--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বলীউড বুলি কলেই মনলৈ আহে ত্ৰি-খানৰ কথা। এসময়ত দপদপাই থকা এই ত্ৰি-খানে বিগত সময়ছোৱাত অনুৰাগীৰ মন মাজুলীত আশানুৰূপ আলোড়ন তুলিব পৰা নাই। অনুৰাগীয়ে বিচৰামতে দিব পৰা নাই ৰোমাঞ্চ,ট্ৰেজেডী,একশ্যন। ভাৰতৰ সৰ্ববৃহৎ চলচ্চিত্ৰ উদ্যোগ বুলি কলেই মনলৈ আহে বলীউডৰ কথা। বছৰি বহুতো হিন্দী চলচ্চিত্ৰ নিৰ্মাণ হয় বলীউড ইণ্ডাষ্ট্ৰীট। কিছুসংখ্যক ছবি ছুপাৰহিট হ’লেও বেছিভাগ ছবিয়ে আশানুৰূপ সঁহাৰি লাভ কৰা দেখা নাযায়। এনে নহয় যে নতুনকৈ আত্মপ্ৰকাশ কৰা বা জনপ্ৰিয়তা নথকা অভিনেতা-অভিনেত্ৰীৰ ছবিহে বলীউডত ফ্ল’প হৈছে। বহু নামী-দামী তাৰকা অভিনীত ছবিয়েও সফলতাৰ হাঁহি মাৰিবলৈ সক্ষম হোৱা নাই। বলীউড ইণ্ডাষ্ট্ৰীৰ সৰ্বাধিক চৰ্চিত ত্ৰি-খানেও ফ্ল’প ছবিৰে গঢি়ছে অনন্য অভিলেখ।


ছলমান খানঃ ছলমান খানক বাদ দি বলীউডৰ কথা ভবাটো কিমান সমিচীন! এক বুজন সংখ্যক অনুৰাগীৰে নদন-বদন ভাইজান। আঙুলিৰ মূৰত গণিব নোৱাৰা অনুৰাগীৰ সংখ্যায়ো ভাইজনক কৰিছে হতাশ। অনুৰাগীৰ সংখ্যাৰ সমান্তৰালকৈ ফ্ল’প ছবি উপহাৰ দিয়া তালিকাত শীৰ্ষ স্থান দখল কৰিছে ভাইজানে। বলীউডৰ ভাইজানে কম বয়সৰ পৰাই অভিনয়ৰ সৈতে জড়িত হৈ আছে। সাম্প্ৰতিক প্ৰেক্ষাপটত ছলমান খান নিজেই এটা ব্ৰেণ্ড। এতিয়ালৈকে ১৩৯ খনতকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰা ছলমানৰ বহুতো ছবি হিট তথা ছুপাৰহিটৰ তালিকাত অন্তুৰ্ভুক্ত হৈছে। অৱশ্যে, ২৯ খনতকৈ অধিক ফ্ল’প ছবি উপহাৰ দিছে ভাইজানে। চলিত বৰ্ষৰ ২৬ নৱেম্বৰত অভিনেতাজনৰ 'লাষ্ট: দ্য ফাইনেল ট্ৰুথ' নামৰ ছবিখন মুক্তি পাব। এইখন ছবিৰ যোগেদি তেওঁ কেনেদৰে প্ৰত্যাৱৰ্তন কৰে সেয়াহে হ’ব লক্ষ্যণীয়।


শ্বাহৰূখ খানঃ ভাইজান থাকিলে শ্বাহৰূখ নাথাকিব সেয়া সম্ভৱ জানো? বলীউডৰ বাদশ্বাহ উপাধিৰে বিভূষিত হ’লেও কম ফ্ল’প ছবি উপহাৰ দিয়া নাই কিং খানে। শ্বাহৰূখে যেনেকৈ ‘চক দে ইণ্ডিয়া’; ‘স্বদেশ’ৰ দৰে ছবি উপহাৰ দিছে তেনেদৰে ‘হেপ্পী নিউ ইয়েৰ’;‘‌ঝিৰো’ৰ দৰে ছবিও শ্ৰোতা-দৰ্শকলৈ আগবঢ়াইছে। এতিয়ালৈকে শ্বাহৰূখে ১০৮খনতকৈও অধিক ছবিত অভিনয় কৰিছে। ইয়াৰে ২১ খনতকৈও বেছি ছবিয়ে বক্স অফিছত দেখিছে বিফলতাৰ মুখ।

অজয় দেৱগনঃ দীৰ্ঘদিন ধৰি বলীউড উদ্যোগৰ সৈতে জড়িত হৈ আছে অজয়। অভিজ্ঞতা আৰু সাৱলীল অভিনয়েৰে ব্যাপক সমাদৰ লাভ কৰিছে অজয় দেৱগনে। অজয়ে প্ৰায় ১৩০ খন চলচ্চিত্ৰত অভিনয় কৰিছে। অজয় অভিনীত ‘সিংঘম’ আৰু ‘গোলমাল’ৰ দৰে চলচ্চিত্ৰই বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছে। সেই অনুপাতে কিন্তু অজয় অভনীত ফ্ল’প ছবিৰ সংখ্যাও কম নহয়। এতিয়ালৈকে অজয় অভিনীত ২৮ খন ছবিয়ে বক্স অফিছত বৰ বেয়াকৈ মুখ থেকেছা খাইছে।

আমিৰ খানঃ তালিকাৰ তৃতীয় স্থানত আছে 'মিষ্টাৰ পাৰফেক্টনিষ্ট' অৰ্থাত্‍ আমিৰ খান। 'মিষ্টাৰ পাৰফেক্টনিষ্ট' হ’লেও বক্স অফিছত আমিৰৰ ছবিয়ে দেখিছে বিফলতাৰ মুখ। এতিয়ালৈকে ১৭ খনতকৈও অধিক চলচ্চিত্ৰই বিফলতাৰ কৰুণ হাঁহি মাৰিছে বলীউডত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ