--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গুজৰাটৰ সামাজিক প্ৰেক্ষাপটক লজ্জানত কৰা এক ভয়ংকৰ চৰকাৰী তথ্য পোহৰলৈ আহিছে৷ গুজৰাটত প্ৰতিদিনে সংঘটিত হয় পাঁচটাকৈ ধৰ্ষণৰ ঘটনা৷ ২০২০ আৰু ২০২১ত প্ৰতিদিনে গড়ে পাঁচটাকৈ ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল ৰাজ্যখনত। ২০২১ৰ ৩১ ডিচেম্বৰলৈ গুজৰাটত মুঠ ৩,৭৯৬টা ধৰ্ষণ আৰু ৬১টা দলবদ্ধ ধৰ্ষণৰ গোচৰ পঞ্জীয়ন কৰা হৈছিল।আহমেদাবাদ চহৰত ৬১৪টা ধৰ্ষণ আৰু ১৫টা দলবদ্ধ ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল৷ ৰাজ্য চৰকাৰে বিধানসভাত প্ৰশ্নৰ উত্তৰত কয় যে, আহমেদাবাদ চহৰ আৰু জিলাত ৭২৯টা ধৰ্ষণ আৰু ১৬টা দলবদ্ধ ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে। ইয়াৰ পাছত চুৰাটত ৫০৮ টা ধৰ্ষণ আৰু পাঁচটা দলবদ্ধ ধৰ্ষণ আৰু বদোদৰাত ১৮৩ টা ধৰ্ষণ আৰু ৪ টা দলবদ্ধ ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে৷ চৰকাৰে লগতে কয়, ধৰ্ষণৰ অভিযোগত অভিযুক্ত ২০৩জন লোকক এতিয়াও গ্ৰেপ্তাৰ কৰা হোৱা নাই। এক সম্পৰ্কিত প্ৰশ্নৰ উত্তৰত গৃহ ৰাজ্যমন্ত্ৰী হৰ্ষ সংঘৱীয়ে কয় যে ২০২০ত গুজৰাটত মহিলাৰ বিৰুদ্ধে অপৰাধৰ ৮,০২৮টা গোচৰ ৰুজু কৰা হৈছিল। কংগ্ৰেছৰ ওপৰত অভিযোগ আৰোপ কৰি সংঘৱীয়ে কয় যে, গুজৰাটত মহিলাৰ বিৰুদ্ধে অপৰাধৰ ৮,০০০টা গোচৰৰ বিপৰীতে মহাৰাষ্ট্ৰত এনে ধৰণৰ ৩১,৯৫৪ টা আৰু ৰাজস্থানত ৩৪,৫৩৫ টা গোচৰ আছে, য’ত কংগ্ৰেছৰ চৰকাৰ চলি আছে৷ সদনত চৰকাৰে লগতে কয়, ২০২০ত ধৰ্ষণৰ ২৬১টা ঘটনাৰ আহমেদাবাদ চহৰত ১৩০টা ঘটনাৰ ক্ষেত্ৰত মহিলাগৰাকীক বিবাহৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। ২০২১ত ধৰ্ষণৰ ৩৫৩টা ঘটনাৰ ভিতৰত ১৮৪টাত বিবাহৰ প্ৰতিশ্ৰুতি জড়িত আছিল। Bidang fighting championship banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন