--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হায়দৰাবাদস্থিত মুছলমানমুখী ৰাজনৈতিক দল অল ইণ্ডিয়া মজলিস-ই-ইত্তেহাদুল মুছলিমিনে উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ১০০খন আসনৰ ভিতৰত এখনতো জয়লাভ নকৰিলে। যদিও ২০১৭ৰ তুলনাত দলটোৱে কিছুসংখ্যক বেছি ভোটলাভ কৰিবলৈ সক্ষম হৈছে, আছাদুদ্দিন ওৱেইছিৰ নেতৃত্বত দলটোৱে বিশেষকৈ মুছলমান সংখ্যা গৰিষ্ঠ অঞ্চলত শোচনীয়ভাৱে ব্যৰ্থ হৈছে, আৰু ৰাজ্যখনত এখনো আসন লাভ কৰিবলৈ সক্ষম নহ’ল। এইটো লক্ষ্যণীয় যে, এআইএমআইএমে ইয়াৰ বেছিভাগ প্ৰাৰ্থীক মুছলমান জনসংখ্যা আৰু ভোটাৰৰ সংখ্যা বেছি থকা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল। একেদৰে, ২০২২ৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা এআইএমআইএম প্ৰাৰ্থীসকলে বিধানসভাৰ এখন আসনো লাভ কৰিবলৈ সক্ষম নহ’ল। ইফালে দলটোৰ মুখপাত্ৰ ৱাৰিছ পাঠানে কয় যে উত্তৰ প্ৰদেশত দলটোৱে পূৰ্বৰ তুলনাত ভোটৰ সংখ্যা বৃদ্ধি পাইছে। ইচিআইৰ অফিচিয়েল ৱেবছাইটৰ শেহতীয়া আপডেট অনুসৰি তেওঁ মুঠ ভোটৰ ২৪%তকৈ অধিক ভোটলাভ কৰিছে। উল্লেখ্য যে, মুছলমান অধ্যুষিত মুখ্য সমষ্টিসমূহৰ ভিতৰত দেওবন্দ আছিল আটাইতকৈ গুৰুত্বপূৰ্ণ বিধানসভা সমষ্টি। দেওবন্দত দাৰুল উলুম দেওবন্দ আছে যি হৈছে চুন্নী ইছলামিক ধৰ্মৰ দেওবন্দী সম্প্ৰদায়ৰ ইছলামিক চেমিনেৰী। এআইএমআইএমে মৌলানা উমাইৰ মাদানীক সেই সমষ্টিৰপৰা টিকট প্ৰদান কৰা হৈছিল যি ইছলামিক বৃহৎ বিদ্যালয় থকা সমষ্টিৰ পৰা মাত্ৰ ৩৫০১টা ভোটলাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু লক্ষ্যণীয় কথাটো হ’ল দেওবন্দ চেমিনাৰীৰ পৰাই বিজেপি প্ৰাৰ্থী ব্ৰজেশ সিঙে দেওবন্দৰ পৰা জয়ী হৈছে। Bidang fighting championship banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতত মুছলমানৰ বাবে সদায় স্থান থাকিব: মোহন ভাগৱত
ছাব-জুনিয়ৰ গাৰ্লছ ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপ ; ফাইনেলত ঝাৰখণ্ড, মণিপুৰ
ছৈয়দা হামিদৰ বিৰুদ্ধে ১৫খন জিলাত অজাপৰ এজাহাৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা হ্রাস, 'ইণ্ডিয়া টুডে'-'চি' ভোটাৰৰ মুড অব দ্য নেশ্যন'
ৰফিক আলীয়ে পলুৱাই নিছিল সন্তানসহ পৱন বৰ্মনৰ পত্নীক! নাগ্ৰীজুলি আৰক্ষীয়ে তামিলনাডুৰ পৰা কৰিলে উদ্ধাৰ
৩-৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব জিএছটি পৰিষদৰ ৫৬ সংখ্যক বৈঠক ; চৰকাৰৰ প্ৰস্তাৱক লৈ প্ৰশ্ন উত্থাপন কৰিব এই ৮খন ৰাজ্যই
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান