--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃশেহতীয়াকৈ গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ নদীত সাঁতুৰি থকা এজন ফুটবলাৰক  ঘঁৰিয়ালে হত্যা কৰে।ছবিত দেখা গৈছে যে বিশাল ঘঁৰিয়ালে পানীৰ মাজেৰে সাঁতুৰি থাকোঁতে মৃত ব্যক্তিজনৰ মৃতদেহ মুখত কঢ়িয়াই লৈ ফুৰিছে।

আন এটা ভিডিঅ’ত দেখা গৈছে যে স্থানীয় লোকে মৃতদেহটো পাৰলৈ অনাৰ আগতেই ঘঁৰিয়ালটোক পানীত গুলীয়াই হত্যা কৰা হৈছে।‘চুচো’ নামেৰে পৰিচিত বিশিষ্ট ফুটবলাৰ জেছুছ আলবাৰ্টো লোপেজ অৰ্টিজক ২৯ জুলাইত ঘঁৰিয়ালে হত্যা কৰে৷

কোষ্টাৰিকা গুৱানাকাষ্টে প্ৰদেশৰ ৰিঅ’ কানাছত নদীত থকা অৱস্থাত ঘঁৰিয়ালটোৱে আক্ৰমণ কৰে।মৃত লোপেজ আছিল ডিপ’ৰ্টিভ’ ৰিঅ’ কানাছ দলৰ ফুটবলাৰ। ৩১ জুলাইত লোপেজৰ পৰিয়ালৰ লোকে জনসাধাৰণক ফুটবলাৰজনৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ পৰিশোধ কৰাত সহায় কৰিবলৈ কয়।তেওঁৰ দলৰ পৰিচালক লুইছ কাৰ্লোছ মণ্টেছেও ভুক্তভোগীৰ পৰিয়ালৰ বাবে এক শোকসভাৰ আয়োজন কৰিছে।

উল্লেখ্য যে,সেইস্থানত ঘঁৰিয়ালৰ দৰে সংৰক্ষিত জীৱ-জন্তুৰ চিকাৰ বা হত্যাত নিষেধাজ্ঞা আৰোপ কৰিছে পৰিৱেশ আৰু শক্তি মন্ত্ৰালয়ে।স্থানীয় লোকে মৃতদেহ সংগ্ৰহ কৰিব পৰাকৈ ঘঁৰিয়ালক হত্যা কৰাৰ সিদ্ধান্তৰ তদন্ত কৰি আছে নে নাই সেয়া স্পষ্ট হোৱা নাই। কিন্তু স্থানীয় কৰ্তৃপক্ষৰ এক বিবৃতিত কোৱা হৈছে যে তেওঁলোকৰ পুলিচেই নৰখাদক ঘঁৰিয়ালটোক হত্যা কৰিছিল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস