--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ সন্ত্ৰাসে সমগ্ৰ বিশ্বকে চানি ধৰিছে। চীনৰ পিছতে বিশ্বৰ ১০০ খনৰো অধিক দেশলৈ বিয়পিল এই মাৰাত্মক ভাইৰাছ। প্ৰতিজন লোকৰে নোহাৱা হৈ পৰিছিল জীৱনৰ নিৰাপত্তা৷ চীনৰ য়ুহান চহৰত উৎপত্তি হোৱা এই ভাইৰাছ বিধে সমগ্ৰ বিশ্বতে ছানি ধৰিবলৈ বেছি সময় নালাগিল৷ নিয়ন্ত্ৰণহীন এই মাৰাত্মক ভাইৰাছক কোনো এখন ৰাষ্ট্ৰই এতিয়াও হাতৰ মুঠিত আনিব পৰা নাই৷ প্ৰায় ২ টা বছৰে কৰোনাৰ গ্ৰাসত পৰি স্তদ্ধ হৈ পৰিল সাধাৰণ জনজীৱন৷ ক’ভিড ৰ ১৯ ৰ প্ৰথম ঢৌত ভাৰতে যথেষ্ট কম সংখ্যক ক’ভিড -১৯-পজিটিভ কেছৰ সংখ্যা যথেষ্ট কমকৈ পঞ্জীয়ন হৈছিল, যদিও দ্বিতীয় ঢৌৰ ক্ষেত্ৰত ভাৰতৰ পৰিস্থিতিটো অপ্ৰত্যাশিতভাৱে সলনি হৈছিল।

ক’ভিডৰ দ্বিতীয় ঢৌত ভাৰতৰ ৪০০,০০০ ৰো অধিক লোক আক্ৰান্ত হৈছে৷ ক’ভিডৰ পাছত এতিয়া নতুন প্ৰজাতিৰ ভাইৰাছে বিশ্ববাসীৰ বাবে সন্ত্ৰাস সৃষ্টি কৰিছে৷ Omricon নামৰ নতুন কভিড ভাইৰাছৰ অৱস্থিতি পোৱা গৈছে দক্ষিণ আফ্ৰিকাত৷ বিশ্ব স্বাস্থ্য সংস্থাই এই নতুন ভাইৰাছক delta তকৈয়ো শক্তিশালী বুলি মত প্ৰকাশ কৰিছে৷ এই নতুন ভাইৰাছৰ প্ৰজাতিক লৈ দেশৰ প্ৰধানমন্ত্ৰীয়ে উদিগ্ন প্ৰকাশ কৰিছে৷ নৰেন্দ্ৰ মোদীয়ে এই ভাইৰাছক লৈ এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰে৷

প্ৰধানমন্ত্ৰী মোডীয়ে দেশৰ সকলো লোকক উদ্দেশ্যি ক’য় যে আমি আকৌ সজাগ আৰু সচেতন হবৰ হ’ল নহলে কভিডৰ দৰে এই ভাইৰাছে ছানি ধৰিবলৈ বেছি সময় নালাগিব৷ তেওঁ লগতে ক’য় যে, দেশবাসীয়ে মাস্ক আৰু সামাজিক দুৰুত্বৰ কথা যাতে কোনো কাৰণতে পাহৰি নাযায় তাৰ প্ৰতি সজাগ হৈ থাকিবলৈ ৰাইজক আহ্বান জনাইছে৷ তদুপৰি আন্তঃৰাষ্ট্ৰীয় বিমানৰ ক্ষেত্ৰতো অতি সোনকালে চৰকাৰৰ ফালৰ পৰা ব্যৱস্থা লোৱা হব বুলি প্ৰধানমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে৷ আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ ক্ষেত্ৰতো কেতবোৰ নিষেধাজ্ঞ জাৰি কৰিব কেন্দ্ৰীয় চৰকাৰে৷ দেশৰ স্বাস্থ্য খণ্ডকো এই দিশত অধিক সৰ্তকতাৰে আগবাঢ়ি কাম কৰিবলৈ আহ্বান জনাইছে মোডীয়ে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু