--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুস্বাদু খাদ্য খাবলৈ মানুহে হোটেল-ৰেষ্টুৰেণ্টলৈ যায় কিন্তু ৱেইটাৰৰ বাবে কেতিয়াবা কোনোবা ৰেষ্টুৰেণ্টলৈ যোৱাৰ কথা শুনিছেনে? এখন ৰেষ্টুৰেণ্টত এগৰাকী ৱেইটাৰৰ বাবে গ্ৰাহকৰ লাগে ভিৰ। কাৰণ ৱেইটাৰগৰাকী যে অসাধাৰণ। অসাধাৰণ ৱেইটাৰগৰাকীক চাবৰ বাবে সদায়ে নতুন নতুন গ্ৰাহকৰ আগমন ঘটে ৰেষ্টুৰেণ্টখনলৈ। মহীশূৰৰ সিদ্ধাৰ্থ হোটেলত দেখিবলৈ পোৱা যায় এই ব্যতিক্ৰমী দৃশ্য। ৱেইটাৰগৰাকীৰ নাম ৰ'ব' সুন্দৰী। কেৱল খাদ্যৰ বাবে নহয় 'ৰ'ব' সুন্দৰী'ক লগ কৰিবলৈ সিদ্ধাৰ্থ হোটেলত লাগে মানুহৰ ভিৰ৷ পিছে কোন এই 'ৰ'ব' সুন্দৰী'? যাক এবাৰ লগ পোৱাৰ হেঁপাহ সকলোৱে মনত পুহি ৰাখে। ৰ'ব' সুন্দৰী হৈছে এগৰাকী ৰবট ৱেইটাৰ, যি এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে। গ্ৰাহকসকলক স্বাগতম জনোৱাৰ পৰা আৰম্ভ কৰি তেওঁলোকক খাদ্য আৰু পানী পৰিৱেশন কৰালৈকে 'ৰ'ব' সুন্দৰীয়ে' এই সকলোবোৰ কাম খুব সুন্দৰকৈ কৰে । মহীশূৰৰ পৰম্পৰাগত ৰেচম শাৰী পিন্ধি থাকে ৰ'ব' সুন্দৰীয়ে। শাৰীৰ উপৰিও বিন্দি, নেকলেছ আৰু খাৰু পিন্ধা হিউমেনইড ৰ’বট ' ৰ'ব' সুন্দৰী'ক নতুন দিল্লীৰ এখন ফাৰ্মৰ পৰা ২.৫ লাখ টকাত ক্ৰয় কৰা হৈছিল। বেটাৰী চালিত ৰ'ব' সুন্দৰীয়ে এবাৰ চাৰ্জ কৰাৰ পিছত আঠ ঘণ্টালৈকে অনায়াসে কাম কৰিব পাৰে। পূৰ্বে প্ৰ’গ্ৰাম কৰি ৰখা 'ৰ'ব' সুন্দৰীয়ে' ভইচ কামাণ্ডৰ জৰিয়তে নিৰ্দেশনা লয়। এইগৰাকী ৰ’বট ৱেইটাৰে ১০ কিলোগ্ৰাম ওজনৰ বোজা সহজে কঢ়িয়াব পাৰে। 'ৰ'ব' সুন্দৰী ৰেষ্টুৰেণ্টখনলৈ অহাৰ পাছৰে পৰা মালিকৰ দুগুণ লাভ হৈছে। বহু গ্ৰাহক ৰ'ব' সুন্দৰীক দৰ্শন কৰাৰ মনেৰে সোমায় আৰু কিবা এটা খায়ো যায়, সেয়েহে উপাৰ্জনৰ হাৰ বৃদ্ধি পাইছে সিদ্ধাৰ্থ হোটেলৰ। আৰু পঢ়কঃ ঈশ্বৰে এইজন লোকক দিছে ‘এক্সিডেণ্ট প্ৰুফ’ শৰীৰ! কোনো দুৰ্ঘটনাত নহয় মৃত্যু

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন