--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আপোনাৰ বাৰু কফি খাই কেনেকুৱা লাগে?নিয়মিত কফি খায় নে? কফি প্ৰিয় সকলৰ বাবে সুখবৰ! শেহতীয়া এক অধ্যয়নত নিয়মিতভাৱে কফি খালে আয়ুস প্ৰায় দুবছৰ বৃদ্ধি পাব পাৰে বুলি প্ৰকাশ পাইছে। একেটা অধ্যয়নত নিয়মিতভাৱে কফি খালে ৰোগমুক্ত হ’ব পাৰে বুলিও কোৱা হৈছে। 

পৰ্তুগালৰ ক’ইম্ব্ৰা বিশ্ববিদ্যালয়ে কফিৰ ওপৰত কৰা পুৰণি অধ্যয়নৰ ফলাফল পৰীক্ষা কৰিবলৈ আৰম্ভ  নতুন অধ্যয়ন আৰম্ভ কৰিছিল আৰু এজিং ৰিচাৰ্চ ৰিভিউ নামৰ আলোচনীখনত সেই অধ্যয়নৰ ফলাফল প্ৰকাশ পাইছে। এই অধ্যয়নত কোৱা হৈছে যে নিয়মিত কফি সেৱন কৰা মানুহৰ গড় আয়ুসত ১.৮ বছৰ যোগ কৰিব পাৰে।

 পৰ্তুগালৰ গৱেষক ৰড্ৰিগো কুনহাই কয় যে সম্প্ৰতি ফাষ্ট ফুডৰ অতিমাত্ৰা সেৱন, পেকেটত ভৰোৱা খাদ্যৰ মানদণ্ড হ্ৰাস, প্ৰচেছড খাদ্যত মিশ্ৰণ বৃদ্ধি—এই সকলোবোৰে  মানুহৰ সামগ্ৰিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাইছে। লগতে তেওঁ কয় যে "আমি এতিয়া আগৰ তুলনাত বেছি খৰকৈ বয়সীয়াল হৈছো।" সেয়ে আমি কি খাওঁ তাৰ প্ৰতি গুৰুত্ব দিয়াটো অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে। এতিয়া এনে খাদ্য বিচাৰিব লাগিব যিয়ে আমাৰ আয়ুস বৃদ্ধি কৰাৰ লগতে আমাৰ স্বাস্থ্যও উন্নত কৰিব পাৰে৷

গৱেষণাত প্ৰকাশ কৰা তথ্য অনুসৰি কফিত দুহাজাৰতকৈও অধিক সম্ভাৱ্য বায়োঅক্টিভ উপাদান থাকে। ইয়াত এন্টিঅক্সিডেন্টৰ লগতে বিভিন্ন এন্টি-ইনফ্লেমেটৰী উপাদান থাকে, যিয়ে মানুহৰ শৰীৰৰ স্নায়ুতন্ত্ৰক প্ৰদাহৰ পৰা মুক্ত কৰি ৰাখে, ইনচুলিনৰ ফলপ্ৰসূতা নিয়ন্ত্ৰণ কৰে। গৱেষক কুনহাই কৈছে, সাধাৰণতে বয়সৰ লগে লগে শাৰীৰৰ কাৰ্য্য বা জৈৱিক কাৰ্য্যৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে। যাৰ ফলত বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে। আনকি হৃদৰোগ, বৃক্কৰ সমস্যাৰ হ’ব পাৰে। কিন্তু এই গৱেষণাই দেখুৱাইছে যে প্ৰতিদিনে নিৰ্দিষ্ট পৰিমাণৰ কফি সেৱন কৰাৰ ফলত জৈৱ কাৰ্য্যকলাপ সতেজ কৰি ৰাখিবলৈ সহায় কৰে৷

গৱেষকসকলে কফিৰ বয়স বৃদ্ধি বিৰোধী গুণ আছে বুলিও প্ৰকাশ কৰিছে। কফিয়ে মানৱ শৰীৰৰ বয়স বৃদ্ধি কৰা সকলো বস্তু যেনে কোষীয় পৰিৱৰ্তন, জিনীয় স্থিৰতা হেৰুৱা আদিত প্ৰভাৱ পেলাব পাৰে। গৱেষক ৰড্ৰিগো কুনহাই সেয়ে সাধাৰণতে বয়স বঢ়াৰ লগে লগে কেফেইন বা কফি কমাবলৈ কোৱা হয় কিন্তু নতুন গৱেষণাৰ পাছত সেই পৰামৰ্শৰ ওপৰত পুনৰ চিন্তা কৰাৰ সময় আহি পৰিছে বুলি উল্লেখ কৰে। অৱশ্যে পৰ্তুগালৰ গৱেষকসকলে এই ক্ষেত্ৰত অধিক গৱেষণাৰ প্ৰয়োজন বুলি উল্লেখ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ