--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হায়দৰাবাদস্থিত মুছলমানমুখী ৰাজনৈতিক দল অল ইণ্ডিয়া মজলিস-ই-ইত্তেহাদুল মুছলিমিনে উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ১০০খন আসনৰ ভিতৰত এখনতো জয়লাভ নকৰিলে। যদিও ২০১৭ৰ তুলনাত দলটোৱে কিছুসংখ্যক বেছি ভোটলাভ কৰিবলৈ সক্ষম হৈছে, আছাদুদ্দিন ওৱেইছিৰ নেতৃত্বত দলটোৱে বিশেষকৈ মুছলমান সংখ্যা গৰিষ্ঠ অঞ্চলত শোচনীয়ভাৱে ব্যৰ্থ হৈছে, আৰু ৰাজ্যখনত এখনো আসন লাভ কৰিবলৈ সক্ষম নহ’ল। এইটো লক্ষ্যণীয় যে, এআইএমআইএমে ইয়াৰ বেছিভাগ প্ৰাৰ্থীক মুছলমান জনসংখ্যা আৰু ভোটাৰৰ সংখ্যা বেছি থকা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল। একেদৰে, ২০২২ৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা এআইএমআইএম প্ৰাৰ্থীসকলে বিধানসভাৰ এখন আসনো লাভ কৰিবলৈ সক্ষম নহ’ল। ইফালে দলটোৰ মুখপাত্ৰ ৱাৰিছ পাঠানে কয় যে উত্তৰ প্ৰদেশত দলটোৱে পূৰ্বৰ তুলনাত ভোটৰ সংখ্যা বৃদ্ধি পাইছে। ইচিআইৰ অফিচিয়েল ৱেবছাইটৰ শেহতীয়া আপডেট অনুসৰি তেওঁ মুঠ ভোটৰ ২৪%তকৈ অধিক ভোটলাভ কৰিছে। উল্লেখ্য যে, মুছলমান অধ্যুষিত মুখ্য সমষ্টিসমূহৰ ভিতৰত দেওবন্দ আছিল আটাইতকৈ গুৰুত্বপূৰ্ণ বিধানসভা সমষ্টি। দেওবন্দত দাৰুল উলুম দেওবন্দ আছে যি হৈছে চুন্নী ইছলামিক ধৰ্মৰ দেওবন্দী সম্প্ৰদায়ৰ ইছলামিক চেমিনেৰী। এআইএমআইএমে মৌলানা উমাইৰ মাদানীক সেই সমষ্টিৰপৰা টিকট প্ৰদান কৰা হৈছিল যি ইছলামিক বৃহৎ বিদ্যালয় থকা সমষ্টিৰ পৰা মাত্ৰ ৩৫০১টা ভোটলাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু লক্ষ্যণীয় কথাটো হ’ল দেওবন্দ চেমিনাৰীৰ পৰাই বিজেপি প্ৰাৰ্থী ব্ৰজেশ সিঙে দেওবন্দৰ পৰা জয়ী হৈছে। Bidang fighting championship banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন