--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুস্বাদু খাদ্য খাবলৈ মানুহে হোটেল-ৰেষ্টুৰেণ্টলৈ যায় কিন্তু ৱেইটাৰৰ বাবে কেতিয়াবা কোনোবা ৰেষ্টুৰেণ্টলৈ যোৱাৰ কথা শুনিছেনে? এখন ৰেষ্টুৰেণ্টত এগৰাকী ৱেইটাৰৰ বাবে গ্ৰাহকৰ লাগে ভিৰ। কাৰণ ৱেইটাৰগৰাকী যে অসাধাৰণ। অসাধাৰণ ৱেইটাৰগৰাকীক চাবৰ বাবে সদায়ে নতুন নতুন গ্ৰাহকৰ আগমন ঘটে ৰেষ্টুৰেণ্টখনলৈ। মহীশূৰৰ সিদ্ধাৰ্থ হোটেলত দেখিবলৈ পোৱা যায় এই ব্যতিক্ৰমী দৃশ্য। ৱেইটাৰগৰাকীৰ নাম ৰ'ব' সুন্দৰী। কেৱল খাদ্যৰ বাবে নহয় 'ৰ'ব' সুন্দৰী'ক লগ কৰিবলৈ সিদ্ধাৰ্থ হোটেলত লাগে মানুহৰ ভিৰ৷ পিছে কোন এই 'ৰ'ব' সুন্দৰী'? যাক এবাৰ লগ পোৱাৰ হেঁপাহ সকলোৱে মনত পুহি ৰাখে। ৰ'ব' সুন্দৰী হৈছে এগৰাকী ৰবট ৱেইটাৰ, যি এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে। গ্ৰাহকসকলক স্বাগতম জনোৱাৰ পৰা আৰম্ভ কৰি তেওঁলোকক খাদ্য আৰু পানী পৰিৱেশন কৰালৈকে 'ৰ'ব' সুন্দৰীয়ে' এই সকলোবোৰ কাম খুব সুন্দৰকৈ কৰে । মহীশূৰৰ পৰম্পৰাগত ৰেচম শাৰী পিন্ধি থাকে ৰ'ব' সুন্দৰীয়ে। শাৰীৰ উপৰিও বিন্দি, নেকলেছ আৰু খাৰু পিন্ধা হিউমেনইড ৰ’বট ' ৰ'ব' সুন্দৰী'ক নতুন দিল্লীৰ এখন ফাৰ্মৰ পৰা ২.৫ লাখ টকাত ক্ৰয় কৰা হৈছিল। বেটাৰী চালিত ৰ'ব' সুন্দৰীয়ে এবাৰ চাৰ্জ কৰাৰ পিছত আঠ ঘণ্টালৈকে অনায়াসে কাম কৰিব পাৰে। পূৰ্বে প্ৰ’গ্ৰাম কৰি ৰখা 'ৰ'ব' সুন্দৰীয়ে' ভইচ কামাণ্ডৰ জৰিয়তে নিৰ্দেশনা লয়। এইগৰাকী ৰ’বট ৱেইটাৰে ১০ কিলোগ্ৰাম ওজনৰ বোজা সহজে কঢ়িয়াব পাৰে। 'ৰ'ব' সুন্দৰী ৰেষ্টুৰেণ্টখনলৈ অহাৰ পাছৰে পৰা মালিকৰ দুগুণ লাভ হৈছে। বহু গ্ৰাহক ৰ'ব' সুন্দৰীক দৰ্শন কৰাৰ মনেৰে সোমায় আৰু কিবা এটা খায়ো যায়, সেয়েহে উপাৰ্জনৰ হাৰ বৃদ্ধি পাইছে সিদ্ধাৰ্থ হোটেলৰ। আৰু পঢ়কঃ ঈশ্বৰে এইজন লোকক দিছে ‘এক্সিডেণ্ট প্ৰুফ’ শৰীৰ! কোনো দুৰ্ঘটনাত নহয় মৃত্যু

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ টা বলত ২২ ৰান ! CPL ২০২৫-ত আৰ চি বিৰ খেলুৱৈয়ে ৰচিলে ইতিহাস
চিকিৎসকৰ গাফিলতিত ঘুণীয়া হ'ল চন্দ্ৰপুৰৰ ছাত্ৰী; ঘটনাৰ তদন্ত ঘোষণা জি এম চি এইচ কর্তৃপক্ষৰ
কৰ আৰু শুল্কক লৈ আপোনাৰো লাগিছে নেকি খেলিমেলি? জানো আহক দুয়োটাৰ মাজত পাৰ্থক্য
বিহাৰত 'ভোটাৰ অধিকাৰ যাত্ৰা'ত ৰাহুলক সংগ দিলে প্ৰিয়ংকা-ৰেৱন্ত ৰেড্ডীয়ে
গাৰ নোম শিয়ৰি যোৱা এক ঘটনা ;বিদ্যালয়ৰ বাথৰুমত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীয়ে নিজৰ দেহত কৰিলে অগ্নিসংযোগ
উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে নিজে দিয়া মৃত্যুদণ্ডৰ ৰায়
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ