ছবিখনত সাৱলীল আৰু সুন্দৰ অভিনয়ৰ বাবে অংশ্ৰুতা কাশ্যপ (মুনমুন) আৰু হৰ্ষিতা ভট্টাচাৰ্যক শ্ৰেষ্ঠ অভিনেত্ৰীৰূপে নিৰ্বাচন কৰে চলচ্চিত্ৰ মহোৎসৰ বিচাৰক মণ্ডলীয়ে। ‘তুমি মালালাʼত অংশ্ৰুতা কাশ্যপে আমিনাৰ চৰিত্ৰ আৰু হৰ্ষিতা ভট্টাচাৰ্যই নাডিয়া চৰিত্ৰ ৰূপায়ণে চিত্ৰপ্ৰেমীৰ মন জয় কৰিবলৈ সক্ষম হয়। ছবিখনৰ এনে সাফল্যত অতিকে সুখী প্ৰযোজক ড: সঞ্জীৱ নাৰায়ণ, পৰিচালক ৰূপক গগৈৰ লগতে ছবিখনত ওতঃপ্ৰোতভাৱে জড়িত প্ৰতিগৰাকী ব্যক্তি। আনপিনে, Eurasia International Monthly Film festival-21তো বিজয়ী হয় ‘তুমি মালালা’।


উল্লেখ্য যে, NRC সৃষ্ট অসমৰ পৰিস্থিতি, নাৰী শিক্ষাৰ অধিকাৰ বিষয়ত দুই কিশোৰীৰ সপোন, আশা-আকাংক্ষা আৰু জীৱন সংগ্ৰামক লৈয়ে এই ছবি। ছবিখনৰ চিত্ৰনাট্যকাৰ অভিস্কা ফুকন। মুখ্য সহঃ পৰিচালক কুশল গগৈ, কলা নিৰ্দেশক দিপাংকৰ দাস আৰু প্ৰডাকচন মেনেজাৰ অনন্ত বৰা। সাজ-সজ্জাৰ পৰিচালক মন্দিৰা গগৈ আৰু ৰূপসজ্জা দিপালী শৰ্মা বৰদলৈৰ। ছবিখনৰ দৃশ্যগ্ৰহণ নগেন বৈশ্যৰ।


ছবিখনৰ মূল দুই কিশোৰী চৰিত্ৰত অভিনয় কৰিছে অংশ্ৰুতা কাশ্যপ ওৰফে মুনমুন আৰু হৰ্ষিতা ভট্টাচাৰ্যই। ছবিখনৰ অন্য এক মুখ্য চৰিত্ৰত অভিনয় কৰিছে বাংলা আৰু মালায়ালাম ছবিৰ জনপ্ৰিয় অভিনেত্ৰী নীনা চক্ৰৱৰ্তীয়ে। আন আন চৰিত্ৰত আছে লুইত পৰাশৰ হাজৰিকা, পংখী কাশ্যপ, ছাজু আহমেদ, যতীন্দ্ৰ খনিকৰ, পিংকী পাঠক, স্বপ্না দাস আদি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ