--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গুজৰাটৰ সামাজিক প্ৰেক্ষাপটক লজ্জানত কৰা এক ভয়ংকৰ চৰকাৰী তথ্য পোহৰলৈ আহিছে৷ গুজৰাটত প্ৰতিদিনে সংঘটিত হয় পাঁচটাকৈ ধৰ্ষণৰ ঘটনা৷ ২০২০ আৰু ২০২১ত প্ৰতিদিনে গড়ে পাঁচটাকৈ ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল ৰাজ্যখনত। ২০২১ৰ ৩১ ডিচেম্বৰলৈ গুজৰাটত মুঠ ৩,৭৯৬টা ধৰ্ষণ আৰু ৬১টা দলবদ্ধ ধৰ্ষণৰ গোচৰ পঞ্জীয়ন কৰা হৈছিল।আহমেদাবাদ চহৰত ৬১৪টা ধৰ্ষণ আৰু ১৫টা দলবদ্ধ ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল৷ ৰাজ্য চৰকাৰে বিধানসভাত প্ৰশ্নৰ উত্তৰত কয় যে, আহমেদাবাদ চহৰ আৰু জিলাত ৭২৯টা ধৰ্ষণ আৰু ১৬টা দলবদ্ধ ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে। ইয়াৰ পাছত চুৰাটত ৫০৮ টা ধৰ্ষণ আৰু পাঁচটা দলবদ্ধ ধৰ্ষণ আৰু বদোদৰাত ১৮৩ টা ধৰ্ষণ আৰু ৪ টা দলবদ্ধ ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে৷ চৰকাৰে লগতে কয়, ধৰ্ষণৰ অভিযোগত অভিযুক্ত ২০৩জন লোকক এতিয়াও গ্ৰেপ্তাৰ কৰা হোৱা নাই। এক সম্পৰ্কিত প্ৰশ্নৰ উত্তৰত গৃহ ৰাজ্যমন্ত্ৰী হৰ্ষ সংঘৱীয়ে কয় যে ২০২০ত গুজৰাটত মহিলাৰ বিৰুদ্ধে অপৰাধৰ ৮,০২৮টা গোচৰ ৰুজু কৰা হৈছিল। কংগ্ৰেছৰ ওপৰত অভিযোগ আৰোপ কৰি সংঘৱীয়ে কয় যে, গুজৰাটত মহিলাৰ বিৰুদ্ধে অপৰাধৰ ৮,০০০টা গোচৰৰ বিপৰীতে মহাৰাষ্ট্ৰত এনে ধৰণৰ ৩১,৯৫৪ টা আৰু ৰাজস্থানত ৩৪,৫৩৫ টা গোচৰ আছে, য’ত কংগ্ৰেছৰ চৰকাৰ চলি আছে৷ সদনত চৰকাৰে লগতে কয়, ২০২০ত ধৰ্ষণৰ ২৬১টা ঘটনাৰ আহমেদাবাদ চহৰত ১৩০টা ঘটনাৰ ক্ষেত্ৰত মহিলাগৰাকীক বিবাহৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। ২০২১ত ধৰ্ষণৰ ৩৫৩টা ঘটনাৰ ভিতৰত ১৮৪টাত বিবাহৰ প্ৰতিশ্ৰুতি জড়িত আছিল। Bidang fighting championship banner
FOLLOW US F
POPULAR
FEATURE
TRENDY
এই ৩ টা বনৌষধি পেটৰ বাবে অতি উপকাৰী
আন্তৰ্জাতিক যোগ দিৱসৰ বিষয়ে একলম
তিনিচুকীয়াত আৰক্ষীক ১৪ বছৰৰ কাৰাদণ্ড
গান্ধী পৰিয়াল আঁতৰিলেহে কংগ্রেছ চাফা হ'ব: মুখ্যমন্ত্ৰী
বাক্সাৰ দীঘেলীত আজিও সোঁৱৰে ৰাভাৰ স্মৃতি
অধিক ভয়াৱহ ৰূপ লৈছে ইৰান-ইজৰাইলৰ যুদ্ধই
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত