--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মালাইকা আৰোৰা বলীউডৰ অন্যতম ‘ফিটনেছ ফ্ৰিক’। তেওঁ যি ঠাইতে নাথাকক কিয়, যিয়েই নকৰক কিয়, মালাইকাই ৪৮ বছৰ বয়সতো ব্যায়াম কৰিবলৈ কেতিয়াও নাপাহৰে। দৈনিক ডায়েটৰ লগতে শাৰীৰিক ব্যায়ামো তেওঁ অব্যাহত ৰাখে। জিমতকৈ ঘৰতে যোগাসন কৰাটো মালাইকাই পছন্দ কৰে। 

মালাইকাৰ ইনষ্টাগ্ৰাম পেজত চকু ৰাখিলে তেওঁ ব্যায়াম কৰা ছবি দেখিবলৈ পাব। বিভিন্ন ভংগীমাত যোগাসন কৰি থকা দেখা যায় মালাইকাক। শেহতীয়াকৈ মালাইকাই কয় যে ওজন নিয়ন্ত্ৰণত ৰখাৰ উপৰিও যোগাসনে মানসিক চাপমুক্ত কৰি ৰখাতো সহায় কৰে। মালাইকা নিজেই ইয়াৰ দ্বাৰা লাভৱান হৈছে।

অতিৰিক্ত কামৰ মানসিক চাপ, সম্পৰ্কৰ জটিলতা, কৰ্মক্ষেত্ৰত প্ৰতিযোগিতা আদি হৈছে আজিকালি বহুতে হতাশাত ভুগি থকাৰ কাৰণ। মন আৰু মগজুৰ বাহিৰেও এই বিষণ্ণতাই শৰীৰতো প্ৰভাৱ পেলায়। বহুতে মানসিক চাপ কমোৱাৰ বাবে বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰে। কিন্তু মানসিক চাপ আৰু উদ্বেগ দূৰ কৰাৰ এক সহজ উপায় বিচাৰি পাইছে মালাইকাই। মলাইকাই নিজৰ ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰে। তাত অভিনেত্ৰীগৰাকীয়ে মার্জাৰাসন কৰা দেখা যায়। মালাইকাৰ মতে, নিয়মিতভাৱে এই যোগ ভংগীমা কৰিলে মানসিক চাপমুক্ত হৈ থাকিবলৈ সহজ হয়।

মার্জাৰাসন কেনেকৈ কৰিব?

আঁঠু আৰু হাতৰ তলুৱা মাটিত ৰাখি কঁকাল ওপৰলৈ তুলিব লাগে। মুখখন যিমান পাৰি ওপৰলৈ তুলি লওক। যাতে ঘৰৰ চালখন স্পষ্টকৈ দেখা পায়। কিছু সময় এই ভংগীমাত থকাৰ পিছত পুনৰ স্বাভাৱিক অৱস্থালৈ আহক। অন্য যোগ আসনৰ লগতে দৈনিক এই আসন কৰক। মাৰ্জাৰ শব্দটোৰ অৰ্থ মেকুৰী। এই ধৰণৰ আসনত মেৰুদণ্ডৰ প্ৰসাৰণ যথেষ্ট ভাল হয়। এনে কৰিলে পিঠিৰ বিষ, কঁকালৰ বিষ আৰু ডিঙিৰ বিষ উপশম হয়। মাহেকীয়াৰ সময়তো এই আসন কৰাটো ভাল বুলি ধৰা হয়। মার্জাৰাসন কৰিলে অনেক সুফল লাভ কৰিব।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ