--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ক'ৰোনা ভাইৰাছৰ সন্ত্ৰাসে সমগ্ৰ বিশ্বকে চানি ধৰাৰ সময়তে সমগ্ৰ বিশ্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ক'ৰোনাৰ আন এক নতুন প্ৰজাতিৰ ভাইৰাছে। কোভিডৰ পাছত এতিয়া নতুন প্ৰজাতিৰ ভাইৰাছে বিশ্ববাসীৰ বাবে সন্ত্ৰাস সৃষ্টি কৰিছে৷ অ'মিক্ৰন (Omricon) নামৰ নতুন ক'ভিড ভাইৰাছৰ অৱস্থিতি পোৱা গৈছে দক্ষিণ আফ্ৰিকাত৷ বিশ্ব স্বাস্থ্য সংস্থাই এই নতুন ভাইৰাছক delta তকৈয়ো শক্তিশালী বুলি মত প্ৰকাশ কৰিছে৷ বিশ্ব স্বাস্থ্য সংস্থাও ক'ৰোনাৰ এই নতুন প্ৰকাৰ অ'মিক্ৰনক গভীৰ উদ্বেগৰ বিষয় বুলি বৰ্ণনা কৰিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰ, বৃটেইনকে ধৰি বিশ্বৰ বহুতো দেশে ক'ৰোনাৰ এই নতুন প্ৰকাৰৰ সংক্ৰমণ ৰোধ কৰিবলৈ তেওঁলোকৰ সীমা পুনৰ বন্ধ কৰিবলৈ আৰম্ভ কৰিছে। উল্লেখ্য যে মাত্ৰ ৪ দিনৰ ভিতৰতে দক্ষিণ আফ্ৰিকাৰ পৰা ১১খন দেশলৈ বিয়পিল অ'মিক্ৰন। অ'মিক্ৰনৰ সংক্ৰমণ ৰোধ কৰিবলৈ দক্ষিণ আফ্ৰিকাৰে বিশ্বৰ অধিকাংশ দেশৰ বিমান চলাচল বন্ধ কৰা হৈছে। দক্ষিণ আফ্ৰিকাৰ পাছতেই শেহতীয়াভাৱে নেদাৰলেণ্ড, ইংলেণ্ড, জাৰ্মানী, ইটালী, হংকং, ইজৰাইল, বেলজিয়াম, চেক গণৰাজ্যত ধৰা পৰিছে অ'মিক্ৰনত আক্ৰান্ত লোক। দক্ষিণ আফ্ৰিকাত অ'মিক্ৰন ভাইৰাছ আৱিষ্কাৰ কৰা ড০ এঞ্জেলিক কোয়েটজীয়ে এই ৰোগৰ লক্ষণসমূহ কেনে সেয়া উল্লেখ কৰিছে।

ক'ৰোনা ৰোগীতকৈ অ'মিক্ৰনত আক্ৰান্তৰ লক্ষণ সম্পূৰ্ণৰূপে বেলেগ। অ'মিক্ৰন আক্ৰান্ত লোকে খাদ্যৰ সোৱাদ পায়, গোন্ধও পায় কিন্তু প্ৰচণ্ড মূৰৰ বিষ আৰু মূৰ ঘূৰণি হয়। ৰোগীয়ে অত্যন্ত ভাগৰ অনুভৱ কৰে আৰু ৰোগীৰ হৃদস্পন্দন অনিয়ন্ত্ৰিত গতিত বৃদ্ধি পায়। ৰোগৰ তীব্ৰতা জানিবলৈ অধিক গৱেষণাৰ প্ৰয়োজন হ'ব বুলি জনাইছে ড০ এঞ্জেলিক কোয়েটজীয়ে। আনহাতে বিশ্ব স্বাস্থ্য সংস্থাই এইটোও কৈছে যে এইটো এতিয়াও স্পষ্ট নহয় যে অ'মিক্ৰনৰ দ্বাৰা সংক্ৰমিত লোকসকলৰ অধিক বিপদাশংকা আছে নে নাই।

উল্লেখ্য যে বিশ্বত পুনৰ ত্ৰাসৰ সৃষ্টি কৰা অ'মিক্ৰন ক'ৰোনাৰ পূৰ্বৰ সকলো প্ৰকাৰতকৈ অধিক সংক্ৰমণাত্মক বুলি গণ্য কৰা হৈছে। ইফালে অ'মিক্ৰনৰ দ্ৰুত সংক্ৰমণক লৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বিগ্নতা প্ৰকাশ কৰিছে৷ ইতিমধ্যে নৰেন্দ্ৰ মোদীয়ে এই ভাইৰাছক লৈ এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰিছে৷ প্ৰধানমন্ত্ৰী মোডীয়ে দেশৰ সকলো লোকক উদ্দেশ্যি কয় যে আমি আকৌ সজাগ আৰু সচেতন হবৰ হ’ল নহলে ক'ভিডৰ দৰে এই ভাইৰাছে গ্ৰাস ধৰিবলৈ বেছি সময় নালাগিব৷ দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰশাসনলৈ লিখা পত্ৰত বিদেশৰ পৰা অহা যাত্ৰীসমূহৰ ওপৰত বিশেষ নজৰ ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে।

আৰু পঢ়কঃ সাংসাৰিক জীৱনত জঠৰতা আহিছে নেকি? কৰক এই কাম..সম্পৰ্ক হ’ব মধুৰ


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু