--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশত সমাজবাদী দল পৰাজিত হোৱাৰ পাছত শুকুৰবাৰে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে শাসকীয় বিজেপিক তীব্ৰ কটাক্ষ কৰে। উত্তৰ প্ৰদেশত ই ভি এম সম্পৰ্কে কেইবাটাও অভিযোগ আনিছে মমতা বেনাৰ্জীয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে ই ভি এমৰ ফৰেনচিক পৰীক্ষাৰ দাবী জনাইছে। উল্লেখ্য যে, মমতা বেনাৰ্জীয়ে নিজেই উত্তৰ প্ৰদেশত অখিলেশক যাদৱৰ হৈ প্ৰচাৰ চলাইছিল। সেই সময়ত মমতাই যোগী আদিত্য নাথৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছিল। এফালে, যেতিয়া বিজেপিৰ বিজয়ত উৎফুলিত হৈ পৰে সময়তে মমতা বেনাৰ্জীয়ে ই ভি এমৰ বিশ্বাস যোগ্যতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে। বেনাৰ্জীয়ে কয় যে, ‘২০১৭ চনৰ তুলনাত অখিলেশ যাদৱৰ দলৰ আসনৰ সংখ্যা বৃদ্ধি পাইছে যদিও উত্তৰ প্ৰদেশত ই ভি এমক লৈ পূৰ্বৰে পৰা অভিযোগ উত্থাপন হৈছে।’ অখিলেশ যাদৱক লৈ উত্তৰ প্ৰদেশত ভোট বিভাজন কৰা হৈছে, মমতা বেনাৰ্জীয়ে দাবী কৰে। তেওঁ লগতে কয় যে, ‘ই ভি এমৰ ফৰেনচিক পৰীক্ষা কৰা উচিত।’ ‘উত্তৰ প্ৰদেশত এতিয়ালৈকে কোনো ইভিএমৰ নিৰাপত্তা ব্যৱস্থা কৰা হোৱা নাই। একে সময়তে, মমতা বেনাৰ্জীয়ে বিজেপিৰ বিকল্প হিচাপে কংগ্ৰেছৰ নিৰ্ভৰযোগ্যতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে। তেওঁ লগতে কয় যে, ‘কংগ্ৰেছৰ ওপৰতো জনসাধাৰণে নিৰ্ভৰ কৰিব নালাগে। সকলো আঞ্চলিক দলে একেলগে কাম কৰিব লাগিব, তেতিয়াহে দেশৰ প্ৰগতি হ’ব।’ Bidang fighting championship banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন