--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বলীউড বুলি কলেই মনলৈ আহে ত্ৰি-খানৰ কথা। এসময়ত দপদপাই থকা এই ত্ৰি-খানে বিগত সময়ছোৱাত অনুৰাগীৰ মন মাজুলীত আশানুৰূপ আলোড়ন তুলিব পৰা নাই। অনুৰাগীয়ে বিচৰামতে দিব পৰা নাই ৰোমাঞ্চ,ট্ৰেজেডী,একশ্যন। ভাৰতৰ সৰ্ববৃহৎ চলচ্চিত্ৰ উদ্যোগ বুলি কলেই মনলৈ আহে বলীউডৰ কথা। বছৰি বহুতো হিন্দী চলচ্চিত্ৰ নিৰ্মাণ হয় বলীউড ইণ্ডাষ্ট্ৰীট। কিছুসংখ্যক ছবি ছুপাৰহিট হ’লেও বেছিভাগ ছবিয়ে আশানুৰূপ সঁহাৰি লাভ কৰা দেখা নাযায়। এনে নহয় যে নতুনকৈ আত্মপ্ৰকাশ কৰা বা জনপ্ৰিয়তা নথকা অভিনেতা-অভিনেত্ৰীৰ ছবিহে বলীউডত ফ্ল’প হৈছে। বহু নামী-দামী তাৰকা অভিনীত ছবিয়েও সফলতাৰ হাঁহি মাৰিবলৈ সক্ষম হোৱা নাই। বলীউড ইণ্ডাষ্ট্ৰীৰ সৰ্বাধিক চৰ্চিত ত্ৰি-খানেও ফ্ল’প ছবিৰে গঢি়ছে অনন্য অভিলেখ।


ছলমান খানঃ ছলমান খানক বাদ দি বলীউডৰ কথা ভবাটো কিমান সমিচীন! এক বুজন সংখ্যক অনুৰাগীৰে নদন-বদন ভাইজান। আঙুলিৰ মূৰত গণিব নোৱাৰা অনুৰাগীৰ সংখ্যায়ো ভাইজনক কৰিছে হতাশ। অনুৰাগীৰ সংখ্যাৰ সমান্তৰালকৈ ফ্ল’প ছবি উপহাৰ দিয়া তালিকাত শীৰ্ষ স্থান দখল কৰিছে ভাইজানে। বলীউডৰ ভাইজানে কম বয়সৰ পৰাই অভিনয়ৰ সৈতে জড়িত হৈ আছে। সাম্প্ৰতিক প্ৰেক্ষাপটত ছলমান খান নিজেই এটা ব্ৰেণ্ড। এতিয়ালৈকে ১৩৯ খনতকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰা ছলমানৰ বহুতো ছবি হিট তথা ছুপাৰহিটৰ তালিকাত অন্তুৰ্ভুক্ত হৈছে। অৱশ্যে, ২৯ খনতকৈ অধিক ফ্ল’প ছবি উপহাৰ দিছে ভাইজানে। চলিত বৰ্ষৰ ২৬ নৱেম্বৰত অভিনেতাজনৰ 'লাষ্ট: দ্য ফাইনেল ট্ৰুথ' নামৰ ছবিখন মুক্তি পাব। এইখন ছবিৰ যোগেদি তেওঁ কেনেদৰে প্ৰত্যাৱৰ্তন কৰে সেয়াহে হ’ব লক্ষ্যণীয়।


শ্বাহৰূখ খানঃ ভাইজান থাকিলে শ্বাহৰূখ নাথাকিব সেয়া সম্ভৱ জানো? বলীউডৰ বাদশ্বাহ উপাধিৰে বিভূষিত হ’লেও কম ফ্ল’প ছবি উপহাৰ দিয়া নাই কিং খানে। শ্বাহৰূখে যেনেকৈ ‘চক দে ইণ্ডিয়া’; ‘স্বদেশ’ৰ দৰে ছবি উপহাৰ দিছে তেনেদৰে ‘হেপ্পী নিউ ইয়েৰ’;‘‌ঝিৰো’ৰ দৰে ছবিও শ্ৰোতা-দৰ্শকলৈ আগবঢ়াইছে। এতিয়ালৈকে শ্বাহৰূখে ১০৮খনতকৈও অধিক ছবিত অভিনয় কৰিছে। ইয়াৰে ২১ খনতকৈও বেছি ছবিয়ে বক্স অফিছত দেখিছে বিফলতাৰ মুখ।

অজয় দেৱগনঃ দীৰ্ঘদিন ধৰি বলীউড উদ্যোগৰ সৈতে জড়িত হৈ আছে অজয়। অভিজ্ঞতা আৰু সাৱলীল অভিনয়েৰে ব্যাপক সমাদৰ লাভ কৰিছে অজয় দেৱগনে। অজয়ে প্ৰায় ১৩০ খন চলচ্চিত্ৰত অভিনয় কৰিছে। অজয় অভিনীত ‘সিংঘম’ আৰু ‘গোলমাল’ৰ দৰে চলচ্চিত্ৰই বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছে। সেই অনুপাতে কিন্তু অজয় অভনীত ফ্ল’প ছবিৰ সংখ্যাও কম নহয়। এতিয়ালৈকে অজয় অভিনীত ২৮ খন ছবিয়ে বক্স অফিছত বৰ বেয়াকৈ মুখ থেকেছা খাইছে।

আমিৰ খানঃ তালিকাৰ তৃতীয় স্থানত আছে 'মিষ্টাৰ পাৰফেক্টনিষ্ট' অৰ্থাত্‍ আমিৰ খান। 'মিষ্টাৰ পাৰফেক্টনিষ্ট' হ’লেও বক্স অফিছত আমিৰৰ ছবিয়ে দেখিছে বিফলতাৰ মুখ। এতিয়ালৈকে ১৭ খনতকৈও অধিক চলচ্চিত্ৰই বিফলতাৰ কৰুণ হাঁহি মাৰিছে বলীউডত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু