--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিগাৰেটৰ পেকেটত স্বাস্থ্য সম্পৰ্কীয় সতৰ্কবাণী লিখি দিয়া হয়। তাৰ পিছতো পিছে ধূমপায়ীৰ সংখ্যা কমা নাই। সেইবাবেই কানাডাত  প্ৰতিটো চিগাৰেটতে  এক  স্বাস্থ্য সম্পৰ্কীয়  সতৰ্কবাণীলিখি দিয়াী হৈছে। কানাডাত এতিয়াৰে পৰা প্ৰতিটো চিগাৰেটতে লিখা থাকিব  "প্ৰতিটো হোপাতে আছে বিষ!" বাক্যষাৰ। চিগাৰেটত এনেদৰে স্বাস্থ্য সম্পৰ্কীয় সতৰ্কবাণী লিখি দিয়াৰ ফলত ধূমপায়ী লোকৰ সংখ্যা কমিব বুলি আশা কৰা হৈছে। 


কানাডাৰএগৰাকী  মন্ত্ৰী কেৰোলিন বেনেটে পূৰ্বে কৈছিল যে সতৰ্কবাণীৰ লেবেলবোৰ "বাধ্যতামূলক  হ'ব আৰু প্ৰতিটো চিগাৰেটত সেয়া লিখা থাকিব লাগিব।"২০০০  চনত ধপাত ব্যৱহাৰৰ সৈতে সম্পৰ্কিত স্বাস্থ্যৰ বিপদৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ অৰ্ৰ্থে  কানাডাত চিগাৰেটৰ পেকেটত গ্ৰাফিক সতৰ্কবাণী দিয়া আৰম্ভ হৈছিল। তেনে চিত্ৰৰ ভিতৰত আছে  ৰোগগ্ৰস্ত হৃদযন্ত্ৰ আৰু হাঁওফাঁওৰ ভয়ানক চিত্ৰ।

যোৱা দুটা দশকত দেশ খনত অৱশ্যে ধূমপানৰ প্ৰৱণতা ভালেখিনি হ্ৰাস পাই আহিছে।কিন্তু চৰকাৰী তথ্য অনুসৰি ধপাত সেৱনৰ ফলত  প্ৰতি বছৰে ৪৮,০০০ কানাডিয়ান লোকৰ মৃত্যু ঘটি আহিছে।  ২০৩৫ চনৰ ভিতৰত দেশখনত ধূমপান কৰা লোকৰ সংখ্যা জনসংখ্যাৰ পাঁচ শতাংশ বা প্ৰায় ২ নিযুত লোকলৈ হ্ৰাস কৰাৰ লক্ষ্য  স্থিৰ কৰা হৈছে।  






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস