--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহে ফিট হৈ থাকিবলৈ আৰু ওজন কমাবলৈ বিভিন্ন খাদ্যাভ্যাস পালন কৰে। শেহতীয়াকৈ এক খবৰ পোহৰলৈ আহিছে যিটো শুনি বহু লোক শংকিত হৈ পৰিছে। কঠোৰ ডায়েটিং কৰি ৩৯ বছৰীয়া এগৰাকী ফুড ইনফ্লুৱেন্সাৰ মৃত্যুমুখত পৰিছে। ৰাছিয়াৰ বিখ্যাত ভেগান ফুড ইনফ্লুৱেন্সাৰ ঝানা ছামছ’নোভাৰ ভোকৰ বাবে মৃত্যু হয়। তেওঁ যোৱা কেইবাবছৰ ধৰি কেঁচা খাদ্য অৰ্থাৎ কেঁচা নিৰামিষ খাদ্য গ্ৰহণ কৰিছিল। 
Zhanna Samsonova Death: Tragic death of vegan influencer Zhanna Samsonova  sparks concerns over extreme diets - The Economic Times
তেওঁ খাদ্যত কেৱল অংকুৰিত সূৰ্য্যমুখীৰ গুটি, ফলমূল আৰু কেঁচা শাক-পাচলিহে খাইছিল। সংবাদ মাধ্যমৰ খবৰ অনুসৰি দীৰ্ঘদিন কেৱল ফলমূলৰ ওপৰত নিৰ্ভৰ কৰি থকাৰ বাবেই তেওঁৰ মৃত্যু হয়। অৱশ্যে এতিয়ালৈকে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা হোৱা নাই।
Vegan raw food influencer Zhanna D'Art dies at 39 - India Today
ঝানাৰ মাতৃ আৰু বন্ধুৰ মতে, কেৱল নিৰামিষ কেঁচা খাদ্য খোৱাৰ ফলত পুষ্টিহীনতাৰ বাবে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে। তেওঁ শাৰীৰিকভাৱে দুৰ্বল অনুভৱ কৰিবলৈ ধৰিলে। খবৰ অনুসৰি ঝানাৰ বন্ধুসকলে তেওঁক কেইমাহমান আগতে শ্ৰীলংকাত লগ পাইছিল। তেওঁলোকে ক’লে যে ঝানাৰ ভৰি দুখন ফুলি গৈছিল আৰু তেওঁ অতি অলস আৰু ভাগৰুৱা হৈ পৰিছিল। 
Vegan influencer starved to death: friends
ঝন্নাই নিজকে ফিট কৰি ৰাখিবলৈ বহুদিন এই খাদ্যাভ্যাস মানি চলিছিল। তেওঁ প্ৰায়ে ছ’চিয়েল মিডিয়াত মানুহক নিৰামিষ খাদ্য খোৱাৰ পৰামৰ্শ দিছিল। ঝানাই বিচাৰিছিল মানুহে তাইৰ খাদ্যাভ্যাস মানি চলক। Raw Vegan Diet ৰ ওপৰত কৰা এক গৱেষণাৰ মতে, ইয়াক কঠোৰভাৱে পালন কৰিলে শৰীৰৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে।
Zhanna Samsonova kimdir, kaç yaşındaydı? Zhanna Samsonova neden öldü,  hastalığı neydi? Açlıktan ölen fenomen instagram hesabı...
ফিটনেছ বিশেষজ্ঞৰ মতে এই ডায়েট সকলোৰে বাবে নহয়। ইয়াৰ ফলত শৰীৰৰ বহু ক্ষতিও হ’ব পাৰে। দীৰ্ঘদিন ধৰি খালে শৰীৰত ভিটামিন বি ১২ৰ অভাৱ হ’ব পাৰে। যদি আপোনাৰ পাচনতন্ত্ৰ দুৰ্বল হয় তেন্তে ইয়াক খোৱাটো ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰূপালী পর্দাত জিলিকিব ‘অসীমত যাৰ হেৰাল সীমা’; কাঞ্চন বৰুৱাৰ কালজয়ী উপন্যাসৰ চিত্ৰৰূপ
মহাৰাষ্ট্ৰত অমানৱীয় ঘটনা; পিক পেলাবলৈ মানা কৰাত এজন বৃদ্ধক নিৰ্মমভাৱে মাৰপিট অটো চালকৰ
পশ্চিমবংগত চাঞ্চল্য! এখন বিদ্যালয়ৰ পৰা ১.৪৪ কোটি টকা জব্দ
মেঘালয়ত নতুন সাপৰ প্ৰজাতি আৱিষ্কাৰ, অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ গৱেষকৰ গুৰুত্বপূৰ্ণ ভূমিকা
১২৪৮ যোদ্ধাই যুঁজিব ফুটবলৰ বিশ্বযুদ্ধত
অসমৰ ১১ গৰাকী শিল্পীলৈ সংগীত নাটক একাডেমী বঁটা; সন্মানিত জ্যেষ্ঠ অভিনেত্ৰী চেতনা দাসো
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement