--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ক'ৰোনা ভাইৰাছৰ সন্ত্ৰাসে সমগ্ৰ বিশ্বকে চানি ধৰাৰ সময়তে সমগ্ৰ বিশ্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ক'ৰোনাৰ আন এক নতুন প্ৰজাতিৰ ভাইৰাছে। কোভিডৰ পাছত এতিয়া নতুন প্ৰজাতিৰ ভাইৰাছে বিশ্ববাসীৰ বাবে সন্ত্ৰাস সৃষ্টি কৰিছে৷ অ'মিক্ৰন (Omricon) নামৰ নতুন ক'ভিড ভাইৰাছৰ অৱস্থিতি পোৱা গৈছে দক্ষিণ আফ্ৰিকাত৷ বিশ্ব স্বাস্থ্য সংস্থাই এই নতুন ভাইৰাছক delta তকৈয়ো শক্তিশালী বুলি মত প্ৰকাশ কৰিছে৷ বিশ্ব স্বাস্থ্য সংস্থাও ক'ৰোনাৰ এই নতুন প্ৰকাৰ অ'মিক্ৰনক গভীৰ উদ্বেগৰ বিষয় বুলি বৰ্ণনা কৰিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰ, বৃটেইনকে ধৰি বিশ্বৰ বহুতো দেশে ক'ৰোনাৰ এই নতুন প্ৰকাৰৰ সংক্ৰমণ ৰোধ কৰিবলৈ তেওঁলোকৰ সীমা পুনৰ বন্ধ কৰিবলৈ আৰম্ভ কৰিছে। উল্লেখ্য যে মাত্ৰ ৪ দিনৰ ভিতৰতে দক্ষিণ আফ্ৰিকাৰ পৰা ১১খন দেশলৈ বিয়পিল অ'মিক্ৰন। অ'মিক্ৰনৰ সংক্ৰমণ ৰোধ কৰিবলৈ দক্ষিণ আফ্ৰিকাৰে বিশ্বৰ অধিকাংশ দেশৰ বিমান চলাচল বন্ধ কৰা হৈছে। দক্ষিণ আফ্ৰিকাৰ পাছতেই শেহতীয়াভাৱে নেদাৰলেণ্ড, ইংলেণ্ড, জাৰ্মানী, ইটালী, হংকং, ইজৰাইল, বেলজিয়াম, চেক গণৰাজ্যত ধৰা পৰিছে অ'মিক্ৰনত আক্ৰান্ত লোক। দক্ষিণ আফ্ৰিকাত অ'মিক্ৰন ভাইৰাছ আৱিষ্কাৰ কৰা ড০ এঞ্জেলিক কোয়েটজীয়ে এই ৰোগৰ লক্ষণসমূহ কেনে সেয়া উল্লেখ কৰিছে।

ক'ৰোনা ৰোগীতকৈ অ'মিক্ৰনত আক্ৰান্তৰ লক্ষণ সম্পূৰ্ণৰূপে বেলেগ। অ'মিক্ৰন আক্ৰান্ত লোকে খাদ্যৰ সোৱাদ পায়, গোন্ধও পায় কিন্তু প্ৰচণ্ড মূৰৰ বিষ আৰু মূৰ ঘূৰণি হয়। ৰোগীয়ে অত্যন্ত ভাগৰ অনুভৱ কৰে আৰু ৰোগীৰ হৃদস্পন্দন অনিয়ন্ত্ৰিত গতিত বৃদ্ধি পায়। ৰোগৰ তীব্ৰতা জানিবলৈ অধিক গৱেষণাৰ প্ৰয়োজন হ'ব বুলি জনাইছে ড০ এঞ্জেলিক কোয়েটজীয়ে। আনহাতে বিশ্ব স্বাস্থ্য সংস্থাই এইটোও কৈছে যে এইটো এতিয়াও স্পষ্ট নহয় যে অ'মিক্ৰনৰ দ্বাৰা সংক্ৰমিত লোকসকলৰ অধিক বিপদাশংকা আছে নে নাই।

উল্লেখ্য যে বিশ্বত পুনৰ ত্ৰাসৰ সৃষ্টি কৰা অ'মিক্ৰন ক'ৰোনাৰ পূৰ্বৰ সকলো প্ৰকাৰতকৈ অধিক সংক্ৰমণাত্মক বুলি গণ্য কৰা হৈছে। ইফালে অ'মিক্ৰনৰ দ্ৰুত সংক্ৰমণক লৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বিগ্নতা প্ৰকাশ কৰিছে৷ ইতিমধ্যে নৰেন্দ্ৰ মোদীয়ে এই ভাইৰাছক লৈ এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰিছে৷ প্ৰধানমন্ত্ৰী মোডীয়ে দেশৰ সকলো লোকক উদ্দেশ্যি কয় যে আমি আকৌ সজাগ আৰু সচেতন হবৰ হ’ল নহলে ক'ভিডৰ দৰে এই ভাইৰাছে গ্ৰাস ধৰিবলৈ বেছি সময় নালাগিব৷ দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰশাসনলৈ লিখা পত্ৰত বিদেশৰ পৰা অহা যাত্ৰীসমূহৰ ওপৰত বিশেষ নজৰ ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে।

আৰু পঢ়কঃ সাংসাৰিক জীৱনত জঠৰতা আহিছে নেকি? কৰক এই কাম..সম্পৰ্ক হ’ব মধুৰ


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ