--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বলীউডৰ মোহময়ী অভিনেত্ৰী প্ৰীতি জিণ্টাৰ জীৱন পৰম সুখেৰে উপচি পৰিছে। যমজ সন্তানৰ মাতৃ হ'ল ডিম্পল গাৰ্ল প্ৰীতি। অভিনেত্ৰীগৰাকীৰ ঘৰত এতিয়া মাথোঁ আনন্দৰ লহৰ। প্ৰীতিয়ে তেওঁৰ জীৱনৰ এই সুখৰ মুহূৰ্তটো অনুৰাগীসকলৰ সৈতে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। প্ৰীতিয়ে পোষ্টটোত তাইৰ দুয়োটা সন্তানৰ নামো অনুৰাগীসকলক জনায়। প্ৰীতি জিণ্টাই ইনষ্টাগ্ৰাম হেণ্ডেলত স্বামী জেনে গুডেনাফৰ সৈতে উঠা এখন সুন্দৰ ফটো শ্বেয়াৰ কৰি এই ভাল খবৰটো দিছিল। জীৱনৰ ৪৬ বছৰ বয়সত মাতৃত্বৰ সোৱাদ লাভ কৰে প্ৰীতিয়ে।

প্ৰীতিয়ে পোষ্টটোত লিখিছিল-''মই আজি আপোনালোকক আমাৰ জীৱনৰ এটা খুব ধুনীয়া খবৰ দিব বিচাৰিছোঁ। মই আৰু মোৰ স্বামী জেনে আজি বহুত সুখী। আমাৰ হৃদয় মৰম আৰু কৃতজ্ঞতাৰে ভৰি আছে, কিয়নো আমাৰ ঘৰত দুটা যমজ সন্তান জয় জিণ্টা গুডেনাফ আৰু জিয়া জিণ্টা গুডেনাফৰ জন্ম হৈছে।'' প্ৰীতি জিণ্টাই তেওঁৰ পোষ্টত আৰু লিখিছিল- ''আমি আমাৰ জীৱনৰ নতুন পৰ্যায়ক লৈ অতি উৎসাহিত। আমাৰ অবিশ্বাস্য যাত্ৰাৰ অংশ হোৱাৰ বাবে সকলো চিকিৎসক, নাৰ্চ আৰু আমাৰ ছাৰোগেটক বহুত বহুত ধন্যবাদ। সকলোকে বহুত মৰম।'' 

আৰু পঢ়কঃ জম্মু-কাশ্মীৰত দমনৰ ৰাজনীতি! পুনৰ গৃহবন্দী মেহবুবা মুফটি

প্ৰীতি জিণ্টাৰ পোষ্টটোৱে স্পষ্ট কৰি দিছে যে তেওঁ ছাৰোগেচীৰ জৰিয়তে মাতৃ হৈছে। প্ৰীতিয়ে তেওঁৰ নতুন জীৱনক সুখেৰে আদৰণি জনাইছে। প্ৰীতিয়ে এই পোষ্টটো শ্বেয়াৰ কৰাৰ লগে লগে বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা অনুৰাগীসকলে মৰম আৰু অভিনন্দন জ্ঞাপন কৰিছে। প্ৰীতি জিণ্টাই এই পোষ্টটো কৰাৰ পাছতেই মিনিটৰ ভিতৰতে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। এতিয়া সকলোৱে অভিনেত্ৰীগৰাকীৰ দুই যমজ সন্তান জয় আৰু জিয়াৰ ফটো চাবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। উল্লেখ্য যে ২০১৬ চনত আমেৰিকাৰ জেনে গুডেনাফৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল মোহময়ী প্ৰীতি জিণ্টা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ