--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মালাইকা আৰোৰা বলীউডৰ অন্যতম ‘ফিটনেছ ফ্ৰিক’। তেওঁ যি ঠাইতে নাথাকক কিয়, যিয়েই নকৰক কিয়, মালাইকাই ৪৮ বছৰ বয়সতো ব্যায়াম কৰিবলৈ কেতিয়াও নাপাহৰে। দৈনিক ডায়েটৰ লগতে শাৰীৰিক ব্যায়ামো তেওঁ অব্যাহত ৰাখে। জিমতকৈ ঘৰতে যোগাসন কৰাটো মালাইকাই পছন্দ কৰে। 

মালাইকাৰ ইনষ্টাগ্ৰাম পেজত চকু ৰাখিলে তেওঁ ব্যায়াম কৰা ছবি দেখিবলৈ পাব। বিভিন্ন ভংগীমাত যোগাসন কৰি থকা দেখা যায় মালাইকাক। শেহতীয়াকৈ মালাইকাই কয় যে ওজন নিয়ন্ত্ৰণত ৰখাৰ উপৰিও যোগাসনে মানসিক চাপমুক্ত কৰি ৰখাতো সহায় কৰে। মালাইকা নিজেই ইয়াৰ দ্বাৰা লাভৱান হৈছে।

অতিৰিক্ত কামৰ মানসিক চাপ, সম্পৰ্কৰ জটিলতা, কৰ্মক্ষেত্ৰত প্ৰতিযোগিতা আদি হৈছে আজিকালি বহুতে হতাশাত ভুগি থকাৰ কাৰণ। মন আৰু মগজুৰ বাহিৰেও এই বিষণ্ণতাই শৰীৰতো প্ৰভাৱ পেলায়। বহুতে মানসিক চাপ কমোৱাৰ বাবে বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰে। কিন্তু মানসিক চাপ আৰু উদ্বেগ দূৰ কৰাৰ এক সহজ উপায় বিচাৰি পাইছে মালাইকাই। মলাইকাই নিজৰ ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰে। তাত অভিনেত্ৰীগৰাকীয়ে মার্জাৰাসন কৰা দেখা যায়। মালাইকাৰ মতে, নিয়মিতভাৱে এই যোগ ভংগীমা কৰিলে মানসিক চাপমুক্ত হৈ থাকিবলৈ সহজ হয়।

মার্জাৰাসন কেনেকৈ কৰিব?

আঁঠু আৰু হাতৰ তলুৱা মাটিত ৰাখি কঁকাল ওপৰলৈ তুলিব লাগে। মুখখন যিমান পাৰি ওপৰলৈ তুলি লওক। যাতে ঘৰৰ চালখন স্পষ্টকৈ দেখা পায়। কিছু সময় এই ভংগীমাত থকাৰ পিছত পুনৰ স্বাভাৱিক অৱস্থালৈ আহক। অন্য যোগ আসনৰ লগতে দৈনিক এই আসন কৰক। মাৰ্জাৰ শব্দটোৰ অৰ্থ মেকুৰী। এই ধৰণৰ আসনত মেৰুদণ্ডৰ প্ৰসাৰণ যথেষ্ট ভাল হয়। এনে কৰিলে পিঠিৰ বিষ, কঁকালৰ বিষ আৰু ডিঙিৰ বিষ উপশম হয়। মাহেকীয়াৰ সময়তো এই আসন কৰাটো ভাল বুলি ধৰা হয়। মার্জাৰাসন কৰিলে অনেক সুফল লাভ কৰিব।





FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু