--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বলীউডত তেওঁৰ উপস্থিতি এতিয়া সেৰেঙা। পিছে এসময়ত তেওঁৰ উপস্থিতি মানেই আছিল আলোড়ন, উত্তেজনা। বলীউডৰ ‘ হট গাৰ্ল’ মল্লিকাৰ কেৰিয়াৰত পিছে ‘কাহিনী আৰু কিচ্ছা’ৰ অভাৱ নাই। তেওঁৰ আৱেদনময়ী শৰীৰ ছবিৰ সাফল্যৰ বাবে ব্যৱহাৰ কৰিবলৈ প্ৰযোজক পৰিচালকে কি কি যে নকৰিছিল সেই কাহিনী প্ৰায়েই নিজমুখে সদৰি কৰি আহিছে অভিনেত্ৰীগৰাকীয়ে। শেহতীয়াকৈ ‘বিগত যৌৱনা’ এইগৰাকী তাৰকাই প্ৰকাশ কৰিছে এক চাঞ্চল্যকৰ কাহিনী। তেওঁক ‘হট’ বুলি দৰ্শকক পতিয়ন নিয়াবলৈ কোনো এজন প্ৰযোজকে তেওঁলৈ লৈ আহিছিল চাঞ্চল্যকৰ প্ৰস্তাৱ। হট মল্লিকাৰ ‘উষ্ণতা’ৰ উমান দিবলৈ হেনো সেই প্ৰযোজকে মল্লিকালৈ লৈ আহিছিল এটা অভাৱনীয় প্ৰস্তাৱ। তেওঁৰ ‘কমনীয় কঁকাল’ত ৰুটি সেকিব বিচাৰিছিল প্ৰযোজকজনে। The Love Laugh Live Show নামৰ অনু্ষ্ঠানটোত এই চাঞ্চল্যকৰ স্বীকাৰোক্তি দিয়ে মল্লিকাই।


তেওঁ কয়, এটা গানৰ প্ৰযোজকজনে মোলৈ এটা প্ৰস্তাৱ লৈ আহিছিল। তেওঁ কৈছিল, এয়া খুব হট গান। গানটোত আপোনাকো হট বুলি প্ৰমাণ দিবলৈ মই এটা নতুন আইডিয়া লৈ আহিছোঁ। গানত অভিনয় কৰা আপুনিও যে হট সেইকথা কেনেকৈ দৰ্শকে বুজি পাব? মই দেখুৱাব খুজিছোঁ যে, আপোনাৰ কঁকালত মই ৰুটিও সেকিব পাৰোঁ। এই আইডিয়া আপোনাৰ কেনে লাগিছে? মল্লিকাই এই উদ্ভট আইডিয়া প্ৰত্যাখ্যান কৰিছিল আৰু গানটোত অভিনয় কৰাৰ পৰা বিৰত থকা বুলি প্ৰকাশ কৰে।

কিন্তু তেওঁ হাঁহিমুখে কয়, এই কথাটোত মই খুব আমোদ পাইছিলোঁ আৰু উদ্ভট হ’লেও খুব ‘অৰিজিনেল’ লাগিছিল। অৱশ্যে তেওঁ মহিলা এগৰাকী ‘হট’ বা আবেদনময়ী হোৱাৰ ধাৰণাটো ভাৰতীয় লোকৰ বাবে স্পষ্ট নহয় বুলিও অভিযোগ কৰে। আৱেদনময়ী বুলি বুজালে সঠিকভাৱে মানুহে বুজিবপৰা হোৱা নাই বুলিও তেওঁৰ অভিমত। ‘খোৱাহিছ’, ‘মাৰ্ডাৰ’ৰ দৰে ছবিত অভিনয় কৰি পৰিচিতি অৰ্জন কৰা অভিনেত্ৰীগৰাকীৰ অনস্ক্ৰীণ ব’ল্ড অবতাৰে তেওঁক বাস্তৱিক জীৱনটো বিপদত পেলাইছিল বুলি তেওঁ মন্তব্য কৰে। তেওঁৰ সহ অভিনেতায়ো তেওঁৰ পৰা অনুচিত সুবিধা লাভৰ চেষ্টা কৰা বুলিও তেওঁ অভিযোগ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ