--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আপোনাৰ বাৰু কফি খাই কেনেকুৱা লাগে?নিয়মিত কফি খায় নে? কফি প্ৰিয় সকলৰ বাবে সুখবৰ! শেহতীয়া এক অধ্যয়নত নিয়মিতভাৱে কফি খালে আয়ুস প্ৰায় দুবছৰ বৃদ্ধি পাব পাৰে বুলি প্ৰকাশ পাইছে। একেটা অধ্যয়নত নিয়মিতভাৱে কফি খালে ৰোগমুক্ত হ’ব পাৰে বুলিও কোৱা হৈছে। 

পৰ্তুগালৰ ক’ইম্ব্ৰা বিশ্ববিদ্যালয়ে কফিৰ ওপৰত কৰা পুৰণি অধ্যয়নৰ ফলাফল পৰীক্ষা কৰিবলৈ আৰম্ভ  নতুন অধ্যয়ন আৰম্ভ কৰিছিল আৰু এজিং ৰিচাৰ্চ ৰিভিউ নামৰ আলোচনীখনত সেই অধ্যয়নৰ ফলাফল প্ৰকাশ পাইছে। এই অধ্যয়নত কোৱা হৈছে যে নিয়মিত কফি সেৱন কৰা মানুহৰ গড় আয়ুসত ১.৮ বছৰ যোগ কৰিব পাৰে।

 পৰ্তুগালৰ গৱেষক ৰড্ৰিগো কুনহাই কয় যে সম্প্ৰতি ফাষ্ট ফুডৰ অতিমাত্ৰা সেৱন, পেকেটত ভৰোৱা খাদ্যৰ মানদণ্ড হ্ৰাস, প্ৰচেছড খাদ্যত মিশ্ৰণ বৃদ্ধি—এই সকলোবোৰে  মানুহৰ সামগ্ৰিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাইছে। লগতে তেওঁ কয় যে "আমি এতিয়া আগৰ তুলনাত বেছি খৰকৈ বয়সীয়াল হৈছো।" সেয়ে আমি কি খাওঁ তাৰ প্ৰতি গুৰুত্ব দিয়াটো অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে। এতিয়া এনে খাদ্য বিচাৰিব লাগিব যিয়ে আমাৰ আয়ুস বৃদ্ধি কৰাৰ লগতে আমাৰ স্বাস্থ্যও উন্নত কৰিব পাৰে৷

গৱেষণাত প্ৰকাশ কৰা তথ্য অনুসৰি কফিত দুহাজাৰতকৈও অধিক সম্ভাৱ্য বায়োঅক্টিভ উপাদান থাকে। ইয়াত এন্টিঅক্সিডেন্টৰ লগতে বিভিন্ন এন্টি-ইনফ্লেমেটৰী উপাদান থাকে, যিয়ে মানুহৰ শৰীৰৰ স্নায়ুতন্ত্ৰক প্ৰদাহৰ পৰা মুক্ত কৰি ৰাখে, ইনচুলিনৰ ফলপ্ৰসূতা নিয়ন্ত্ৰণ কৰে। গৱেষক কুনহাই কৈছে, সাধাৰণতে বয়সৰ লগে লগে শাৰীৰৰ কাৰ্য্য বা জৈৱিক কাৰ্য্যৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে। যাৰ ফলত বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে। আনকি হৃদৰোগ, বৃক্কৰ সমস্যাৰ হ’ব পাৰে। কিন্তু এই গৱেষণাই দেখুৱাইছে যে প্ৰতিদিনে নিৰ্দিষ্ট পৰিমাণৰ কফি সেৱন কৰাৰ ফলত জৈৱ কাৰ্য্যকলাপ সতেজ কৰি ৰাখিবলৈ সহায় কৰে৷

গৱেষকসকলে কফিৰ বয়স বৃদ্ধি বিৰোধী গুণ আছে বুলিও প্ৰকাশ কৰিছে। কফিয়ে মানৱ শৰীৰৰ বয়স বৃদ্ধি কৰা সকলো বস্তু যেনে কোষীয় পৰিৱৰ্তন, জিনীয় স্থিৰতা হেৰুৱা আদিত প্ৰভাৱ পেলাব পাৰে। গৱেষক ৰড্ৰিগো কুনহাই সেয়ে সাধাৰণতে বয়স বঢ়াৰ লগে লগে কেফেইন বা কফি কমাবলৈ কোৱা হয় কিন্তু নতুন গৱেষণাৰ পাছত সেই পৰামৰ্শৰ ওপৰত পুনৰ চিন্তা কৰাৰ সময় আহি পৰিছে বুলি উল্লেখ কৰে। অৱশ্যে পৰ্তুগালৰ গৱেষকসকলে এই ক্ষেত্ৰত অধিক গৱেষণাৰ প্ৰয়োজন বুলি উল্লেখ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
'পৰ্ণ' বজাৰত বিক্ৰী প্ৰসূতিৰ গোপন ছবি, দেশৰ জঘন্যতম চাইবাৰ অপৰাধ ফাদিল
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক